শৈশৱ
ধূলি বালিৰ খেলা পখিলাৰ পাছত দৌৰা
আজি বাৰু পৰেনে মনত,
তৰা ভৰা নিজম নিশা আইতাৰ মুখত শুনা
সাধু আজি বাজেনে কাণত।
আইৰ হাতত ধৰি থুনুক থানাক খোজ কাঢ়ি
দিছিলা যে খোজ প্ৰভাতি পুৱাত,
দেউতাৰ পিঠিত উঠি ঘোঁৰাৰ লেকাম ধৰি
চেকুৰ মেলিছিলা সোণৰ ঘোঁৰাত।
চিপ চিপ বৰষুণত কাগজৰ নাও সাজি
মেলিছিলা নাও শৈশৱৰ কোবাল নদীত
সোণালী শৈশৱ আজিযে অতীত হ'ল
ক্লান্তিবিহীন সময়ৰ কোবাল গতিত।
সোণালী শৈশৱ আজি বাৰু পৰেনে মনত
তৰাভৰা নিশাৰ নিজান পৰত,
এৰি অহা সোণালী অতীত বিচাৰিলে পাবা আজি
সাঁচি থোৱা স্মৃতিৰ কাৰেং ঘৰত।
©️ ২০২১ N J Bitu Kalita