ভাৰতৰ স্বাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুঁজাৰু সকলৰ অৱদান
আৰম্ভণী:স্বাধীনভাৱে বিচৰণ কৰিবলৈ সকলাে প্রাণীয়েই ভাল পায় আৰু সেইবাবেই স্বাধীনতা প্রেমী সকলাে মানুহেই পৰাধীনতা মানি ল’ৱ নােৱাৰে আৰু স্বদেশৰ স্বাধীনতাৰ বাবে সদায় যুঁজ দিয়ে কিয়নাে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ আৰু সমূহ জনগণৰ কল্যাণৰ বাৰে স্বাধীনতাৰ প্ৰয়ােজন। গণতান্ত্রিক শাসন ব্যৱস্থাতহে জনগণে প্রকৃত স্বাধীনতা ভােগ কৰিবলৈ পায়। কাৰণ এই ব্যৱস্থাত দেশৰ ভাল বেয়া বিচাৰ কৰি মাত মাতিবলৈ জনগণৰ সম্পূর্ণ অধিকাৰ থাকে। স্বাধীনতাৰ অবিহনে যেনেকৈ গণতন্ত্র অর্থহীন তেনেদৰে গণতন্ত্র অবিহনেও দেশ এখনৰ নাগৰিকে সম্পূর্ণ অর্থত স্বাধীনতা ভােগ কৰিবলৈ নাপায়।
ভাৰতৰ স্বাধীনতা আন্দোলন:ভাৰতবাসীয়ে ইংৰাজৰ অধীনত থাকি ভাল পােৱা নাছিল। তাৰ ফলতেই ১৮৫৭ চনত চিপাহী বিদ্রোহ হৈছিল। এই বিদ্রোহক ভাৰতৰ প্রথম স্বাধীনতা যুদ্ধ বুলি ধৰা হয়। এই বিদ্রোহ দমন কৰিব পৰা হ'ল যদিও স্বাধীনতাৰ বাবে ভাৰতবাসীৰ আকাংক্ষাক দমাব পৰা নগল। পাঁছত মহাত্মা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে স্বাধীনতাৰ কাৰণে অহিংস আন্দোলন কৰে। তাৰ ভিতৰত অসহযােগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনেই আছিল ডাঙৰ আন্দোলন। এই পবিত্র সংগ্রামত বহুতাে ভাৰতীয় নৰ-নাৰীয়ে প্রাণ উছৰ্গা কৰিলে। অগনণ কৃষক বণুৱাইও কত ফালৰ পৰা কত বৰঙণি আগবঢ়ালে তাৰ অন্ত নাই। জাতিৰ পিতা মহাত্মা গান্ধী, লােকমান্য তিলক, লালা লাজপত ৰায়,জৱাহৰলাল নেহৰু, সুভাষ চন্দ্র বসু, সৰােজনী নাইডু আদিৰ নাম এই সংগ্ৰামৰ লগত ওতঃপ্রােতভাৱে চিৰকলীয়া হৈ ৰ'ল।
স্বাধীনতা আন্দোলনত গােলাঘাট জিলাৰ মুক্তি যুঁজাৰুসকলৰ ভূমিকাঃ ১৯২১ চনত
অসহযােগ আন্দোলন আৰম্ভ হওঁতে আৰম্ভণিৰ পৰা গােলাঘটীয়াসকলৰ বহুতেই আন্দোলনৰ লগত যুক্ত হৈছিল। ১৯২১ চনৰ অসহযােগ আন্দোলনত যােগদান কৰা ব্যক্তিসকলৰ অন্যতম আছিল মহেশ্বৰ বৰুৱা, তাৰাপ্রসাদ বৰুৱা, নবীন চন্দ্র গােস্বামী,গকুলেশ্বৰ হাজৰিকা আদি গােলাঘাটত কংগ্ৰেছ কমিটি গঠন হওঁতে তাৰ প্ৰথমজনা সভাপতি