চীনা পৰিব্ৰাজক হিউৱেন-চাং আৰু অসম ভ্ৰমণৰ কিছু কথা

 ✍️বীৰেশ্বৰ ৰাভা


এজন বৌদ্ধ ধৰ্মীয় চীনা পৰিব্ৰাজক

তথা এজন বিশ্ববিখ্যাত তীৰ্থযাত্ৰী হ'ল "হিউৱেন চাং। যিজনে ষোল্ল বছৰ কাল ধৰি ভাৰতত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থবোৰ সংস্কৃত ভাষাৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল। বৌদ্ধ ভীক্ষু ককায়েকৰ অনুপ্ৰেৰণাতে তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় আৰু মাত্ৰ তেৰ বছৰ বয়সতে তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৃষ্ট হয় বা শৰণাপন্ন হয়। তেখেতৰ জন্ম চীনৰ এটি শিক্ষিত পৰিয়ালত। ৬১৮ খ্ৰীষ্টাব্দত হেনান প্ৰদেশৰ গৃহযুদ্ধত তেখেত আৰু তেখেতৰ ককায়েক "চিচুৱান" পৰ্বতত শৰণাৰ্থী হৈছিল। সেই সময়ছোৱাতে তেখেতে বৌদ্ধ ধৰ্মৰ গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰে। সেই গ্ৰন্থবোৰত কিছু অসংযত কথাৰ বিমোৰত পৰাত তাৰে স্থানীয় পণ্ডিত এজনৰ পৰা কোনো মনে মিলা সমাধান নোপোৱাত ভাৰতবৰ্ষ ভ্ৰমণ কৰাৰ মন মেলে, কিজানিবা সমাধান বিচাৰি পায়েই। তেনেকৈয়ে পণ্ডিত চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ষোল্ল বছৰীয়া তীৰ্থযাত্ৰা আৰম্ভণি হয়।


৩৫০-৩৭৪ খ্ৰীষ্টাব্দৰ ৰাজত্বকালত পুষ্য বৰ্মাই প্ৰতিষ্ঠা কৰা বৰ্মা বংশৰ ত্ৰয়োদশ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ (ৰাজত্বকাল ৬০০-৬৫০ খ্ৰীষ্টাব্দ) ৰাজত্বকালত হিউৱেন-চাঙ কামৰূপ অৰ্থাৎ পুৰণি অসমলৈ আহিছিল। পুষ্য বৰ্মা শ্ৰীকৃষ্ণ যুগৰ ভগদত্তৰ বংশধৰ বুলি কোৱা হয় এই কাৰণৰ যে, কাৰণ তেখেতৰ বংশৰ তথ্যসমূহৰ নৰক বংশৰ নৰকাসুৰ, ভগদত্ত আৰু ব্ৰজদত্তৰ লগত সাদৃশ্য থকা দেখা যায়। ভাস্কৰ বৰ্মা, বৰ্মা বংশৰ এজন সুপ্ৰসিদ্ধ ৰজা নামে জনাজাত। তেখেত চিৰকুমাৰ আছিল বাবে উত্তৰাধিকাৰী কোনো নথকাত মৃত্যুৰ পিছত শালস্তম্ভই শালস্তম্ভ বা ম্লেচ্ছৰাজ বংশৰ প্ৰতিষ্ঠা কৰে। উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্দ্ধন বা শীলাদিত্য, কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক আছিল।


চীনা পৰিব্ৰাজক হিউৱেন চাঙ নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ চৰ্চাৰ বাবে ভাৰত ভ্ৰমণলৈ আহোঁতে ৬৪২-৪৩ খ্ৰীষ্টাব্দত ৰজা ভাস্কৰ বৰ্মাৰ আমন্ত্ৰণত অসমক এবাৰ দেখা কৰি যায়। তেতিয়া ৰজা ভাস্কৰ বৰ্মাৰ কনৌজৰ ৰজাৰ লগত মধুৰ সম্পৰ্ক গঢ়ি উঠাৰ হেতুকে তেখেতৰ ৰাজসভাৰপৰা হিউৱেন-চাঙক আমন্ত্ৰণত কোনো আঁচোৰ পৰা নাছিল। চীনা পৰিব্ৰাজকজনে অসমত ৰজাৰ সমতুল্য সেৱাত অতিথিৰূপত এমাহ কাল কটাইছিল। তেখেত ৰজাৰ অতিথি সেৱাত সন্তষ্ট হৈছিল। সেই এমাহ কালতে দেখি পোৱা পুৰণি অসমৰ ভৌগোলিক আৰু জীৱন-যাত্ৰাৰ বিষয়ে কিছু কথা লিখি থৈ যায়।


