মই এজনী ডেউকা ভগা পক্ষী
মই এজনী ডেউকা ভগা পক্ষী
আছোঁ পাৰ কৰি জীৱনৰ গতি,
যাওঁ শুদ্ধ নিয়ম-নীতিৰে চলি
কৰা নাই প্ৰকৃতিৰ কোনো ক্ষতি ।
জপিয়াই জপিয়াই গৈছোঁ আগবাঢ়ি
ৰাখিছোঁ কোনোমতে জীৱনটোক ধৰি,
নিজৰ সময়ৰ আহাৰ পানী বিচাৰি
আছোঁ বহু কষ্ট সহ্য কৰি।
কেটেপাৰ পৰা গুটি এটি আহি
দিলে মোৰ ডেউকা খন ভাঙি,
সেই পাষণ্ড জনে নাজানে আজি
মইযে আছোঁ সদায় নিৰবে কান্দি।
আমাৰ জীয়াই থকাৰ অধিকাৰ খিনি
আনৰ শক্তিৰে নিব নালাগে কাঢ়ি,
থাকিব লাগিব সকলোৱে জগতত বাচি
তেতিয়াহে আহিব প্ৰকৃতিৰ সৌন্দৰ্য বাঢ়ি।
কৰিছে ঈশ্বৰে এই জগতৰ সৃষ্টি
ৰাখিবলৈ সকলো জীৱকে সামৰি,
আনৰ ক্ষতি কৰিলে পায় শাস্তি
নালাগে যাব এই কথাষাৰ পাহৰি।
জীয়াই থকাৰ প্ৰকৃত নিয়ম-নীতি
দুই এজনে নাপায় ভালকৈ বুজি
ঈশ্বৰৰ সৃষ্টিত বাধা প্ৰদান কৰি
লয় জীৱনত নিজেই অভিশাপ খুজি।
✍️ শংকৰ দেৱ
দেৰগাঁও, গোলাঘাট
©️ 2021 Sankar Deva