আছিল মহেশ্বৰ বৰুৱা। সম্পাদক আছিল হীৰেশ্বৰ দাস আৰু গকুলেশ্বৰ হাজৰিকা। মহেশ্বৰ বৰুৱাই কটন কলেজৰ পৰা স্নাতক ডিগ্রী লৈ কলিকতাত আইন পঢ়ি থকা অৱস্থাতে অসহযােগ আন্দোলনৰ বা লাগি স্বাধীনতা সংগ্ৰামত যােগদান কৰে আৰু ফলত এবছৰ কাৰাৰুদ্ধ হ'ব লগা হয়। এখেতৰ পৰিবাৰ তিলােত্তমা বৰুৱাও এগৰাকী মহিয়সী মহিলা আছিল আৰু মুক্তিযােদ্ধাসকলে এখেতৰ আতিথ্য সদায়ে গ্রহণ কৰিছিল। হীৰেশ্বৰ দাসৰ মূল ঘৰ আছিল চিপাহী বিদ্রোহ খ্যাত নােগােৰাত। দাস এগৰাকী নিষ্ঠাবান মুক্তিযােদ্ধা আছিল আৰু শিৱসাগৰ হাইস্কুলৰ চাকৰি এৰি আহি '২১ৰ অসহযােগ আন্দোলনত যােগ দি ৯ মাহ কাৰাবাস খাটিছিল। গকুলেশ্বৰ হাজৰিকা এজন চোকা বুদ্ধিৰ ছাত্ৰ আছিল আৰু কটন কলেজত শিক্ষা গ্রহণ কৰি থকাৰ সময় স্বাধীনতাআন্দোলনৰ প্ৰতি আকর্ষিত হৈ মুক্তি যুঁজাৰু সৈনিক হৈ পৰিছিল। অসহযােগ আন্দোলনৰ যােগেদি তেখেতে ৯ মাহ কাৰাবাস খাটে। ঢেকীয়ালৰ নবীন চন্দ্র গােস্বামীও এজন চোকা বুদ্ধিৰ ছাত্ৰ আছিল।কটন কলেজৰ পৰা পঢ়া আধৰুৱা কৰি আন্দোলন যােগ দি ৯ মাহ কাৰাবাস খাটে। অসহযােগ আন্দোলনত সােমকান্ত বৰুৱা আৰু উমাকান্ত বৰুৱা এই দুয়ােজন ব্যক্তিয়ে অশেষ নির্যাতন ভােগ কৰিছিল আৰু কাৰাবাস খাটিবলগীয়া হৈছিল। দুয়াে ভাতৃ কাৰাগাৰত থাকোতেই তেওঁলােকৰ সম্পত্তিও বাজেয়াপ্ত হয়। অসহযােগ আন্দোলনত লাগি কাৰাবাস আৰু পাইকাৰী জৰিমনা ভৰা এজন ব্যক্তি আছিল খুমটাইৰ সৰুৰাম বৰা। অসহযোগ আন্দোলনত যােগদান কৰি কাৰাবাস খটা বিশিষ্ট মুক্তিযােদ্ধাসকলৰ অন্যতম আছিল গােলাঘাটৰ চিনাতলী গাঁৱৰ কেদাৰ হাজৰিকা, শেনচোৱা গাঁৱৰ হেমধৰ পাত্ৰ ৰা আৰু ধর্মেশ্বৰ বৰুৱা, কমাৰ গাঁৱৰ লক্ষ্মণ ৰঘৰীয়া, মহুৰা বদিহিঙ্গীয়াৰ বেণুৰাম বন্ধ, ফৰকাটিং বালিজানৰ ভােলা বৰুৱা, মধুমিত্ৰ সত্ৰ ঢেকীয়ালৰ দ্বাৰিকা নাথ গােস্বামী, দেৰগাঁৱৰ গঙ্গাই মেধি, ভােলাগুৰিৰ আপীৰাম গগৈ, বুঢ়াগোঁহাই খাটৰ কেশৱ সােণোৱাল আদি ব্যক্তিসকল । ১৯২১ চনত অসহযোগ আন্দোলনত ঢেকীয়ালৰ মধুমিশ্ৰ সত্ৰৰ সত্ৰাধিকাৰ দ্বাৰিকা নাথ গােস্বামীদেৱে সক্রিয় অংশগ্রহণ কৰি ৯ মাহ কাৰাবাস কৰিছিল। তেখেতৰ নিজৰ গােৱৰ্ধন নামৰ ঘোঁৰাটোৰ পিঠিত উঠি মুক্তিযুজৰ কামত ঢপলিয়াই ফুৰিছিল।তেখেতে অস্পৃশ্যতা বর্জন, বিধবা বিবাহ প্রচলন, সমাজৰ কু-সংস্কাৰ আদিৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰিছিল।
