ৰঙালী বিহুঃ অতীতৰ পৰা বৰ্তমানলৈকে

 ইতিহাসে ঢুকি নোপোৱা কালৰে পৰাই বৃহত্তৰ অসমীয়া সমাজখনক হিন্দু-মুছলমান, জাতি-উপজাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতাৰ এনাজৰীৰে বান্ধি ৰখা বিহু অসমৰ জাতীয় ঐতিহ্যৰ প্ৰাণ স্পন্দন স্বৰূপ। বিহু নাথাকিলে অসমীয়া বুলি নিজক পৰিচয় দিয়াৰ থলেই বা ক'ত? বিহুৰ মাজতেই প্ৰতিফলিত হয় বৈচিত্ৰ্যময় অসমীয়া জাতীয় জীৱনৰ সাতামপুৰুষীয়া ঐতিহ্য, সংস্কৃতি তথা পৰম্পৰাৰ নিখুঁত চানেকি। বছৰৰ তিনিটা বিহু- ৰঙালী, কঙালী আৰু ভোগালীয়ে অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য আৰু পৰম্পৰাৰ মাজেৰে সমগ্ৰ অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰি ৰাখিছে। সেয়ে বিহুক জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়া দায়বদ্ধ হোৱাটো উচিত।

তিনিটা বিহুৰ ভিতৰত চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ হোৱা ৰঙালী বিহুতেই সমাহাৰ ঘটে ৰং-ৰহইচ, উৎসাহ, উদ্দীপনাৰ। ৰঙালী বিহুয়ে অসমীয়া জনজীৱনলৈ বোৱাই লৈ আনে উচাহৰ সুৰীয়া ঢল। কঢ়িয়াই আনে অযুত আশা, হেঁপাহ, সপোন, প্ৰাণ প্ৰাচুৰ্যৰ এটি ভৰুণ টোপোলা। মানুহৰ অবাধ প্ৰকৃতি ধ্বংস যজ্ঞৰ মাজতে ফাগুনৰ শুষ্ক লঠঙা গছ-গছনিৰ প্ৰাণত সঞ্জীৱনী সুধা ঢালি বসন্তৰ কুঁহি-কোমল সেউজীয়াৰ বোকোচাত উঠি সংগোপনে-সন্তৰ্পণে ব'হাগ নামি আহে বসুধাৰ বুকুলৈ। ফলে-ফুলে জাতিষ্কাৰ ব'হাগৰ ভৰুণ লগ্নতে উদযাপিত হয় অসমীয়াৰ হিয়াৰ আমঠু আদৰৰ ৰঙালী বিহুটি। ৰঙালীৰ ৰঙত উদ্বাউল হয় কৃষিজীৱী অসমীয়া ৰাইজ। বিহুনাম, ঢোল-পেঁপা-গগনাৰ মাদকতা ভৰা সুৰৰ ৰাগিত মতলীয়া হয় অসমীয়া মানুহ। ব'হাগ অসমীয়া বছৰৰ প্ৰথম মাহ। ব'হাগতে অসমীয়া নতুন বছৰৰ আৰম্ভ হয়। নতুনক আদৰাৰ ভৰপূৰ সময়ত অসমীয়া মানুহ ৰঙত বুৰ যায়। পাহৰি যায় পুৰণি বছৰৰ দুখ-দুৰ্দশা, কষ্টকৰ অৱসাদগ্ৰস্ততাৰ কথা। নতুনকৈ চিন্তা কৰাৰ সময় ব'হাগেই। ব'হাগে আনি দিয়া প্ৰাণ প্ৰাচুৰ্যতাৰ মাজতে চহা অসমীয়াই ন-কৈ কৃষিকৰ্মৰ শুভাৰম্ভৰ কথাও চিন্তা কৰে। ব'হাগে অসমীয়াৰ বুকুত সঞ্চাৰ কৰে প্ৰচুৰ কৰ্মোদ্যম, কৰ্মশক্তিৰ চেতনা। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভাষাত-

