বন্ধুত্ব
বন্ধুত্বৰ বাগিছাত
"বিশ্বাস"
এপাহি সুগন্ধি ফুল
যাক মৰহাৰ ভয়ত
চিঙিব নোৱাৰি ,
নিস্বাৰ্থ ভাবে প্ৰকৃত বন্ধুৱে
সুখ-দুখৰ সমভাগী হৈ
বয়স ,লিংগ ,জাতিভেদ আদি
যায় পাহৰি ।
বন্ধুত্বৰ মিঠা শিকলিডালে
আবেগ, অনুভূতি বোৰ
সু-গভীৰ ভাৱে
হৃদয়ত ঠাই দিয়ে ,
সকলো সময়তে
সাহস আৰু অনুপ্ৰেৰণাৰ
উৎস হৈ পৰে ।
পৃথিবীৰ সকলোতকৈ
উত্তম সম্পৰ্ক এই বন্ধুত্বই
অতীতৰ বেদনাবোৰ পাহৰাই
বৰ্তমান আৰু ভৱিষ্যতক
সঠিক পথৰ পথ প্ৰদৰ্শক হৈ
সহায় কৰে ।
কিন্তু-----
" বিশ্বাস" নামৰ ফুলৰ
আমোলমোলোৱা সুগন্ধক
কেতিয়াও ঘাটক নসজাব,
নিজক হেয় প্ৰতিপন্ন কৰি
বন্ধুত্বক কলুষিত নকৰিব ।
আহক--আমি আমাৰ বন্ধুত্ব বাগিচাখনৰ
একো একোজন সুনিপুণ মালী হৈ
এটি অনন্য সুন্দৰ
পৰিবেশ সৃষ্টি কৰি
হৃদয়খন নিকা কৰি ৰাখোঁ ।
✍️অঞ্জনা বৰুৱা
©️2021 Anjana Boruah