সাগৰত এখন জাহাজ⛵


বিশাল সাগৰৰ সুবিশাল জলৰাশিৰ মাজত
লঙ্গৰ বিহীন দিশহাৰা পালফুটা এখন জাহাজ
দিশভ্ৰষ্ট একমাত্ৰ নাবিক মই সেই জাহাজৰ।
সাগৰৰ ঢৌ আৰু ধুমুহাৰ সতে সংগ্ৰাম কৰি
লক্ষ্যত উপনীত হোৱাই একমাত্ৰ মোৰ লক্ষ্য জীৱনৰ।

তথাপিও,
সমুদ্ৰ সংগ্ৰামত মই যেন পৰিছো ভাগৰি
হেৰাইছে মোৰ জাহাজৰ লঙ্গৰ
হেৰাইছে মোৰ সমুখৰ দিশ।
বিশাল সাগৰৰ মাজত ৰৈ
চৌপাশে চাওঁ হেঁপাহেৰে
কিজানিবা দেখুৱেই
সাগৰৰ উপকূল।

কিন্তু,
উপকূলৰ পৰিবৰ্তে দেখিছো সাগৰৰ প্ৰকাণ্ড ঢৌ
শুনিছো সাগৰৰ প্ৰচণ্ড গর্জন,
ধুমুহা জাকেও যেন
বাধা দি কৈছে মোকেই
"আৰু বহু সংগ্ৰাম কৰিব লাগিব তই"

হয়,
মই জানো, বহু সংগ্ৰাম কৰিব লাগিব মই
আগবাঢ়িব লাগিব মই সাগৰৰ ঢৌৰ সতে নাচি নাচি
শুনিও নুশুনাৰ ভাও জুৰিব লাগিব
সমুদ্ৰৰ গর্জনৰ।

তেতিয়াহে,
মোৰ এই লংগৰ বিহীন জাহাজ এদিন
লাগিব পাৰত,
সিদিনাই সাৰ্থক হব মোৰ সংগ্ৰামী নাবিক জীৱনৰ।।





✍️ এন. জে. বিতু কলিতা
©️ 2021 N J Bitu Kalita





Next Post Previous Post
No Comment
Add Comment
comment url