"বʼহাগ মাথোঁ এটি ঋতু নহয়

নহয় বʼহাগ এটি মাহ

অসমীয়া জাতিৰ ই আয়ুস ৰেখা

গণ জীৱনৰ ই সাহ।"

ৰং-ৰহইচ, গীত-নৃত্যৰ অপূৰ্ব সমাহাৰেৰে ভৰপূৰ ব'হাগতে পালন কৰা ৰঙালী বিহুৰ মাজতেই উদ্ভাসিত হয় অসমীয়া জাতিৰ বৰ্ণিল তথা নিৰ্ভেজাল সংস্কৃতি আৰু হিন্দু-মুছলমান প্ৰভৃতি সকলো জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ অতুলনীয় চানেকি। যিয়ে যিয়ে যুগ যুগৰ পৰা সমগ্ৰ অসমীয়া জাতিসত্তাকেই মহীয়ান কৰি ৰাখিছে। ৰঙালী বিহুৰ প্ৰতিটো ৰীতি-নীতি, পৰম্পৰাৰ মাজতে পৰিস্ফুট হয় অসমীয়াৰ নিজস্ব আৰু নিভাঁজ ঐতিহ্যৰ ধাৰা। ৰঙালী বিহু অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী মানুহৰ উমৈহতীয়া উৎসৱ। যিহেতু অসমৰ সভ্যতা, সংস্কৃতি কৃষিৰ গৰ্ভতেই গঢ় লৈ উঠিছিল, গতিকে অসমৰ জাতীয় উৎসৱ বিহুটিও কৃষিৰ লগত জড়িত উৎসৱ বুলি তাত কাৰো সন্দেহ থাকিব নালাগে। অসমীয়া মানুহ মূলতঃ কৃষিজীৱী। কৃষিকৰ্মৰ যোগেদিয়েই অসমীয়াই গঢ়ি তুলিছে অসম দেশৰ সৰ্বকালৰ জাতীয় ঐতিহ্যৰ পৰিচায়ক এক সুকীয়া সভ্যতা আৰু সংস্কৃতিক। সেই সভ্যতা আৰু সংস্কৃতিৰে অবিচ্ছেদ্য অংগ হৈছে বিহু উৎসৱ। অসম ভূমিত আদিৰে পৰা বসবাস কৰি অহা আলপাইন, অষ্টিক, মংগোলীয় আদি কোনোবা এটা জনগোষ্ঠীৰ মাজতে হয়তো কৃষিকৰ্মৰ শুভাৰম্ভণিৰ আগে আগে গীত-নৃত্য, আনন্দ-স্ফূৰ্তি কৰাৰ মাধ্যমেৰে বিহু উৎসৱে জন্ম লাভ কৰিছিল বুলি ধাৰণা কৰিব পৰা যায়। আৰু পৰৱৰ্তী সময়ত ই বিভিন্ন সময়ত অসমলৈ প্ৰবজন কৰি অহা আৰ্য-অনাৰ্য আদি প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজলৈ সম্প্ৰসাৰিত হৈ গীত-নৃত্য, উচাহ-উদ্দীপনা, স্বকীয় ৰীতি-নীতিক বুকুত সাবটি ডালে-পাতে পৰিপূৰ্ণ হৈ শিপাৰ পৰা একেবাৰে কাণ্ডলৈকে উৎপত্তি, বিৱৰ্তন আৰু ৰূপান্তৰৰ পথেৰে ভৰি থৈ আজিৰ পৰ্যায় পাইছেহি। সংস্কৃতি বোৱতী নৈৰ দৰে। এইষাৰ চিৰাচৰিত কথা। আৱহমান কালৰে পৰা সংস্কৃতিয়ে নানা পথৰে আগবাঢ়ি গৈ গৈ বিৱৰ্তন আৰু ৰূপান্তৰক আকোঁৱালি লৈছে সময়ে সময়ে। কেতিয়াবা বিৱৰ্তন আৰু ৰূপান্তৰৰ ধামখুমিয়াত সংস্কৃতিৰ স্ককীয় ৰূপটোত ঘূণেও নধৰা নহয়। অৱক্ষয়ো ঘটে সংস্কৃতিৰ কোনোবা এটা কোণত। কিন্তু সময়ৰ সোঁতত সি আকৌ প্ৰৱহমান নৈৰ দৰেই বৈ গৈ এটা জনসমষ্টিৰ মাজত মিলি যায় আৰু সিয়ে সেই জনসমষ্টি বা জাতিটোৰ ঐতিহ্য আৰু স্বকীয়তাক ধৰি ৰখাত প্ৰভূত অৰিহণা আগবঢ়াই। এয়া স্বাভাৱিক।

