মহান বিজ্ঞানী আইনষ্টাইনৰ ৰসাল কাহিনী
"এইটো এটা গৰু"। প্রাথমিক বিদ্যালয়ৰ শিক্ষক জন তেওঁৰ শ্ৰেণীৰ এটা সৰু ল'ৰাক আঙুলিয়াই দেখুৱাই ক'লে। বেচেৰা ল'ৰাটোৱে আমন-জিমনকৈ বহি থাকিল নিজৰ ঠাইত।তালৈ চাই খঙেৰে চাই শিক্ষকজনে আকৌ ক'লে, অতি সাধাৰণ কথা এটাও এই গৰুটোৰ মুৰত নােসােমায়। কেনেকৈ সি ভেবা লাগি চাই আছে চোৱাচোন। শিক্ষক শ্রেণীৰ আনবোৰ ল'ৰাক সেই ল'ৰাটোলৈ চাবলৈ ক'লে। শিক্ষকে আকৌ সেই ল'ৰাটোক ক'লে— 'মই টোক এটা প্রশ্ন কৰিছিলাে। অনুগ্রহ কৰি তই এতিয়া বােবা হৈ নাথাকি উত্তৰ দিব পাৰিবিনে ?'শ্ৰেণীৰ ল'ৰাবােৰে সেই ল'ৰাটোক শাস্তি দিয়া চাবলৈ ৰৈ থাকিল। কিছু সময় শিক্ষক জন সেই ল'ৰাটোলৈ পোন্দোৱাকৈ চাই ৰ'ল। তাৰ পাছত খঙেৰে আদেশ দিলে- "থিয় হ। এতিয়াই শ্ৰেণীৰ পৰা ওলাই আৰু দুপৰীয়ালৈকে 'হল' ঘৰটোত থিয় হৈ থাক।" ল'ৰাটোৱে ভাৱিলে যে তাত দুঘণ্টা থিয় হৈ থাকিলে ঠেৰেঙা লাগিম। কিন্তু শিক্ষকৰ অদৰকাৰী আৰু অভং প্রশ্নৰ উত্তৰ দি থকাতকৈ, 'হল' ঘৰত থেৰেঙা লগাতো বহুত ভাল।আচলতে কিন্তু শিক্ষকৰ প্রশ্নৰ উত্তৰ নিদিও বুলি এই ল'ৰাটোৱে মনে মনে থকা নাছিল,প্রশ্নৰ লগে লগে উত্তৰ দিয়াটো সেই ল'ৰাটোৰ বাবে সম্ভৱ নাছিল।
এইজনা শিশুৱেই হৈছে আপেক্ষিকতাবাদৰ আৱিষ্কাৰক, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পদাৰ্থবিদ হিচাপে গণ্য কৰা মহান বিজ্ঞানী এলবার্ট আইনষ্টাইন। তেখেতৰ জন্ম হয় ইউৰোপৰ জার্মান দেশৰ মিউনিক মহানগৰৰ পৰা প্ৰায় ১৫৫ কিমি. নিলগৰ উলম্ নামৰ ঠাইত ১৮৭৯ চনৰ ১৪ মার্চত। তেখেতে স্কুলতগৰু নাম পাওঁতে বয়স মাত্র আছিল ছয় বছৰ। দহ বছৰ বয়সত এলবাৰ্টক লুইপোল্ড জিমনাচিয়াত ভৰ্তি কৰোৱা হ'ল। কিন্তু স্কুলৰ সময়খিনি এলবার্টৰ কাৰনে বৰ আমনি লগা
হল। ঘৰৰ পৰা বৰ্ডিঙত থাকি পঢ়িবলগা হোৱাটোও এলবাৰ্টে ভলপােৱা নাছিল। এলবার্টে এটা নিয়ম বা সূত্র বাৰে বাৰে লিখিবলৈ দিয়াটো বেয়া পাইছিল৷বুৰঞ্জীৰ ইমানবােৰ চন,তাৰিখ আদি মনত ৰখাৰ প্ৰয়োজন নাই বুলি ভাৱিছিল। এলবাৰ্টে কিয় হয়, কেনেকৈ হয় আদি ধৰণৰ প্রশ্ন কৰি শিক্ষকক বিৰক্ত কৰিছিল। এদিন এজন শিক্ষকে এলবার্টক মাতি আনি কলে-- "এনে নীতি বিৰুদ্ধ কাম স্কুল নচলে। তুমি শ্রেণীত অদৰকাৰী প্রশ্নবােৰ সােধা বন্ধ কৰিবা নহলে তুমি স্কুল এৰি যাব লাগিব।
অবশেষত তেওঁ সেই স্কুল এৰি আহিবলগীয়া হ'ল। ১৮৯৫ চনত এলবার্ট চুইজাৰলেণ্ডৰ জুৰিক চহৰৰ কাৰিকৰ বিষয়ত উত্তীর্ণ হৈ সেই বিদ্যালয়ৰ পৰাই স্নাতক ডিগ্রী লাভ কৰে। তাৰ পাছত তেখেতে মিলেভামিৰে নামৰ সুন্দৰী তৰুণী এগৰকীক বিয়া কৰায়।