তেখেতৰ লিখনিৰপৰা জানিব পৰা যায় যে তেখেতে পূবে ৫৮০কি:মি: অৰ্থাৎ পুন্দ্ৰবৰ্দ্ধনাৰ পৰা ডাঙৰ এখন নদী কৰতোয়া পাৰ হৈ পুৰণি অসম "কামৰূপ"ত প্ৰৱেশ কৰিছিল। নদীখনক তেখেতে ক’-ল’-তু’ বুলি ‘চাঙ-ছু’ খনত উল্লেখ কৰিছে। কামৰূপখন প্ৰায় ১৭০০ মাইল বিস্তৃত আছিল। ইয়াৰে পূৰ্বভাগ পাহাৰেৰে আবৃত আৰু পশ্চিমে চীনৰ লগত লগ হৈ আছিল। ইয়াৰেপৰা অনুমান কৰিব পাৰি যে ভাস্কৰ বৰ্মাৰ ৰাজ্যখন চীনৰপৰা বাৰ্মালৈকে বিস্তীৰ্ণ আছিল। তেখেতৰ বৰ্ণনামতে কামৰূপ ৰাজ্যৰ ভিতৰত বৰ্তমানৰ অসমৰ প্ৰায় সকলো অংশ আৰু বিহাৰ, উত্তৰ আৰু পূব বংগও সংযুক্ত হৈ আছিল। ৰাজ্যখনৰ পূবৰ পাহাৰীয়া জনজাতি এলেকাবোৰ তেতিয়া সভ্যতাৰ ৰূপ পোৱা নাছিল বুলি উল্লেখ আছে। তেখেতে উল্লেখ কৰিছে যে কামৰূপৰ দক্ষিণ-পূব অংশত জাক জাক বনৰীয়া হাতীয়ে মুক্তভাবে ঘূৰি ফুৰিছিল। হয়তো ঠাইখন ধনশিৰি আৰু কপিলি উপত্যকাৰেই অংশ আছিল।


তেতিয়াৰ সময়ত কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ আছিল। যি অংশত বৰ্তমান গুৱাহাটী অৱস্থিত। ৰাজধানীখন প্ৰায় ৫ মাইল বিস্তৃত আছিল। কিন্তু চহৰখন কিহৰ ভিত্তিত গঢ়ি উঠিছিল, উন্নত গাঁও হিচাপে নে আন কিবা ৰূপে ইত্যাদি কথা বৰ্ণনা কৰা হোৱা নাই। জনসাধাৰণৰ জীৱিকা ঘৰুৱা খেতি-বাতিৰ ওপৰতে নিৰ্ভৰ আছিল। খেতি-বাতিবোৰ নিয়মিতভাৱে কৰা হৈছিল। সেইবোৰৰ ভিতৰত কঁঠাল আৰু নাৰিকল অধিকৰূপত উৎপাদন হোৱা বুলি উল্লেখ আছে। যদিও ঠাইখন পাহাৰেৰে আবৃত আছিল,তথাপি ই নামনিত অৱস্থিত আৰু ইয়াৰ জলবায়ু সেমেকা আছিল। ঠাইখনৰ খেতিপথাৰবোৰ সাৰুৱা হোৱাৰ ললগতে জলসিঞ্চনৰ ব্যৱস্থাও উন্নত আছিল। ৰজা ভাস্কৰ বৰ্মাই চীনলৈ ওভতাৰ সময়ত তীৰ্থযাত্ৰীসকলক ৰ’দ-বৰষুণৰপৰা হাত সাৰিব পৰাকৈ জীৱ-জন্তুৰ ছাল দি পঠাইছিল।