আমাৰ তিনিটা বিহুৰ অন্যতম ৰঙালী বিহুটিয়েও বিৱৰ্তন আৰু ৰূপান্তৰৰ মাজেদিয়েই নানা ৰূপ পৰিগ্ৰহণ কৰি আজিৰ অৱস্থা পাইছেহি। ৰঙালী বিহুৰ উৎপত্তি ক'ত, কেনেকৈ আৰু কেতিয়া হৈছিল সেই বিষয়ে সঠিক সমল এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই যদিও এই কথা ন দি ক'ব পাৰি যে ৰঙালী বিহুৰ আছে এটা দীঘলীয়া ইতিহাস আৰু স্বকীয় বৈশিষ্ট্য, যিয়ে অসমীয়া জাতীয় জীৱনৰ বক্ষস্থলত জীয়াই থকাৰ প্ৰচুৰ প্ৰেৰণা শক্তিৰ যোগান ধৰি জাতিটোক সঞ্জীৱিত কৰি ৰাখিছে। ৰঙালী বিহুক মাধ্যম কৰিয়েই জাতিটোৰ মাজতে স্তূপীকৃত হৈ থকা ভিন ভিন ভাষা-ভাষী, ধৰ্ম-বৰ্ণ, বেশ-ভূষাৰ মানুহে গঢ়ি তুলিছে ঐক্য-সংহতিৰ যাউতিযুগীয়া সেতু, যাক ভৰ কৰিয়েই জাতিটোৱে জীয়াই থকাৰ সংগ্ৰামখনক আগুৱাই নিছে।

কোনোবা এটা যুগতে কৃষিকৰ্মৰ প্ৰাৰম্ভণত কৰা ৰং-ৰহইচ, উচাহ-উদ্দীপনাৰ গৰ্ভত বসন্তকালীন এক কৃষি উৎসৱ হিচাপে জন্ম লাভ কৰা বিহুটিয়ে এটা সময়ত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমূহীয়া উৎসৱত পৰিণত হয়। বৃহৎ অসমীয়া মহাজাতিক স্বকীয়তা প্ৰদান কৰি এটা অনন্য জাতিসত্তা হিচাপে জীয়াই ৰখাত এই জাতিৰ নিভাঁজ লোকসংস্কৃতিসমূহৰ অৱদান অপৰিসীম। এই বৃহৎ অসমীয়া লোকসংস্কৃতিৰে অবিচ্ছেদ্য অংগ ৰঙালী বিহুটি জাতিটোৰ আচলৰ ধন, একপ্ৰকাৰ পৈতৃক সম্পত্তি স্বৰূপ আৰু সেয়ে হয়তো "বাপতি-সাহোন" অভিধাৰে অভিহিত হৈ ৰঙালী বিহুটি ব্যাপক উচাহৰ মাজেৰে অসমীয়া সমাজত উদযাপিত হৈ আহিছে।

