শংকা


ৰাতিপুৱাৰে পৰা নয়নৰ দেউতাক সুৰেনে কিবা চিন্তা কৰি আছে। যোৱা কালি কথাটো শুনিছিল। সুৰেনৰ এখন সৰুকৈ চাইকেল মেৰামতি কৰা দোকান আছিল। দোকানৰ ওচৰতে ইজনে সিজনে কথাটো পাতিছিল। কথা বুলিলেই বতাহ। এনেকৈ কথাটো বহল হৈ গল। তাতে বন্ধৰ কথা যদি হয়, কেনেবাকৈ যদি গম পায় কাইলৈ অসম বন্ধ। তেতিয়াটো আৰু কথাই নাই, কিছুমান মানুহৰ গা সাতখন-আঠখন কৰে, কাৰণ অফিছলৈ যাব নালাগে ঘৰতে জিৰণি লৈ থাকিব। তেওঁলোক অফিচ নগলেও সংসাৰ চলিব কাৰণ মাহেকত দৰমহাটো পাব। কিন্তু খাটি খোৱা মানুহখিনিহে চিন্তা কৰিব লগীয়া হয়। সুৰেনে মনতে ভাবিলে আমিতো কাম কৰিয়েই খাব লাগিব। কালি দুখন চাইকেল মেৰামতি কৰি পোৱা পইচাৰে ৰাতি আৰু ৰাতিপুৱা সাজৰ বাবে চাউল আৰু দালিৰ যোগাৰ খিনি আনিছিল। যদি সচাকৈ অসম বন্ধ হয়, তেওঁৰো সৰু দোকানখন বন্ধ কৰিব লগীয়া হয়, তেন্তে তেওঁ কেনেকৈ খোৱাৰ যোগাৰ কৰিব, এই কথা ভাবি সুৰেনৰ চিন্তা আৰু বাঢ়িল। দুবছৰীয়া পুতেক নয়ন আৰু পাঁচবছৰীয়া জীয়েক ৰানু, সহজ-সৰল ঘৈণীয়েক সৰলাৰ মূখকেইখন চকুৰ আগত ভাহি উঠিল। বন্ধ হলে, সিহঁতৰ স্কুল বন্ধ থাকিব, সেয়েহে সিহঁত ঘৰত থাকিব লাগিব। সিহঁত লঘোণে থাকিব লাগিব এইবোৰ নানান চিন্তা কৰি থকা দেখা পাই নয়ন আৰু ৰানুই দেউতাকক সুধিলে, দেউতা কিয় মন মাৰি আছা। সৰলাইও ওচৰলৈ আহি সুধিলে কি হৈছে আপোনাৰ? একো হোৱা নাই ও, আজি বোলে কোনোবা সংগঠনে বন্ধ দিছে। দোকান খুলিব পাৰনে নাই ভাবি আছো। খৰধৰকৈ কিবা এটা খাই সুৰেন যাবলৈ ওলোৱাত ঘৈণীয়েকে কলে পৰিস্থিতি চাই লব, আজি কালি যিহে উদণ্ড ল'ৰা। সুৰেন দোকানলৈ গৈ থাকিল। ৰাস্তাত গাড়ী মটৰ একো নাই দোকান-পোহাৰ সকলো বন্ধ। কোনোবাই দুই এখন আধা খুলিছে। এজন মানুহ এখন চাইকেল ভাল কৰিব অনা দেখা পাই সুৰেনেও দোকান খুলি ভাবিলে চাইকেলখন ভাল কৰিব পাৰিলে দুশটকা মান পাব। লগে লগে সুৰেনে দোকান খুলি কামত ধৰিলে। অদূৰত হুলস্থুল শুনিলে, ঐ দোকান বন্ধ কৰ। আজি যে অসম বন্ধ নাজান, দোকান খুলিব আহিছ, কোনোবাজনে মাৰ বেটাক তেনেকৈ কব ধৰিলে। সুৰেনে কলে মোৰ ঘৰত চাউল পাত কোনোবাই দিব নেকি, মোৰ লৰ ছোৱালী শুকাই মৰিব। তেনেকৈ কোৱাত কোনোবাই মূৰত লাঠিৰে কোবোৱাত মূৰ ফাটি অচেতন হৈ পৰিল। ইফালে ঘৈণীয়েক, লৰা ছোৱালী দুটাক লৈ চিন্তা কৰিব ধৰিলে। গধূলি হল মানুহজন আহি পোৱা নাই। তেনেতে কোনোবাৰ বাহিৰৰত মাত পাই দৰ্জাখন খুলি সৰলাই দেখিলে বগা কাপোৰেৰে ঢাকি কোনোবাক তেওঁলোকৰ পদূলিৰে আনিছে কাপোৰ গুচাই সুৰেনৰ মুখখন দেখি সৰলা আৰু লৰা ছোৱালী দুটাই চিঞৰি মাটিত ধলি পৰিল।

Binita Talukdar

Next Post Previous Post
No Comment
Add Comment
comment url