সপোন
সােণালীপুৰ নামৰ এখন গাওঁ আছিল, যিখন গাঁৱত ৰতন নামে এজন খেতিয়কে বাস কৰিছিল। তেওঁলােকৰ ঘৰত তিনিটি মাথােন সন্তান। তেওঁ, পত্নী ৰমলা আৰু তেওঁলােকৰ একমায় কনা সন্তান প্রিয়া তেওঁলােকে বেচ সুখেৰেই দিনবােৰ পাৰ কৰিছিল।
কিন্তু তেওঁলোকৰ সুখৰ সংসাৰলৈ নিয়তিয়ে দুখ কঢ়িয়াই আনিলে।হঠাতে এটা বৰ ডাঙৰ বানপানীত গােটেই গাওঁখন উটি গ'ল। ৰতনৰো খেতি-বাতি, ঘৰ-দুৱাৰ সকলাে বান পানীয়ে উটুৱই নিলে। তেওঁলােকৰ মানুহকেইটা কথমপি প্রাণভিক্ষা কৰি আশ্রয় শিবিৰত থাকিল। দুই তিনিমাহ মানৰ পাছত তেওঁলােকে পুনৰ নিজে এটা ঘৰ বনায় আৰু তাতে নতুন জীৱন আৰম্ভ কৰে। প্রিয়াও লাহে লাহে ডাঙৰ হৈ আহিল আৰু ভৱিষ্যতৰ সপোন দেখিবলৈ ল'লে। তাইৰ সপােন আছিল ভাঙৰ হৈ এগৰাকী ভাল ডাক্তৰণী হোৱাৰ,যাতে দুখিয়া লােকক বিনা পইছাত চিকিৎসা কৰি সহায় কৰিব পাৰে।
নিয়তিয়ে তেওঁলোকৰ সংসাৰলৈ পুনৰ দুখ কঢ়িয়াই আনিলে। কোনাে অচিন ৰোগত ৰতনৰ মৃত্যু হল। ফলত পৰিয়ালৰ পানীত হাহ নচৰা অবস্থা হ'ল। কাৰণ ঘৰখনৰ মুল উপার্জনকাৰী মানুহজনেই নোহােৱা হৈ গ'ল। তেওঁৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰাৰ বেদনাত ৰমলাক চিন্তাই বেঢ়ি ধৰিলে আৰু নানা বেমাৰো হ’বলৈ ধৰিলে।। ঘৰৰ অৱস্থা লাহে লাহে দুর্বল হৈ আহিল আৰু উপযুক্ত চিকিৎসাৰ অভাৱত এদিন ৰমলাও মৃত্যু মুখত পৰিল। প্রিয়া একেবাৰে নিঠৰুৱা হৈ পৰিল। ঘৰৰ আত্মীয় স্বজন কোনাে নোহোৱাত তাই সম্পৰ্কীয় মামাকৰ ঘৰলৈ গ'লগৈ।
মামাকৰ ঘৰত আৰম্ভ হ'ল প্রিয়াৰ আন এটা জীৱন। মামাক মানুহজন ভাল, তাইক মৰম আদৰ কৰে, পঢ়াৰ খা-খবৰ লয়, কিবা নােবাৰিলে শিকায় দিয়ে। কিন্তু মামীয়েকগৰাকী ভাল মানুহ নহয়। প্রিয়াক সমূলি ভাল নাপাই। দেখিবকে নোৱাৰে। তাই তালৈ যোৱাৰ দিনৰে পৰা ভাত বন্ধা, ঘৰ সৰা, বাচন ধােৱা, কাপােৰ ধােৱা, পানী অনা ইত্যাদি যাৱতীয় কাম তাই কৰিব লাগে। তাৰোপৰি মামাক নথকাৰ সুযােগ লৈ তাইক কেতিয়াবা মাৰ ধৰ কৰে। তাই কিন্তু সকলাে মনে মনে সহি সামৰি থাকে।তাই যে সপােন আছে ভালকৈ পঢ়ি ডাক্তৰ হোৱাৰ। লাহে লাহে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ওচৰ চাপি আহিল। তাই দিনত পঢ়িবলৈ সময় কম হোৱাৰ কাৰণে ৰাতি সকলাে শােৱাৰ পাছত পঢ়ে। পৰীক্ষা হৈ দিন বাগৰি এদিন ফলাফলাে ওলাল। তাই সকলাে বিষয়তে লেটাৰ নম্বৰ সহ জিলাখনৰ ভিতৰত প্ৰথম হৈছে। তাই ভাল ফলাফলৰ বাবে জিলা প্ৰশাসনে তাইৰ পঢ়াৰ সকলো দায়িত্ব লয়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ তাই ডাক্তৰ পঢ়ে আৰু এগৰাকী ভাল তথা উপযুক্ত ডাক্তৰৰ ডিগ্রী লৈ সুখ্যাতিৰে উত্তীর্ণ হয়। তাইৰ এই সফলতাত ঘৰখন, সমাজ তথা জিলা প্রশাসনে গৌৰৱবোধ কৰে।
বহু কষ্টৰ বিনিময়ত তাইৰ মনৰ আশা পূৰণ হল। সঁচাকৈয়ে প্রিয়াৰ মাক-দেউতাকে বিচৰাৰ দৰে আৰু তাই দেখা সপোনৰ দৰেই তাই নিজকে এগৰাকী সফল ডাক্তৰ হিচাপে নিজকে প্রতিষ্ঠা কৰিব পাৰিলে। সেয়ে প্রিয়াও খুব সুখী।
✍️মঞ্জুশ্ৰী বৰা