সময়ৰ সোঁতত সংস্কৃতিৰ চিৰ শাশ্বত বিৱৰ্তন আৰু ৰূপান্তৰ প্ৰক্ৰিয়াৰ যোগেদি স্বাভাৱিক ধৰণেই ৰঙালী বিহুটিয়ে বৰ্তমানৰ ৰূপ পাইছে। এটা জনগোষ্ঠীৰ মাজত জন্ম লাভ কৰি পৰৱৰ্তী সময়ত অসমৰ আন আন ভূমিপুত্ৰ জাতি-জনগোষ্ঠীসমূহৰ সহযোগ, গ্ৰহণ, নানা ৰীতি-নীতি আৰু গীত-মাতৰ সংযোজন আৰু প্ৰচৰণৰ যোগেদি ৰঙালী বিহুয়ে এটা সুকীয়া ৰূপ ল'লে, যিটো আজিৰ অৱস্থাত বৰ্তি থকা দেখা পাইছোঁ। বসন্ত মানেই প্ৰকৃতি-পুৰুষ একপ্ৰকাৰ আকাশ-পৃথিৱীৰ মিলন লগ্ন। ফাগুনৰ ধূসৰতাই শুকান, নিৰস আৰু নিৰ্জীৱ কৰি থৈ যোৱা প্ৰকৃতিয়ে বসন্তৰ চুম্বনত অধীৰ অপেক্ষাৰে বাট চাই থাকে এজাক বৰষুণলৈ। একপ্ৰকাৰ প্ৰকৃতিয়ে আকাশৰ লগত মিলনৰ বাবে উদ্বাউল হৈ পৰে। মিলনবাসনাত অধীৰ-উন্মাদ শুকান প্ৰকৃতিৰ গছ-বিৰিখে য'ত-ত'ত ছটিয়াই দিয়া ৰসহীন সৰাপাতৰ বুকুতে যেতিয়া বসন্তৰ প্ৰথমজাক বৰষুণৰ এটি এটি টোপালে আহি সংগপোনে ভৰি থয়, তেতিয়াই প্ৰকৃতি আৰু আকাশৰ মিলন হয়। আকাশৰ পৰা সৰি পৰা বৰষুণৰ টোপালে প্ৰকৃতিৰ বুকুত মৃত সঞ্জীৱনীৰ সঞ্চাৰ কৰে আৰু লগে লগে প্ৰকৃতি হৈ পৰে সন্তানসম্ভৱা মাতৃৰ দৰে। বসন্তৰ পৰশ পাই গছ-গছনীৰ লঠঙা ডালত কোঁহ মেলা কুঁহিপাতে প্ৰকৃতিক কোমল সেউজীয়াৰ আচ্ছাদনেৰে ঢাকি পেলাই। ফাগুনৰ ধূলিৰ ওৰণি গুচাই সেউজীয়াৰ আৱৰণ পিন্ধা প্ৰকৃতিয়ে ন-কইনাৰ ৰূপত ফলে-ফুলে জাতিষ্কাৰ হৈ উঠে। আমে মলিয়াই, কঁঠালে মুচি পেলাই। কপৌ-তগৰ ফুলৰ আমোলন সুবাসে চৌদিশ সুবাসিত কৰি পেলাই। প্ৰকৃতিৰ বুকুত অংকুৰিত হয় নতুনৰ বীজ। দূৰ পাহাৰৰ কুলি-কেতেকীয়েও ভৈয়ামলৈ নামি আহি উচাহৰ গীত জুৰে। বসন্তৰ গানেৰে চৌদিশ গুঞ্জৰিত হয়। আৰু তাৰ মাজতেই পোৱা যায় ব'হাগৰ আগমনৰ বতৰা। বসন্তৰ এনে মনোমুগ্ধকৰ পৰিৱেশে সকলোৰে মন-প্ৰাণ বিমোহিত কৰে লগতে মানৱ মনত যোগান ধৰে প্ৰচুৰ কৰ্মশক্তিৰ। কৃষিকৰ্ম আৰম্ভৰ বাবে এয়াই উপযুক্ত সময়।

