অসমী আই


শত সূৰুজৰ উজ্জল জ্যোতিৰে জ্যোতিষ্মান হৈ,
প্ৰকৃতিৰ শ্যামল মুগ্ধ বৰণ গাতে মেৰিয়াই লৈ,
যৌৱনদীপ্ত গাভৰুৰ দৰে এতিয়াও আছা ৰৈ,
জন্মভূমি মোৰ প্ৰাণৰো আপোন অ' মোৰ অসমী আই

পৰ্বত-পাহাৰ জান-জুৰি-নৈ বুকুতে সাৱটি লৈ,
গছ-লতিকাৰ শ্যামল সাজেৰে সাজোন কাচোন হৈ,
বিশ্বজুৰি তোমাৰ ৰূপৰ তুলনা পাবলৈ নাই,
জন্মভূমি মোৰ প্ৰাণৰো আপোন অ' মোৰ অসমী আই

তোমাৰ বক্ষতে মহালুইতখনিও চিৰকাল আছে বৈ,
নীলাচল শিখৰত মা-কামাখ্যাইও উঠিছে প্ৰাণ পাই,
ৰংঘৰ কাৰেংঘৰে সোণোৱালী অতীত আজিও সোঁৱৰাই
জন্মভূমি মোৰ প্ৰাণৰো আপোন অ' মোৰ অসমী আই

তোমাৰ লাবন্যক বিশ্বৰ বুকুত তুলিছে উজ্বলাই,
এশিঙি গঁড়ৰ ৰম্যভূমি মনোমোহা কাজিৰঙাই,
সিও জিলিকিছে বিশ্বৰ বুকুত অমূল্য ৰত্ন হৈ,
জন্মভূমি মোৰ প্ৰাণৰো আপোন অ' মোৰ অসমী আই

তোমাৰ কোলাত জন্ম লভি গৌৰাম্বিত হওঁ মই,
তোমাৰ কোলাতে আকৌ জনম পুনৰ পাওঁ যেন মই,
যেনেকৈ আছা তেনেকৈয়ে থাকিবা তেজাল গাভৰু হৈ,
জন্মভূমি মোৰ প্ৰাণৰো আপোন অ' মোৰ অসমী আই





✍️ এন. জে. বিতু কলিতা




©️ 2021 N J Bitu Kalita


Next Post Previous Post
No Comment
Add Comment
comment url