বাঁহৰ বিষয়ে কিছু কথা

 আমি জানো যে, মানুহৰ দৈনন্দিন জীৱনত বাঁহ এবিধ আবশ্যকীয় সম্পদ। বহুত মানুহে ভাবে যে বাঁহ এজোপা জোপােহা গছ। কিন্তু ই এজোপা ঘাহ প্রজাতিৰ। ই প্রত্যেক দিনে ৪০ ছেন্টিমিটাৰকৈ বাঢ়ে। যদিহে বাঁহক সম্পূর্ণ ৰূপে বাঢ়িবলৈ দিয়া হয় ৩৫ মিটাৰলৈকে বাঢ়িব পাৰে। ইয়াৰ প্রধান মূল শিপাডাল মাটিৰ তলত থাকে। বাঁহ শাখাবিলাক ইয়াৰ পৰাই ওলায়। বাঁহ বিভিন্ন প্রকাৰ থাকে। এতিয়ালৈকে ইয়াৰ ৫০০ টা প্রজাতিৰ বিষয়ে অধ্যয়ন কৰা হৈছে। বেছিভাগ বাঁহ মিহি, কঠিন, শক্তিশালী আৰু সােনাকালে বাঢ়ে। প্রায়বিলাক বাঁহ প্রত্যেক বছৰে ফলৱতী হয়, কিন্তু কিছুমান ১০০ বছৰত তিনিবাৰ বা চাৰিবাৰহে ফলৱতী হয়।


বাঁহ আমাৰ বাবে বহুত উপযােগী।ঘৰ, বেৰ, জুপুৰি, ঘৰৰ চাল বনাবলৈ ব্যৱহাৰ কৰা হয়। পাচি, ডলা, চালনী ইত্যাদি বনাবলৈও ব্যবহাৰ কৰা হয়। আজিকালি বাঁহৰ চকী, মেজ, বিছনা আৰু বহুতো শােভাবর্ধক সামগ্রী আমাৰ ঘৰ বিলাকত দেখা যায়। জাপানত মালীবিলাকে ফুলত পানী দিবলৈ বাঁহৰ লাঠিও ব্যৱহাৰ কৰে।আমাৰ কিতাপ, বহী বাঁহৰ এক উৎপাদন। কাগজ তৈয়াৰ কৰাৰ বাবে বাঁহ ব্যৱহাৰ কৰা হয়। বহুত দেশত সেউজীয়া বাঁহ সেউজীয়া শাক-পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। আমাৰ অসমৰ জনজাতিয় খাদ্যতাে বাঁহ গাজ ব্যৱহাৰ কৰা হয়। মাছ ধৰিবলৈ লোৱা বাঁহৰ বৰশি, হাতত লােৱা টাঙোন, কোৰৰ নাল ইত্যাদি আমাৰ দৈনন্দিনত ব্যৱহাৰ কৰা হয়।


ই দক্ষিণ পূর্ব এছিয়া, ভাৰত উপমহাদেশত আৰু প্রশান্ত মহাসাগৰৰ দ্বীপসমূহত বেছিকৈ পোৱা যায়। কিছুমান প্রজাতিৰ বাঁহৰ শিপাত বিষ পােৱা যায়। কিছুমান প্রজাতিৰ বাঁহৰ শাখাত চিলিকা পােৱা যায়। এই শাখাবিলাক ঔষধ বনােৱাত ব্যৱহাৰ কৰা হয়। এনেদৰে আমি দেখিবলৈ পাইছাে যে বাঁহ আমাৰ বাবে কিমান প্রয়ােজনীয় আৰু উপযােগী। কিছুমান প্রজাতিৰ বাঁহৰ শিপাত পােবা বিষখিনি বাষ্পলৈ ৰূপান্তৰিত কৰিব পৰা যায়। আমি জনিলাে যে বাঁহ আমাৰ দৈনন্দিন জীৱনত কিমান উপযােগী।


✍ বৈশালি কন্দলি


©All Right Reserved
Next Post Previous Post
No Comment
Add Comment
comment url