বসন্ত ঋতু আৰু ব'হাগ মাহৰ এই সময়ৰ যি এক সুকীয়া মাদকতা তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। কোনোবা অসমীয়া ডেকা-গাভৰুৰ বুকুৰ নিভৃত কোণত কেতিয়াবাৰে পৰাই পুঞ্জীভূত হৈ থকা এক অজান অনুভূতি বসন্তৰ এই মনোমোহা পৰিৱেশতে জাগ্ৰত হৈ উঠে। ডেকা-গাভৰুৰ মনত জাগি উঠে এক অচিন-অজান পুলক। তাৰ প্ৰকাশ ঘটে বসন্ত ঋতুতে উদযাপিত ৰঙালী বিহুৰ মাজত। অসমীয়া ডেকা-গাভৰুৰ মনত সোমাই থকা প্ৰেম-ভালপোৱাই স্থায়ী ৰূপ লোৱাৰ উত্তম সময়টোৱেই হৈছে ৰঙালী বিহু। ডেকা-গাভৰু দুয়োৰে মনত দুয়োৰে প্ৰতি কেনেকুৱা মৰম-ভালপোৱা, আকৰ্ষণ আছিল তাৰ বহিঃপ্ৰকাশ ঘটিছিল বসন্তৰ প্ৰথমজাক বৰষুণে ধুৱাই থৈ যোৱা কেঁচা মাটিৰে উজ্জীৱিত উদং পথাৰৰ বিহুতলীত, বৰতলত, বিহুনাম আৰু বিহুনাচৰ মাজত, বিহুঢোলৰ চাপৰত। ব'হাগে প্ৰেম আবেদনৰ বাবে এনে এটা পৰিৱেশ আনি দিয়ে, য'ত চেনাইটিয়ে চেনেহীৰ খোপাত আলফুলীয়া কপৌপাহ গুজি দি আৰু চেনেহীয়ে মাহ ধৰি তাঁতশালত বৈ উলিওৱা ভমকাফুলীয়া বিহুৱানখন চেনাইৰ কান্ধত পিন্ধাই দিয়াৰ পাছতে বিহুতলীতে যুগ্মজীৱনৰ পাতনি মেলিছিল।

ব'হাগৰ ৰঙত উন্মাদ হৈ পৰা যৌৱনোদীপ্ত ডেকা-গাভৰুৰ মৰ্মস্থলত প্ৰেমৰ ঢল বয়। বিহুতলীত বিহুৱা ডেকাই গাই-

"বিহু মাৰি থাকিবৰ মন ঐ লাহৰী

বিহু মাৰি থাকিবৰ মন

বিহু মাৰি থাকোঁতে পলুৱাই নিনিও‍ঁ তোক

ভৰিব লাগিব ধন।" কিন্তু তথাপিও

ব'হাগত বিহুতলীৰ পৰাই গাভৰু নোহোৱা হৈ যোৱাটো সাধাৰণ কথাই আছিল। বিহু মাৰি থকাৰ মাজতে প্ৰেমাসক্ত ডেকাটিয়ে বিহুতলীৰ পৰাই মনৰ পছন্দৰ গাভৰুজনীক কোনোবা পাকত থপিয়াই পলুৱাই নিয়া নজিৰ আগৰ দিনত সহজ আছিল। উদং পথাৰত নাইবা বৰগছৰ তলত ডেকা-গাভৰুৱে গোৱা নিভাঁজ বিহুনামৰ মাজতে একপ্ৰকাৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ঘটিছিল ইজনে সিজনৰ প্ৰতি থকা আকুল প্ৰেম, মৰম-ভালপোৱা তথা আনুগত্যৰ। সেই বিহুনামৰ মাজত দুয়োৰে মনত সোমাই থকা দৈহিক বাসনাৰ কথাটোও প্ৰকাশ পাইছিল। ডেকা-গাভৰুৰ বিহুনাচৰ বিভিন্ন অংগী-ভংগীৰ মাজতো তাৰ এক ইংগিত পোৱা যায়। ডেকা-গাভৰুৱে প্ৰেম আদান-প্ৰদানৰ সুৰত আৰু দৈহিক মিলনৰ ইংগিত বহন কৰি গোৱা সেই বিহুনাম আৰু নাচৰ মাজতেই প্ৰকাশ পাইছিল পথাৰৰ মাজৰ নাইবা গছতলৰ বিহুৰ বৈশিষ্ট্য।

