কিতাপৰ কথা
এখন কিতাপ মানুহৰ জীৱনৰ সৰ্বোত্তম লগৰীয়া হ'ব পাৰে। মানুহে মানুহক ঠগিব পাৰে, বিশ্বাসঘাতকতা কৰিব পাৰে। কিন্তু এখন কিতাপে কেতিয়াও তেনেকুৱা নকৰে। ক'বলৈ গ'লে কিতাপ এজন ব্যক্তিৰ জীৱনৰ বিশ্বস্ত আৰু সুহৃদ বন্ধু, যিয়ে চিৰকাল ব্যক্তিজনৰ কাষতে থাকি তেওঁক জীৱনৰ বিভিন্ন দুখ-দুৰ্দশা, কষ্ট-পংকিলতাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় দিব পাৰে। জীৱনটো কেনেকৈ সুচাৰুৰূপে আগবঢ়াই নিব লাগে সেই বিষয়ে আমি কিতাপৰ পাতত বহুত কথাই বিচাৰি পাম। কিতাপ জীৱনটোক উপভোগ কৰাৰ বাবে এক উৎকৃষ্ট সম্বলস্বৰূপ।
মানুহৰ জীৱনৰ সৌন্দৰ্যবৰ্ধনকাৰী অলংকাৰস্বৰূপ এখন কিতাপ। যিয়ে বিশ্ব সভ্যতাত যুগ যুগ ধৰি পুঞ্জীভূত হৈ থকা নানা তথ্য, জ্ঞানৰ সম্ভাৰ, নানা ঘটনা-পৰিঘটনাৰে সমৃদ্ধ ইতিহাসৰ আচ্ছাদনেৰে আমাক আচ্ছাদিত কৰি ৰাখে। কিতাপে আপোনাক-মোক লৈ যাব পাৰে এখন কেতিয়াও কল্পনা কৰি নোপোৱা অনন্য পৃথিৱীৰ মাজলৈ, য'ত আপুনি সন্ধান পাব জীৱনৰ সুখ, আশা-ভৰসা, হেঁপাহ, সপোন, আনন্দ, উৎসাহ, উদ্দীপনা, প্ৰাপ্তিৰ এটি ভৰুণ টোপোলাৰ। হাজাৰটা হুমুনিয়াহ, চিন্তা, দুখ-বেদনা, অৱসাদগ্ৰস্ততাৰ মাজতো জীৱনটোক কেনেকৈ আমি আগুৱাই নিব পাৰিম তাৰ এক সুনিশ্চিত সমাধান এখন কিতাপৰ পাততে বিচাৰি পোৱা যাব। কিতাপে আপোনাক-মোক দিব প্ৰচ্ছন্ন সুখৰ সন্ধান। ব্যস্ততাময় জীৱনৰ পৰা খন্তেক আঁতৰি আহি এবাৰ আপুনি কিতাপৰ বিশাল সাগৰখনত অৱগাহন কৰি চাওক। ক্ৰমান্বয়ে আপুনি নিজে নিজে আপোনাৰ অজ্ঞাতে সেই সাগৰৰ অতল গহ্বৰলৈ গতি কৰি গৈ থাকিব। আৱিষ্কাৰ কৰিব পাৰিব জীৱনৰ নানানটা জটিল সত্যৰ। কিতাপ নামৰ সাগৰতলিত জিলিকি থকা মাণিক-মুকুতাস্বৰূপ প্ৰতিটো শব্দ, প্ৰতিটো বাক্যই আপুনি বিচাৰি থকা বিভিন্ন প্ৰশ্নৰ উত্তৰ হিচাপে আপোনাৰ সন্মুখত ধৰা দিব। নানা জটিলতাৰ মাজতো কিতাপে আপোনাৰ জীৱনটোক সহজ কৰি তুলিবলৈ এটা মসৃণ পথৰ সন্ধান দিব। কিতাপৰ মায়াময় পৃথিৱীখনত এবাৰ প্ৰৱেশ কৰাৰ পাছত তাৰ মোহ এৰিব পৰাটোও সহজ নহয়।
প্ৰথিতযশা অসমীয়া সাহিত্যিক হোমেন বৰগোহাঞিদেৱে কৈছে যে, "শৰীৰৰ নিচিনাকৈ মানৱ মনেও নিয়মিতভাৱে আহাৰ গ্ৰহণ কৰিবলৈ নাপালে ই এদিন পংগু হৈ পৰিব পাৰে, ই চিন্তাশক্তি হেৰুৱাই পেলাব পাৰে।" শৰীৰৰ তৃপ্তি সাধনৰ লগতে আমি আমাৰ মনটোৰ তৃপ্তি সাধনৰ বাবেও চিন্তা কৰিব লাগিব। আৰু মনৰ তৃপ্তি সাধনৰ বাবে কিতাপতকৈ আন কিবা উৎকৃষ্ট আহাৰ থাকিব পাৰে বুলি ক'ব পৰা নাযায়। আমি কিতাপ অধ্যয়নৰ যোগেদি আমাৰ মনটোৰ তৃপ্তি সাধন কৰিবলৈ যত্নপৰ হ'ব লাগিব। শৰীৰৰ লগতে মনটোকো আহাৰৰ যোগান ধৰিবলৈ আমি কিতাপ পঢ়াটোৱেই হিতকৰ হ'ব। মনৰ তৃপ্তি অবিহনে বিবিধ ব্যঞ্জনেৰে নিতৌ আহাৰ গ্ৰহণ কৰিলেও আমি প্ৰকৃত সুখৰ পৰা বঞ্চিত হ'ব লাগিব।
কিতাপ হৈছে মানুহে আৱহমান কালৰে পৰা কৰি অহা নানা চিন্তা-চেতনাৰ এক স্তূপীকৃত ৰূপ। মানুহে জীৱন কালত লাভ কৰা নানা অভিজ্ঞতা, চিন্তা, অনুভৱ বা উপলব্ধিৰ এক সু-সংহত ৰূপত প্ৰকাশ ঘটে এখন কিতাপৰ মাজত। সেইবোৰে পৰৱৰ্তী প্ৰজন্মক ভৱিষ্যতৰ বাটত নিষ্কন্টকভাৱে আগবাঢ়ি যোৱাত প্ৰচুৰ পৰিমাণে উৎসাহ, অনুপ্ৰেৰণা আৰু সঞ্জীৱনী শক্তিৰ যোগান ধৰে। সেয়ে মানুহে দৈনন্দিন জীৱনত কিতাপ পঢ়িবলৈ অভ্যাস গঢ়ি তুলা উচিত। মানুহে নিজৰ জীৱনটোক মেৰামতি কৰিবলৈ কিতাপ পঢ়াটো অতীব প্ৰয়োজন। গতিকে হে' সুহৃদ পাঠকবৃন্দ, আঁহক আমি প্ৰতিদিনে অন্ততঃ আধা ঘন্টাৰ বাবে হ'লেও কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলোঁ।
✍️ অবিনাশ বৰা
দেৰগাঁও, গোলাঘাট
ফোনঃ৮৮২২৩১৩০১৯
To get famous novel of Anuradha Sarma Pujari, Mamoni Roisom Goswami, famous books of A P J Abdul Kalam, Homen Borgohain etc. CLICK HERE