গােলাঘাটৰ স্বাধীনতা সংগ্ৰামৰ এক উল্লেখযােগ্য নাম হল শংকৰ বৰুৱা। শিৱসাগৰত জন্মলাভ কৰা বৰুৱাই সৰুতেই পিতৃবিয়ােগ হােৱাত প্রথমে গড়কাপ্তানি পাছত চাহ বাগিচাৰ কামত যােগদান কৰে। বাগিচাৰ চাকৰি কৰি থাকোতেই ১৯২১ চনত শিমলুগুৰি ৰেল ষ্টেচনত মহাত্মা গান্ধীৰ বক্তব্য শুনি চাকৰিলৈ ঘূৰি নগৈ স্বাধীনতা সংগ্রামত যােগদান কৰে আৰু শিৱসাগৰতে ১৯২১ চনত কাৰাৰুদ্ধ হয়।কাৰাগাৰৰ পৰা ওলাই যােৰহাটৰ তেতিয়াৰ প্রখ্যাত কৃষ্ণ শৰ্মাৰ সান্নিধ্যলৈ আহে আৰু তেখেতৰ নির্দেশমতই সাংগঠনিক কামৰ বাবে গােলাঘাটলৈ আহি ইয়াতেই স্থায়ীভাৱে থাকি যুঁজৰ কামত লাগি পৰে। এখেতে প্রথমতে গান্ধী সবৰমতি আশ্ৰমৰ আৰ্হিত গােলাঘাটৰ বুঢ়াগোঁহাই খাট, শিয়ালেখাটি, বৰকাঠনি, চেতিয়া গাঁও, নােগােৰা আদি বিভিন্ন স্থানত আশ্রম গঠন কৰে আৰু আশ্ৰমবােৰৰ জৰিয়তে বিভিন্ন গঠনমূলক কাম কৰাৰ লগতে স্বাধীনতাৰ বাণী প্রচাৰ কৰে। ১৯৩০ চনত লর্ড আৰউইনক ক’লা পতাকা দেখুৱাবলৈ যােৱা গােলাঘটীয়া মুক্তি যুঁজাৰুৰ দলক শংকৰ বৰুৱাই নেতৃত্ব দিছিল। ৪২ ৰ বিপ্লৱত বিশেষ ভূমিকা লােৱা বাবে প্রায় চাৰিবছৰ কাল অজ্ঞাতবাসত থাকি ৪২’ৰ বিপ্লৱ পৰিচালনা কৰা বৰুৱাৰ ৰাষ্ট্ৰীয় স্তৰৰ বিপ্লৱীনেতাৰ লগত সম্বন্ধ ঘটিছিল। গােলাঘাটৰ স্বাধীনতা সংগ্রামৰ এজন আগশাৰীৰ ব্যক্তি, নামজ্বলা উকীল ৰায়বাহাদুৰ দণ্ডধৰ বৰুৱা হচিলদাৰৰ পৰা ৰাজেন্দ্র নাথ বৰুৱা ওৰফে ৰাজেন বৰুৱাই শঙ্কৰ বৰুৱাৰ নেৰানেপেৰা চেষ্টাত ১৯২৯ চনত কংগ্ৰেছত যােগদান কৰে আৰু তেতিয়াৰ পৰাই বিদেশী বস্তু বর্জন কৰি সম্পূৰ্ণৰূপে কংগ্ৰেছৰ সৈনিক হৈ পৰে। মুক্তি যুঁজৰ কালছােৱাত তেখেতে বহুবাৰ কাৰাবাস খাটে। তেখেতৰ পত্নী স্বর্ণলতা বৰুৱাও এগৰাকী আগশাৰীৰ মুক্তি যুঁজাৰু আছিল। ১৯৪০ চনৰ একক সত্যাগ্রহত যােগদান কৰি তেওঁ কাৰাবৰণ খাটিছিল। গােলাঘাটৰ মহিলা। সংগঠন সুদৃঢ় কৰাৰ ক্ষেত্ৰত এখেতৰ বিশেষ অৱদান আছিল।