সেয়া আছিল অতীতৰ বিহুৰ এখন বিশেষ আৰু নিভাঁজ ছবি। তাৰ পাছত পথাৰৰ মাজৰ, গছতলৰ এই বিহুৱে এটা সময়ত আহোম স্বৰ্গদেউৰ চোতাল পাইহি। ইতিহাস অনুসৰি ১৭০৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অনুগ্ৰহত পথাৰ আৰু গছতলৰ ডেকা-গাভৰুৰ বিহুৱে ৰংঘৰৰ মজিয়া পাই। ৰাজকীয় মৰ্যাদা লাভৰ যোগেদি বিহুৱে ৰংঘৰৰ বাকৰিত ৰজাৰ মনত ৰং দিয়াৰ মাধ্যমত পৰিণত হয় আৰু তাৰ পৰাই হয়তো ব'হাগ মাহত উদযাপিত এই বিহুৱে "ৰঙালী বিহু" নাম পাইছিল বুলি ক'ব পৰাৰ থল আছে।

"ৰংঘৰৰ পদূলি উদুলি মুদুলি

আহিলে ৰঙৰে বেলা

ঢোলৰ মাত ধিনিকি ধিনদাও ধিনদাও

ৰঙালী বিহুৰে মেলা।"

তাৰ পাছৰ পৰাই ৰঙালী বিহুৱে অন্যান্য ৰাজবিষয়া, ডা-ডাঙৰীয়াসকলৰ চোতালতো ঠাই পাইছিল আৰু লাহে লাহে ই সৰ্বসাধাৰণ অসমীয়া মানুহৰ চোতাললৈয়ো আহিল হুঁচৰিৰ ৰূপত। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰাই একেবাৰে সৰ্বসাধাৰণ অসমীয়া মানুহৰ ঘৰতো হুঁচৰি বিহু গোৱাৰ পৰম্পৰা আৰম্ভ হ'ল বুলি কোৱা হৈছে। এই বিষয়ে ড° লীলা গগৈৰ ৰচনাত পঢ়িবলৈ পোৱা যায়-"ডেকা-গাভৰুৱে কোনো নিদিৰ্ষ্ট ঠাইত সমবেত হৈ বিহু পাতিছিল। কিন্তু অসমত আহোম ৰাজত্বৰ সময়তে ই এটা নতুন ৰূপত দেখা দিয়ে। তেতিয়ালৈকে মানুহৰ চোতালে চোতালে গৈ হুঁচৰি গোৱাৰ নিয়ম নাছিল। হুঁচৰি দলে আলিবাটেদি ঢোল-পেঁপা বজাই গৈছিল আৰু ঘৰৰ গৃহস্থই পদুলি মূৰলৈ গৈ মাননী এটা দি সেৱা কৰিছিল আৰু ৰাইজে আশীৰ্বাদ দিছিল। পাছত ৰজাৰ ৰাজকাৰেঙলৈ গৈ হুঁচৰি গাই শুভেচ্ছা জনোৱাৰ নিয়ম