পুন:মিলন


: সন্ধিয়াৰ ৰান্ধনি বেলিটোৱে ৰঙাকৈ যেন নীহাৰ দুগালত ৰং সানি থৈ যায়।নৈৰ পাৰৰ কহুঁৱাবোৰে হালি- জালি থকা দেখি মনটো ক'ৰবালৈ হঠাতেই উৰি গুচি যায়।জীৱনে ৰং সলোৱা আজি দুবছৰেই হ'ল।আপোন মানুহৰ সুঘ্ৰাণ বোৰে তাইক অকলশৰীয়া হৈ থকা সময়চোৱাত বৰকৈ আমনি কৰে।

: বা তই ইয়াত কি কৰি আছ অকলে অকলে বহি ?
: নাই অমি...কেতিয়াবা এনেদৰে নৈৰ পাৰত বহি সৌন্দৰ্য্য বোৰ উপভোগ কৰি খুবেই ভাল লাগে।
: বা...মই বুজিছো।তোৰ অন্তৰৰ কথাবোৰ।
: কেতিয়াবা নিজকে বৰ অকলশৰীয়া লাগে অমি।
: বা...সেইবাবেই মোৰ বিয়াৰ কথা ভাৱিলে বৰ ভয় লাগে।
: নাই অমি...তেনেকৈ নকবিচোন।মোৰদৰে তোৰ জীৱনটো একে নহবওটো পাৰে।
: বিয়াৰ পাছত সকলোকে আদৰ সাদৰ কৰি ৰান্ধি খুৱাবলৈ ভাল পাইছিলো।কোনো আপত্তি নকৰাকৈ কিবা অভাব হ'লেও নোকোৱাকৈ থাকি গৈছিলো।কাৰণ আমাৰ এই ঘৰখনতকৈ তেওঁলোক যথেষ্ট চহকী আৰু উচ্চ শিক্ষাৰে শিক্ষিত আছিল।মোৰ দৰে এজনী সাধাৰণ ছোৱালীয়ে কাম কৰি ভাগৰি পৰাৰ বাহিৰে মুখেৰে মাতিব পৰা ক্ষমতা নাছিল।
: ভালদৰে এসাঁজ খুৱাবলৈ মই চোন ঘৰৰ কাকোৱে মাতিব নোৱাঁৰিলো।কথাবোৰে বুকুৰ মাজত খুন্দা মাৰি ধৰে।
: আৰু বা তোৰ যে বৌ জনী আছিল...
তেওঁ কেনে আছিল...
: দীঘলকৈ হুমুনিয়াহ এটা কাঢ়ি ...
: অমি...তেওঁৰ আচল চৰিত্ৰটোৰ কথা মোৰ বাহিৰে কোনেও জনা নাছিল।
: কিন্তু...
: কিন্তু ...কি বা...
: মোৰ গাঁত কলংক সানি তেওঁ নিজকে সতী বুলি পৰিচয় দি অভিৰ পৰা সকলো সুবিধা পূৰণ কৰিছিল।মই এই কথাবোৰ ঘৰত কবলৈ সাহস কৰা নাছিলোঁ।কাৰণ মই জানো যে মোৰ কথাবোৰ মিছা বুলি প্ৰমাণিত কৰিব।সেয়ে নিজেই আঁতৰি আহিলোঁ।
: অভিয়ে যদি এদিন মোক মনত পেলাই নিজৰ ভুল বোৰ শুদ্ধৰাব পাৰে।তেতিয়াও হয়তো মই পুণৰ সেইখন ঘৰলৈ উভতি যাম।নহলে গোটেই জীৱনটো মা- দেউতাক দুখী কৰি এই খন ঘৰত গোটেই জীৱন থকাটোও মোৰ বাবে অশান্তি হ'ব।
: বা নবৌ জনী ইমান বেয়া হ'ব পাৰে বুলি মই ভবাই নাছিলোঁ।
: অমি মই যিদিনা বজাৰলৈ বুলি যাওঁতে অভিক লগ ধৰিও নিব নোৱাঁৰিলো।মই অতি সোনকালেই ঘূৰি আহি নিজৰ শোৱনি কোঠাত দুয়োকে আচৰিত ধৰণেৰে দেখা পাইছিলোঁ।তেতিয়া মোৰ আৰু বুজিবলৈ একোৱেই বাকী থকা নাছিল।
: কথাখিনি কৈ তাই শুকশুককৈ কান্দিবলৈ ধৰিলে।
: হ'ব বা আজিহে তোৰ কথাখিনি জানিব পাৰিলোঁ।তই কিজানিবা সুধিলে মনত কষ্ট পাৱ...সেইবাবে তোক একো সুধা নাছিলোঁ।
: নহয় অমি...আজি মোৰ কথাবোৰ তোক কৈ দিয়াত মনটোৱে কিবা পাতল লাগি গৈছে অ।
: বা কথা পাতি থাকোতে বহু দেৰিয়েই হ'ল চোন।অলপ আন্ধাৰ হলেই...আৰু অলপদিন দেৰি হলে মা আহি নৈৰ কাষ পাবহি।
: বেগেতে বল এতিয়া...
: বা মনত ৰাখিবি এদিন তহঁত দুয়োৰে পুন:মিলন হ'বই আৰু নবৌৱে নিজে ভুল স্বীকাৰ কৰিবই ।কিমান দিন সত্য লুকাই থাকিব।
: বা ...ব'ল ব'ল এতিয়া কথা পাতি থাকিলে শেষেই নহব আমাৰ।
: ব'ল যাওঁ...আকৌ বেলেগ এদিন পাতিম।

©Dipty Nath 2021
Next Post Previous Post
No Comment
Add Comment
comment url