দুখৰ মাজতো আনন্দৰ চকুলো
এখন গাঁও আৰু এটা পৰিয়াল। পৰিয়ালটো দি
যথেষ্ট সুখী আছিল। মাক, দেউতাক, মৌচুম আৰু মৌচুমী। তেওঁলােকে অতি সুখেৰে জীৱন-যাপন কৰিছিল। কিন্তু তেওঁলােকৰ ইমান সুখ ভগৱানৰ সহ্য নহ'ল। হঠাৎ এদিন মৌচুম আৰু মৌচুমীৰ অতি মৰমৰ দেউতাকে সিঁহত দুয়ােকে এৰি থৈ কোনােবা অজান দেশলৈ গুচি গ’ল। দেউতাক ঢুকুৱাৰ পাছত সিঁহতৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছিল।দেউতাক ঢুকুৱাৰ পাছৰ পৰাই কোনেও সিহঁতক ভাল ব্যৱহাৰ বা ভাল চকুৰে চোৱা নাছিল।ফলত তেওঁলােকে অতি কষ্টৰে দিন অতিবাহিত
কৰিছিল। মাকে লােকৰ ঘৰত দিন হাজিৰা কৰি
সিঁহত দুয়ােকে পটুৱাইছিল। দুয়াে অভাৱ-অনাটনৰ মাজতে ডাঙৰ-দীঘল হ’বলৈ ধৰিলে আৰু পঢ়ি-শুনি ডাঙৰ হৈ সিঁহত দুয়ােটা এসময়ত মহাবিদ্যালয়লৈ গল। কিন্তু সিহত পঢ়ি-শুনি ডাঙৰ মানুহ হােৱাৰ কথাটো ওচৰ-চুবুৰীয়াসকলে সমুলি ভাল পােৱা
নাছিল। সিঁহত দুয়ােকে কিছুমান চকু চৰহা লােকে সমালােচনা কৰিবলৈ ধৰিলে। কিন্তু সিহতে সেইবােৰ কথাত অকনাে গুৰুত্ব নিদিলে। সেইবােৰলৈ কাণ নকৰি সিহতে একান্তমনে নিজৰকৰ্তব্য কৰি গৈছিল।
এসময়ত মৌচুমএজন ডাক্তৰ আৰু মৌচুমী ইঞ্জিনিয়াৰ হ’ল।
এদিন সিহঁতৰ জন্মভূমি ৰংপুৰ গাঁৱলৈ উলটি আহিল। তেনেতে গাঁৱত মহামাৰী
কলেৰা ৰােগে দেখা দিলে। তাৰােপৰি ভূমিকম্পয়াে ঘৰ-দুৱাৰ সকলাে ভাঙি চুৰমাৰ কৰিলে। তেতিয়া মৌচুমে নিজৰ গাঁৱতে চেম্বাৰ খুলি চিকিৎসা কৰিবলৈ আৰম্ভ কৰিলে আৰু মৌচুমীয়ে ঘৰ-দুৱাৰ সজাৰ পৰামৰ্শৰ লগতে দুই-এপদ বস্তুও যােগান ধৰিলে। আৰু সময়ত গােটেই গাঁওবাসী ৰােগৰ পৰা মুক্ত হৈ পৰিল৷ অৱশেষত গাঁওবাসীয়ে সিঁহতৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰিলে। তেতিয়া সিঁহত দুয়ােটাই কলে যে— আমি আপােনালােকতকৈ বহুগুণে সৰু। গতিকে আপােনালােকে আমাৰ মাৰ
ওচৰত ক্ষমা বিচাৰকগৈ, আৰু সিহতৰ কথা শুনি। গাঁওবাসীয়ে সিহতৰ মাককগৈ তেওঁলােকৰ ভুলৰ বাবে ক্ষমা বিচাৰিলে।
গােটেই গাঁওবাসীক মৃত্যুৰ পৰা বচোৱা
আৰু ঘৰ-দুৱাৰ সজাৰ পৰামর্শ দিয়াৰ বাবে সিহতক ৰাষ্ট্রপতিয়ে পুৰস্কৃত কৰিলে। যেনেদৰে গাঁওবাসীয়ে এদিন সিঁহতক ঘৃণাৰ চকুৰে চাইছিল ঠিক তেনেদৰেই আজি গাঁওবাসীয়ে সিহতক আকোঁৱালী ললে। তেতিয়াইমাকৰ ইমান দুখৰ মাজতাে আনন্দৰ চকুলাে
ওলাল। কাৰণ যেনেদৰে এদিন গাঁওবাসীয়ে
তেওঁলােকক গাঁৱৰ পৰা বহিষ্কাৰ কৰিছিল ঠিক
তেনেকৈয়ে আজি সেই গাঁওবাসীৰ বাবে সিহতেই
ত্রাণকর্তা হৈ পৰিল ।
✍️ হিমাশ্ৰী শৰ্মা
© 2013 Himashree Sarma