উলিয়ালে। তাৰ পাছত ই ডা-ডাঙৰীয়া, বা-বিষয়ালৈ নামি গ'ল। ক্ৰমান্বয়ে ই সকলোৰে চোতালে চোতালে হুঁচৰি গোৱা ৰীতিত পৰিণত হ'ল।" এনেকৈয়ে সংস্কৃতিৰ স্বাভাৱিক বিৱৰ্তন আৰু ৰূপান্তৰৰ স্তৰ অতিক্ৰমি পথাৰৰ মাজত, গছৰ তলত ডেকা-গাভৰুৰ প্ৰেম আদান-প্ৰদানৰ মাজেদি গোৱা বিহুৱে স্বৰ্গদেউৰ ৰাজকাৰেঙলৈকে গুচি আহি সৰ্বসাধাৰণ অসমীয়া ৰাইজৰো চোতাল পাইগৈ। হুঁচৰিত গাভৰুসকলৰ বাবে স্থান নাছিল। আমাৰ ককা-আইতাহঁতৰ মুখত শুনিবলৈ পোৱামতেই আজিৰ পৰা ছয়-সাত দশকৰ আগলৈকে গৃহস্থৰ চোতালত গোৱা বিহু বা হুঁচৰিত গাভৰু নাচনীক ঠাই দিয়া হোৱা নাছিল। গাভৰু আৰু গাঁৱৰ আন আন জীয়ৰী-বোৱাৰীসকলে পৃথককৈ "জেং বিহু" মাৰিছিল। কিন্তু বিহুৰ সেইৰূপতো পৰৱৰ্তী সময়ত নতুনত্বৰ প্ৰভাৱ পৰিল। কালক্ৰমত গৃহস্থৰ চোতালত গোৱা বিহুত গাঁৱৰ ডেকা-বুঢ়াসকলৰ লগতে জীয়ৰী-বোৱাৰীসকলেও অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। এতিয়া হুঁচৰিত পুৰুষৰ সমানে সমানে যুৱতীয়েও নাচিব পৰা হ'ল। প্ৰকৃতাৰ্থত হুঁচৰিয়ে গাঁৱৰ বুঢ়া-মেঠা, ডেকা-গাভৰু, আবাল-বৃদ্ধ-বনিতাৰ সমূহীয়া ৰং-ৰহইচৰ এক মাধ্যমত পৰিণত হ'লগৈ। এই ৰূপতেই হুঁচৰিৰ উজনি আৰু মধ্য অসমত বৰ্তমানেও প্ৰচলন আছে। বিশেষকৈ উজনি অসমত ৰঙালী বিহু বুলিলে এই হুঁচৰিয়েই আকৰ্ষণৰ কেন্দবিন্দু। অৱশ্যে নামনি অসমৰ ফালে হুঁচৰিৰ জনপ্ৰিয়তা বৰ বেছি নাই বুলিয়ে ক'ব লাগিব। তাত আঘোণ মাহৰ পূৰ্ণিমাত হুঁচৰিৰ দৰেই মানুহৰ ঘৰে ঘৰে গৈ ম'হখেদা উৎসৱ হিচাপে "মহোহো" পালন কৰা দেখা যায়।

