পাত
✍️মিতালী গোস্বামী
এখিলা পাত
পাতখিলাৰ এফালে লিখা আছিল তেজীমলা
আৰু আনফালে
শকুন্তলাৰ নাম৷
মাত্ৰ এখিলা পাতৰ
মাজ সিৰাই
সদাগৰ পিতাই
আৰু ৰজা দুষ্মন্তৰ
বুকুৰ বাট ৷
সেউজীয়াৰ পৰা
হালধীয়াহৈ হাউলি পৰাৰ
হেঙুল বাট ৷
মোৰ বুকুৰ এটা স্মৃতি
আৰু তোৰ বুকুৰ এটা
স্মৃতিৰ পানী যুঁৱলিয়া বাট
ঘাটৰ বাট
হাতৰ বাট
সাধুৰ কঁকালত
ভেজাদি
আমি লাও হৈ ফুলাৰ
লতাহৈ বগোৱাৰ
আঙুঠি হেৰোৱাৰ
নদীৰ নাট ৷
মাত্ৰ এখিলা সৰি পৰা
শুকান পাত ৷
উৰি নাযাবি অ’ পাত
ৰৈ যা ৰৈ যা
আমাৰ মনৰ গহন কোণত
সেউজ আশাৰ
স্বপ্ন ভৰা
দিনৰ দস্তাবেজ হৈ
তেজিমলাৰ পিতাইৰ শপত
শকুন্তলাৰ আই মেনকাৰ শপত
ৰৈ যা সময়ৰ গাত ৷
পাত পাত এখিলা
মাত্ৰ পাত ৷
©️ 2021 Mitali Goswami