পৰিব্ৰাজক পণ্ডিত হিউৱেন চাঙে কামৰূপৰ জনসাধৰণৰ বিষয়ে এইদৰে উল্লেখ কৰিছে যে, ঠাইখনৰ জনসাধৰণৰ আচৰণবোৰ সহজ-সৰল। মানুহবোৰ চাপৰ আৰু ছালৰ বৰণ কৃষ্ণ-পীত বৰণীয়া। মানুহবোৰত কিছু উগ্ৰ আৰু কিছু বৰ্বৰতাৰ চাপ আছিল। সিহঁতে কিছুমান কাম ততালিকে নভবাকৈ কৰিছিল। সিহঁতৰ স্মৰণ শক্তি সক্ৰিয় আছিল। সিহঁত অধ্যয়নৰ প্ৰতি বৰ আগ্ৰহী আছিল। বামুণ সকলৰ বসবাস আৰু আৰ্য সকলৰ সাহায্যতে কামৰূপত শৈক্ষিক পৰিৱেশ গঢ়লৈ উঠিছিল। আৰু ইয়াৰে ছাত্ৰবোৰ নালন্দা বিশ্ববিদ্যালয়তো অধ্যয়ন কৰিবলৈ গৈছিল। তেতিয়া গৱেষণা, তৰ্ক আদিয়ে ছাত্ৰবোৰৰ মাজত প্ৰাধান্য পাইছিল। কিছুমান তথ্য যুক্তি-তৰ্কৰ মাজেদি সত্য-অসত্য নিৰূপণৰে উপস্থাপন কৰা হৈছিল।


পুৰণি অসম "কামৰূপ"ৰ মানুহে দেৱ-দেৱীক পূজা-অৰ্চনা কৰিছিল। পূজাস্থলৰূপে এশটাতকৈ অধিক দেৱ-দেৱীৰ মঠ-মন্দিৰ আছিল। বামুণৰ পূজা-অৰ্চনাৰ পদ্ধতি বৌদ্ধ ধৰ্মৰ লগত কিছু সাদৃশ্য আছিল। হয়তো হিন্দু হৈও আন ধৰ্মৰ মিশ্ৰিত ৰূপৰ প্ৰৱাহ ধাৱমান আছিল।


অবিভক্ত কামৰূপ জিলা: অবিভক্ত কামৰূপ জিলা হৈছে পশ্চিম অসমৰ পূৰ্বৰ এখন প্ৰশাসনিক জিলা, য’ৰ পৰা কামৰূপ গ্ৰাম্য,বৰপেটা, নলবাৰী আৰু বাক্সা দক্ষিণ কামৰূপ জিলাৰ প্ৰতিষ্ঠা কৰা হৈছিল। উপনিৱেশৰ সময়ত ই এক বৃহৎ প্ৰশাসনিক জিলা আছিল। কালক্ৰমত ইয়াৰ আয়তন কমি আহিবলৈ ধৰে।


দেৱদাসী: দক্ষিণ আৰু পূব ভাৰতৰ কিছু অংশত দেৱদাসী বা যোগিনীসকল হ’ল কিছুমান যুৱতী, যিসকলে হিন্দু দেৱতা বা কোনোবা মন্দিৰত উপাসনাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল। এগৰাকী দেৱদাসী হ’বলৈ ন্যূনতম বয়স সাত বছৰ পৰ্যন্ত হ’ব পাৰে। দেৱদাসী হ’বলৈ পট্টুকাট্টু বা আৰম্ভণি উৎসৱ পালন কৰা হয়;যিটো উৎসৱ হিন্দু বিবাহৰ নিয়ম-নীতিৰ সৈতে একেই হয়। দেৱদাসীসকলে মন্দিৰ আৰু আন ধৰ্মীয় উপাচাৰসমূহ চোৱা-চিতা কৰাৰ লগতে ভাৰতনাট্যম আৰু ওদিছি নৃত্যৰ দৰে কলাসমূহ সাধনা কৰিবলগীয়া হৈছিল । সংগীত আৰু নৃত্য মন্দিৰ উপাসনাৰ অন্যতম অংগ হোৱা হেতুকে তেওঁলোকৰ সামাজিক স্থিতি উচ্চ আছিল।


শালস্তম্ভঃ শালস্তম্ভ প্ৰায় ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯০০ খ্ৰীষ্টাব্দলৈ অসমত ৰাজত্ব কৰা শালস্তম্ভ বংশৰ প্ৰথম জন ৰজা৷ তেওঁৰ ৰাজত্বকাল ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৭৫ খ্ৰীষ্টাব্দলৈ আছিল বুলি অনুমান কৰা হয়৷ কামৰূপত ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত ম্লেছসকলে বিদ্ৰোহ আৰম্ভ কৰে আৰু তেওঁলোকৰ দলপতি শালস্তম্ভই ৰাজসিংহাসন দখল কৰে৷

©️ 2021 Bireshwar Rabha


Next Post Previous Post
No Comment
Add Comment
comment url