পথাৰৰ বিহুৱে আহি গৃহস্থৰ চোতালত ভৰি দিয়ালৈকে বিহুৱে তাৰ মৌলিকতা আৰু স্বকীয়তাক সম্পূৰ্ণ নিভাঁজ আৰু অক্ষত ৰূপতেই ধৰি ৰাখিব পাৰিছিল। কিন্তু ঘূণে ধৰে বিহুৱে আধুনিক মঞ্চত ভৰি দিয়াৰ পাছতেই। ঊনৈশ শতিকাৰ শেষভাগতে ব্ৰিটিছৰ শাসন চলি থকা অৱস্থাতে অসমত অস্থায়ী মঞ্চ পাতি ৰঙালী বিহু পালন কৰাৰ এটা নতুন পৰম্পৰাৰ আৰম্ভ হয়- যাক "মঞ্চবিহু" বুলি আখ্যা দিয়া হৈছে। কোনোৱে কয় যে অসমৰ প্ৰথমখন মঞ্চবিহু গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত ৰাধাগোবিন্দ বৰুৱাৰ নেতৃত্বত ১৯৫৪ চনত অনুষ্ঠিত হৈছিল। আনহাতে আৰু এটা চামে কোৱা অনুসৰি গোলাঘাট জিলাৰ ঢেকীয়ালৰ বেটিয়নিতহে ১৯৩৪ চনত অসমৰ প্ৰথমখন মঞ্চবিহু অনুষ্ঠিত কৰা হয়। তাৰ পাছত ১৯৩৫ চনত দেৰগাঁৱত, ১৯৪১ চনত শিৱসাগৰত আৰু ১৯৫৪ চনত লতাশিল খেলপথাৰত মঞ্চবিহু উদযাপন হয়। বিহু সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ স্বাৰ্থত এই মঞ্চবিহু বা বিহু সন্মিলনসমূহৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰি। কিন্তু ঐতিহ্য আৰু স্বকীয় বৈশিষ্ট্যৰ বিৰুদ্ধে গৈ আমি অসমীয়াৰ আদৰৰ বিহু সংস্কৃতিক বিশ্বৰ আগত তুলি ধৰিব নোৱাৰিম। সাম্প্ৰতিক সময়ত অসমৰ চুকে-কোণে অনুষ্ঠিত হোৱা এই বিহু সন্মিলনবোৰত ৰঙালী বিহুৰ প্ৰকৃত মৰ্যাদা আৰু মৌলিকতাৰ বিভিন্ন ক্ষেত্ৰত দুখ লগা ধৰণে অৱক্ষয় ঘটিছে। ব'হাগ মাহ আৰম্ভ হোৱাৰ লগে লগে একেবাৰে জেঠৰ মাজভাগলৈকে এই বিহু সন্মিলনবোৰ অনুষ্ঠিত হোৱা দেখা পাওঁ। এয়া সংস্কৃতি নে অপসংস্কৃতি? সংস্কৃতি ৰক্ষাৰ নামত বিহু সন্মিলন অনুষ্ঠিত কৰি ৰাতি দুপৰলৈকে তাত বিহুনামৰ পৰিৱৰ্তে বিহুসুৰীয়া কিছুমান বেপেৰুৱা গান-বাজনা আৰু পশ্চিমীয়া সংস্কৃতিৰ পোহাৰ মেলি নিৰ্ভেজাল অসমীয়া সংস্কৃতিত আঘাত হনাটো উচিত হৈছেনে? হিন্দীগীতৰ তালে তালে আজিকালি বিহু সন্মিলনবোৰত কিছুমান অশ্লীল নৃত্য পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। এইবোৰ কিমান গ্ৰহণযোগ্য? তাক বিচাৰ কৰি তাৰ সংশোধন ঘটাবলৈয়ো আগবাঢ়ি অহাটো সচেতন অসমীয়া হিচাপে আমাৰে কৰ্তব্য নহয় জানো? বিহু নাথাকিলে অসমীয়া বুলি নিজক পৰিচয় দিম কি বুলি? বিহুবিহীন অসমীয়া জাতিৰ কথা কল্পনাও কৰিব নোৱাৰি। গতিকে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ হেঁপাহৰ ৰঙালী বিহুৰ নিজস্ব বৈশিষ্ট্য আৰু স্বকীয়তাক সম্পূৰ্ণ নিভাঁজ আৰু অক্ষত ৰূপত জীয়াই ৰাখিবলৈ বদ্ধপৰিকৰ হোৱাটো সময়ৰ আহ্বান হিচাপে পৰিগণিত হৈছে।

✍️অবিনাশ বৰা

দেৰগাঁও, গোলাঘাট

ফোন‍ঃ৮৮২২৩১৩০১৯

©️ 2021 Abinash Bora


Next Post Previous Post
No Comment
Add Comment
comment url