১৯০৫ চনত বিজ্ঞান সাহিত্য এখন আলােচনী "অন দি ইলেক্ট্রোডায়নামিকচ্ অব্ মুভিং বডিচ" (On the Electrodynamics of Moving Bodies) শীৰ্ষক আইনষ্টাইনৰ ৩০ পৃষ্ঠাযোৰা এটি দীঘল প্রবন্ধ প্রকাশ পাইছিল।
এই প্রবন্ধৰ পাছতে "ৰিলেটিভিটি ডি স্পেচিয়েল এণ্ড জেনেবেল থিয়ৰী" নামেৰে আন এটি তথ্যপূর্ণ প্রবন্ধ প্রকাশ হয়। তেখেতৰ এই প্রবন্ধটোৱে আপেক্ষিকতাবাদ নামৰে সর্বজনবিদিত হয়। ১৯২১ চনত আধুনিক বিজ্ঞানলৈ তেওঁ আগবঢ়োৱা এই অবদানৰ বাবে পদার্থবিজ্ঞানৰ নোবেল পুৰস্কাৰৰে সন্মানিত কৰা হয়। ১৯২৪ চনত তেওঁ জার্মান বিশ্ববিদ্যালয়ত অধ্যাপকৰ চাকৰিত সােমায়, তাৰ কিছুদিনৰ পাছতেই তেওঁ প্রচিয়ান একাডেমিৰ সম্মানিত সদস্য নির্বাচিত হয়। তেখেতৰ গুণগ্রাহী বিজ্ঞানী সমাজৰ আমন্ত্ৰণ ইংলেণ্ড, ফ্রন্স, আমেৰিকা, চীন, জাপান, পেলেষ্টাইন আদি দেশ ভ্রমণ কৰে।
এবাৰ আইনষ্টাইন জাহাজত উঠিবলৈ ধৰা অৱস্থাত এজন বাতৰি কাকতৰ চিত্রশিল্পীয়ে খৰখেদাকৈ আইনষ্টাইনক দেখুৱাই এটা অটোগ্রাফ বিচাৰিলে। কিন্তু আইনষ্টাইনে ইতস্ততঃবোধ কৰিলে। কিয়নাে তেখেতে ৰেখাচিত্র বেয়া পাইছিল। তেখেতে ভাল পাইছিল খুহুতীয়া পদ্য। সেইবাবে সেই মুহূর্ততে তেওঁৰ মনলৈ অহা পদ্যৰ ভাৱতাে প্রতিৰােধ কৰিব নােৱাৰিলে। তেখেতে বাতৰি কাকতৰ চিত্র শিল্পীজনৰ পৰা পেনটো খুজি লিখিলে দা ফ্যাট, ওয়েল-চেটেড। পিগ ইউ চি প্রফেচাৰ আইনষ্টাইন পাৰপোর্টচ টু বি অর্থাৎ এই শকত- আবত, টেটুৰ গুৰিলৈকে খােৱা গাহৰি যে দেখিছে, তাক দেখাত আইনষ্টাইন যেন লাগিছ।এবাৰ আইনস্টাইন আপেক্ষিকতা তত্ত্ব বাখ্যা কৰিবলৈ কোৱাত তেওঁ কৈছিল যেতিয়া এজন মানুহে এগৰাকী মৰমলগা গাভৰুৰ ওচৰত এক ঘণ্টা সময় বহে, তেওঁৰ এক মিনিট সময় বহা যেন লাগিব; কিন্তু যদি তেওঁক এটা গৰম ষ্টভৰ ওপৰত এক মিনিট বহিবলৈ দিয়া হয় তেন্তে তেওঁৰ এক ঘণ্টাতকৈও বেছি সময় বহা যেন লাগিব, সেইটোৱেই আপেক্ষিকতাবাদ।” এলবার্ট আইনস্টাইন আছিল এগৰাকী দার্শনিক, সংগীতপ্রেমী, এজন বিখ্যাত মানৱপ্রেমী আৰু শান্তিপ্রিয় লােক।যশস্যাৰ শিখৰত থকা কালত আইনষ্টাইনৰ নাম আছিল মানুহৰ মুখে মুখে এজন সহজ, সৰল, নিৰ অহংকাৰী ব্যক্তি হিচাপে তেওঁৰ ওপৰত অতি ভক্তি আৰু অতি শ্রদ্ধা বর্ষণ কৰাটো তেওঁ প্রায়ে বিৰক্ত হৈ কৈছিল, সকলোৱে মোৰ বিষয়ে আলােচনা কৰে অথচ মােক কোনােৱে বুজি নাপায়। ১৯৫৫ চনৰ ১৮ এপ্রিল ৰ দিনা ৭৬ বছৰ বয়সত এইগৰাকী মহান বিজ্ঞানী আইনস্টাইনে মৃত্যুবৰণ কৰি অমৰ হয়।
✍️অভিলাষ শৰ্মা
©All Right Reserved