কল্পনা চাওলা ভাৰতীয় প্ৰথম অন্তৰীক্ষ যাত্ৰী

 পূথিবীত মানুহ যিদৰে ঘুৰি ফুৰিছে ঠিক সেইদৰে মহাকাশৰ বুকুত ঘূৰি ফুৰা কথা মানুহে কল্পনা কৰে। আজি যান্ত্রিক যুগত মানুহে কৰিব নোৱাৰা কাম নাই বুলিবই পাৰি। উৰাজাহাজ চলাব পাৰে আকাশ ভ্রমণ কৰিব পাৰে। ১৯৫৭ চনৰ ৪ অক্টোবৰ দিনা নিচেই পুৱাতে স্পুটনিক-২ নামৰ এটা তিনি পর্যায়ৰ ৰকেট ৰুচিযাই আৰব মহাসাগৰ ওচৰৰ টায়' বাটামৰ পৰা মহাকাশলৈ পঠাই মহাকাশ যানৰ সূচনা কৰে। ভষ্টক নামৰ এই মহাকাশযান খনেই আছিল প্রথম মহাকাশ যান। সেই বছৰ ৩ নৱেম্বৰ দিনা স্পুটনিক ২ ত ৰুছদেশে মহাকাশলৈ নিক্ষেপ কৰা লাইকা নামৰ কুকুৰটোৱেই আছিল মহাকাশলৈ যােৱা প্রথম জীৱ। ১৯৬১ চনৰ ১২ এপ্রিল ছােভিয়েট ৰাছিয়া “উষা একাডেমী অৱ চায়েন্স্” ৰ ফালৰ পৰা বিশ্বৰ প্রথম মহাকাশচাৰী হিচাপে মহাকাশলৈ উৰা মাৰিচিল উৰি গাগাৰিন। ৰাছিয়া আৰু আমেৰিকাৰ তেতিয়া পৰা গাইগুটীয়াভাৱে মহাকাশ অভিযানৰ আঁচনি আৰম্ভ কৰে। ১৯৮১ চনত আমেৰিকা নেচনেল এৰনেটিকেল স্পেচ এডমিনিচট্ট্রেচন 'নাছাৰ ফালৰ পৰা এই নতুন পদ্ধতিৰ যানৰ নিৰ্মানৰ সহায়ত মহাকাশ অভিযানৰ বহুখিনি অসুবিধা দূৰ কৰে। এই বিশেষ প্রকাৰৰ যান দুখনক কোৱা হয় স্পেচ চাটল বা মহাকাশ ফেৰি যান। নাছাৰ প্ৰথমখন মহাকাশ যান হ’ল কলম্বিয়া ১৯৮১ চনৰ ১২ এপ্রিলত মহাকাশলৈ উৰা মাৰে। বৰ্তমানলৈকে নাছাই নির্মাণ কৰা পাঁচখন মহাকাশ যান হ’ল - কলম্বিয়া, ছেলেঞ্জাৰ, দিচকভাৰী, আটলান্টিক আৰু এভেঞ্জাৰ। ইয়াৰ ভিতৰত চেলেঞ্জাৰ আৰু কলম্বিয়া মহাকাশ ধ্বংসপ্রাপ্ত হয়। কলম্বিয়া নামৰ যানখন শেষবাৰৰ কাৰণে ২০০৩ চনৰ জানুৱাৰীৰ ১৬ তাৰিখে মহাকাশ লৈ উৰা মাৰে। নাছা ৰ উদ্দেশ্য আছিল কিছুমান গুৰুত্বপূর্ণ গবেষণা কৰা। মহাকাশত মানৱ শৰীৰ অধ্যয়ন, কেন্সাৰ কোষৰ বিকাশ সম্পর্কে গবেষণা। জ্ঞানহীন অৱস্থাত পতংগৰ পৰীক্ষা নিৰীক্ষা চলাইছিল। তেওঁলােকে মানুহৰ শৰীৰৰ লগতে মহাকাশলৈ লৈ গৈছিল কিছুমান উদ্ভিদ, মৌ মাখি, মকৰা, পাটপলু, জাপানী কিলফিচ, গােলাপ ফুল ইত্যাদি। মহাকাশচাৰী সকলে কিছুমান তথ্য আৰু চিত্র নাছাৰ হিউমেন স্পেস ফ্লাইট ৱেবৰ জৰিয়তে পৃথিবীলৈ প্ৰেৰণ কৰিছিল। মহাকাশচাৰী সকলে প্ৰেৰণ কৰা তথ্য মতে গোলাপ ফুলকে ধৰি কিছুমান সুগন্ধি ফুলৰ গোন্ধ বেলেগ হয়। মহাকাশচাৰী সকলে এই সকলো কাম। সুচাৰুৰূপে সম্পূর্ণ কৰি ঘুৰি আহােতেই মাত্ৰ ১৬ মিনিটত তেওঁলোকৰ সপােন ভাঙি চুৰমাৰ হয়।


