উপলব্ধি


তৃষাৰ সৰুকালৰ কথাবােৰ ভাবিলে তাইৰ
এতিয়াও চকুকেইটা চলচলীয়া হৈ পৰে। দেউতাকে ওচৰৰ বাগান এখনত এটা সৰু চাকৰি কৰিছিল। এদিন হঠাতে দেউতাক বেমাৰত পৰি মৃত্যু হ’ল। দেউতাকৰ মৃত্যুত
তৃষা আৰু তাইৰ মাক অকলশৰীয়া হৈ পৰিল। নানান সমস্যায়ে দেখা দিলে। দেউতাক থাকোতে সিহঁতৰ পৰিয়ালটো ভালদৰেই চলি আছিল। দেউতাকে তৃষাৰ পঢ়া-শুনাৰ কাৰণে অলপ টকা বেংকত সাঁচি থৈছিল। মাকেও সেইখিনি তাইৰ পঢ়া-শুনাৰ বাবদ খৰছ কৰিছিল। মাকৰাে
ইচ্ছা তাইক ডাঙৰ মানুহ কৰা। সেয়ে পইচাকেইটা অন্য কোনাে কামতে খৰচ নকৰিলে। খােৱা-বােৱা যােগাৰ কৰিবলৈ মাকে ওচৰৰ মানুহৰ ঘৰত কাম বন কৰিছিল।
তৃষাৰ কিতাপ পত্র যােগাৰ কৰি দিব পাৰিছিল        যদিও এযােৰ কাপােৰ ফাটিলে পুনৰ নতুন এযােৰ কিনিবলৈ পইচা নাছিল। এবাৰ তৃষাৰ স্কুললৈ পিন্ধি যােৱা ফ্রকটো ফাটিল। নতুন ফ্রক এটা কিনি দিবলৈও মাকৰ হাতত পইচা নাছিল।
সেয়ে তাই ফটা ফ্রকটোকে পিন্ধি স্কুললৈ গ'ল। তাই ফটা ফ্ৰকটো স্কুললৈ পিন্ধি যােৱা দেখি স্কুলত লগৰ ল'ৰা-ছােৱালী বিলাকে ফিটা চোলাকে পিন্ধি আহিছে’বুলি তাইক জোকাবলৈ ধৰিলে? তৃষাৰ চকুপানীৰে চকু চলচলীয়া
হৈ গ'ল। স্কুল ছুটীৰ পিছত ঘৰলৈ আহি তাই মাকৰ আগত সকলাে কথা বিৱৰি কোৱাত মাক আৰুতাইদুয়াে আৱেগিক হৈ পৰিল।
২১ ফেব্ৰুৱাৰী। সেইদিনা আছিল দেওবাৰ।
তৃষাৰ জন্মদিন। সেয়ে তাই আগদিনা লগৰীয়াবােৰক জন্মদিনলৈ মাতিলে লগৰীয়াবােৰ আছিল ধনীঘৰৰ।সেয়ে সিহঁতে তৃষাৰ জন্মদিন খাবলৈ ভাল পােৱা নাছিল।
সঁচাকৈয়ে কোনাে এজনীও তৃষাৰ জন্মদিনলৈ নাহিল। তাইৰ মাকে অতি আগ্ৰহেৰে ভগৱানৰ ওচৰত আগবঢ়োৱা মাহ-প্রসাদ, কল আৰু পায়স তেনেদৰে থাকি গ'ল। ইফালে
তৃষায়েও সকলাে আহিব আহিব বুলি আশাৰে বাট চাই -থাকিল। অৱশেষত কোনাে নহাত তৃষায়ে বৰ দুখ পালে। আৰু হুহুৰে কান্দিলে। তেতিয়া তাইক মাকে বুজালে,“সােণজনী, সিহঁত বহুত ধনী ঘৰৰ ল'ৰা-ছােৱালী। আমাৰ
দৰে দুখীয়াৰ ঘৰলৈ কিয় আহিব? সেইকথা চিন্তা কৰি দুখ নকৰিব। এই কথা সদায় মনত ৰাখিবা যে টকা-পইচা থাকিলেই মানুহ ডাঙৰ নহয়। মানুহক ডাঙৰ কৰে পঢ়া-শুনা আৰু জ্ঞানেহে। সেই কাৰণে তুমিও আজিৰে পৰা
ভালদৰে পঢ়া-শুনা কৰি তােমাৰ লগৰীয়াবােৰক দেখুৱাই দিয়া মানুহৰ সন্মান ক'ত আছে? টকা-পইচাত নে শিক্ষাত?”
       তৃষাই মাকৰ কথাবােৰ মন দি শুনিলে আৰু
সেইদিনাৰে পৰা মন দৃঢ় কৰি পঢ়া-শুনা কৰিবলৈ ধৰিলে।আৰু মনতে জেদ ধৰিলে যে তায়াে এদিন পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব আৰু সিহঁতৰ দৰে ধনী হ'বলৈ চেষ্টা কৰিব।
সেইবাৰ সিহঁতৰ স্কুলত তৃষায়ে বছেৰেকীয়া
সাহিত্য প্রতিযােগিতাত অংশগ্ৰহণ কৰি স্বৰচিত কবিতা’ত প্রথম স্থান পালে আৰু পঞ্চম শ্রেণীৰ পৰা ষষ্ঠ শ্রেণীলৈ পাওঁতে প্রথম স্থান লাভ কৰিলে। তৃষায়ে ভাল-ৰিজাল্ট কৰা দেখি লগৰবােৰে তাইক আকোঁৱালী ধৰিলে।
লগৰীয়াসকলে তেতিয়াহেবুজিলে যে ধনৰ বলেৰে মানুহক জুখিব নােৱাৰি। মানুহক জুখিব পাৰি মানুহৰ সজ গুণৰ মাজেৰেহে।
 
                                                ✍️পম্পী নেওগ





©All Rights Reserved


Next Post Previous Post
No Comment
Add Comment
comment url