মৰমৰ আই
পশ্চিম আকাশত বেলিটি ডুবিলে
সন্ধ্যাৰ আকাশত তৰা মই দেখিলে
অবুজ বেদনাই মোক আৱৰি ধৰে
ঘনে ঘনে মোৰ মনত পৰে
আই তোলৈ মোৰ মনত পৰে।
শৈশৱৰ দিনবোৰ আজিযে অতীত হ'ল
আশাৰ বালিঘৰ মোৰ ভাগি চিগি গ'ল।
তোমাৰ মোৰ প্ৰতিটো ক্ষণ সযতনে ৰাখিছোঁ মনত,
সোণোৱালী শৈশৱ আজি স্মৃতি হ'ল
সময়ৰ কোবাল সোঁতত।
মন যায় মোৰ আজি তোমাৰ বুকুত শুবলৈ,
আহিবা জানো আকৌ মোক মৰম দিবলৈ।
নিষ্ঠুৰ নিয়তিয়ে লৈ গ'ল তোমাক বহু দূৰলৈ
কাহিলি পুৱাতে মোক নিথৰুৱা কৰি থৈ।
তোমাৰ কোলাত জন্মলভি গৌৰাম্বিত হওঁ মই,
তোমাৰ কোলাতে আকৌ জনম পাওঁ যেন পুনৰ মই।
✍️ এন জে বিতু কলিতা
©️ 2021 N J Bitu Kalita