২০০৩ চনৰ ১ ফেব্ৰোৱাৰীৰ দিনা কলম্বিয়াই ১৬ দিনীয়া কার্য সম্পন্ন কৰি দূর্ঘটনাগ্রস্ত হৈ আকাশত খণ্ড বিখণ্ড হৈ পৰে। এই যানখনত যােৱা যাত্রীসকল আছিল কামাণ্ডাৰ ৰিক হাজবেন্ড, পাইলট উহলি মেককুল, মিচন বিশেষজ্ঞ ডেভব্রাউন,লৰেল ক্লার্ক পেলােড কামাগুাৰ মাইক এণ্ডাৰচন আৰু কল্পনা চাওলা। ভাৰত তথা দক্ষিণ পূর্ব এছিয়াৰ প্রথম মহিলা মহাকাশচাৰী হ'ল কল্পনা চাওলা। ভাৰতৰ জীয়ৰী তথা আমেৰিকাৰ বােৱাৰী আছি কল্পনা।

১৯৬১ চনৰ জুলাই মাহত হাৰিয়ানাৰ কাৰ্ণাল চহৰত কল্পনাই জন্ম গ্রহণ কৰে। দেউতাকৰ নাম আছিল বেনাৰসীলাল চাওলা। কল্পনা আছিল তেখেতৰ কনিষ্ঠা কন্যা। কল্পনাৰ ঘৰত মতা নাম আছিল মিণ্টূ। মিণ্টূ সৰুৰে পৰা মেধাবী ছাত্রী আছিল। তেওঁ স্থানীয় টেগেৰাৱালা নিকেটনত শিক্ষা আৰম্ভ কৰিছিল। তেওঁ বিজ্ঞানৰ মহাকাশৰ বিষয়ে অধিক গুৰুত্ব দিছিল। অৱশ্যে তেওঁক এই বিষয়ত বিশেষভাৱে সহায় কৰিছিল বিদ্যালয়ৰ শিক্ষয়িত্রী নির্মলাই।কল্পনাই নৱম শ্রেণীৰে পৰা কল্পনা কৰিছিল ভবিষ্যতে এৰনেটিক্স ইঞ্জিনীয়াৰ হােৱাৰ। কাল্পনাই সপোন বাস্তৱত ৰূপায়িত কৰাৰ আশাৰে ১৯৭৬ চনত চণ্ডীগড়ত থকা পঞ্জাৱ ইঞ্জিনিয়াৰিঙ কলেজত ভৰ্ত্তি হয়। পিতৃৰ অনিচ্ছাসত্বেও তেওঁ এৰনেটিক্স বিভাগত একমাত্র ছাত্রী হিচাপে ভৰ্ত্তি হয়। অসীম ইচ্ছা শক্তিৰ গৰাকী কল্পনা এদিন স্নাতক হৈ ওলায়। তেওঁ এৰনেটিক্সতকৈ এৰস্পেছ ইঞ্জিনিয়াৰিং বিষয়টোৱে বেছি আকর্ষিত কৰি তুলিছিল। ভাৰতে এৰস্পেছৰ বিষয়ে অধ্যয়নৰ সুবিধা নথকাৰ কাৰণে ১৯৮২ চনত আমেৰিকালৈ যায়। ১৯৮৪ চনত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা এৰস্পেছৰ ইঞ্জিনিয়াৰিঙ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। তাৰ মাজতেই তেওঁ উৰণ সম্পর্কীয় প্রশিক্ষণ সমাপ্ত কৰে। ১৯৮৮ চনত কলৰাডো বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লয়। ১৯৮৮ চনতে তেওঁ আমেৰিকাৰ যুৱক জন পিয়েৰ হেৰিনছনৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। কল্পনা চাওলা ভাৰত ৰত্ন' আৰু 'মহান ভাৰতীয় নাগৰিক' সম্মানেৰে বিভূষিত কৰিবলৈ চেন্টাৰ ফৰ ছছিয়েল জাস্টিছৰ অধ্যক্ষ চন্দ্রজিত যাদৱে প্রধান মন্ত্ৰী লৈ আৱেদন জনায়। পঞ্জাৱ ইঞ্জিনিয়াৰিঙ কলেজে কল্পনা অধ্যয়ন কৰাৰ সময়ত থকা মি-গিৰি হােষ্টেলটো কল্পনা চাওলা হােষ্টেল নামেৰে নামকৰণ কৰে। ভাৰত চৰকাৰে মহাকাশত স্থাপন কৰা মেছেট নামৰ বতৰ নিণ্য় কৃত্রিম উপগ্রহ টোৰ নাম 'কল্পনা ৱান' নামেৰে নামকৰণ কৰে।

 

                                   ✍ দুলুস্মিতা বৰা



©All Right Reserved


Next Post Previous Post
No Comment
Add Comment
comment url