গােলাঘাটৰ বুঢ়াগোহাই খাটৰ কেশৱ সােণােৱাল এজন নিষ্ঠাৱান মুক্তিযােদ্ধা আছিল। গান্ধীজীৰ দাণ্ডী যাত্ৰাত সােণােৱালে শেনচোৱা গাঁৱৰ কনক দাসৰ সৈতে গােলাঘাটৰ পৰা গৈ যােগদান কৰিছিল। কনক দাসক মানুহে ‘ফকীৰ’ নামেৰেহে জানিছিল। তেওঁ আৰউইনক ক'লা পতাকা দেখুৱাবলৈও গৈছিল। ঘিলাধাৰী মৌজাৰ মাহিমেলীয়া গাঁৱৰ ভদ্রকান্ত ফুকন স্বাধীনতা সংগ্রামৰ এজন আগশাৰীৰ ব্যক্তি আছিল। এখেতৰ ভাতৃ সুৰেণ ফুকনাে এজন বিশিষ্ট মুক্তি যােদ্ধা আছিল।৪২’ৰ বিপ্লৱত সৰুপথাৰৰ যিটো ৰেল পেলােৱাৰ ঘটনাৰ বাবে কুশল কোৱৰৰ ফাঁচী হৈছিল সেই ঘটনাটোত ফুকন প্রত্যক্ষভাৱে জড়িত আছিল। তেখেতক ধৰিব পৰা হলেই ফাঁচী হােৱাটো নিশ্চিত আছিল। বােকাখাতৰ গড়মূৰ গাঁৱৰ কমবয়সীয়া, এটা ভৰি লেঙেৰা তিলক ববাও ৪২’ৰ গণবিপ্লৱত গােলাঘাট সৰুপথাৰৰ ৰেল দুর্ঘটনা ঘটোৱাত জড়িত আছিল। এই গােচৰত তেখেতে প্রায় ২ বছৰ কাৰাবন্দী হৈ আছিল।গােলাঘাটৰ ভােলাগুৰি অঞ্চলৰ আপীৰাম গগৈ এগৰাকী আগশাৰীৰ মুক্তি যুঁজাৰু আছিল।তেখেতে স্বাধীনতা সংগ্রামৰ কালছােৱাত বহুবাৰ কাৰাবাস খাটিছিল।খুমটাই মৌজাৰ বুঢ়ালিকচন গাঁৱৰ গন্ধৰাম গগৈ হাতীবৰুৱায়াে ৰেলৱেৰ চাকৰি এৰি আহি স্বাধীনতা সংগ্রামত যােগদান কৰি বহুবাৰ কাৰাবাস খাটিছিল।বেতিয়নী কাকতি গাঁৱৰ মুক্তিযােদ্ধা ফটিক চন্দ্ৰ হাজৰিকাদেৱৰ ৪২ চনত পুলিচৰ মাৰত তেখেতৰ আগদাত দুটা ভাঙি গৈছিল।গােলাঘাটৰ পুৰণা আমােলাপট্টিৰ বিষ্ণুৰাম এজন নিষ্ঠাবান কংগ্ৰেছ কর্মী আছিল।সদায়েই খদ্দৰৰ ধূতি আৰু মূৰত গান্ধী টুপি পিন্ধি থকা কাকতিদেৱে ৪ ২’ৰ বিপ্লৱত বিপ্লৱী।যুঁজাৰুসকলৰ মাজত গােপন যােগসূত্র হিচাপে কাম কৰিছিল।স্বাধীনতা সংগ্রাম মুক্তিযােদ্ধা মূলত মৰঙীৰ মানুহ নৰেন শর্মা এজন লেখত ল'বলগীয়া মুক্তিযােদ্ধা আছিল। ৪২ ৰ বিপ্লৱৰ সময়ছােৱাত যােৰহাট কাৰাগাৰৰ ভিতৰত পুলিচৰ হাতত নির্মম অত্যাচাৰৰ বলি হৈ প্রবল ৰক্তপাত হৈ শােচনীয় অৱস্থা হৈছিল। বুঢ়াগোঁহাই খাটৰ আশ্ৰমত থাকি দেশৰ স্বাধীনতাৰ বাবে অহােপুৰুষাৰ্থ কৰা দুজন কাৰি মুক্তিযােদ্ধা আছিল চাৰু বুঢ়া টেৰণ আৰু কানিয়া টিমুং। তেখেতসকলে তেতিয়াৰ মিকিৰ পাহাৰৰ হিহিৰি, ৰং বং ঘাট, বান্দৰ চাং, খেদং আদি ঠাইত। মাদকদ্রব্য নিবাৰণৰ কাম কৰি বহুতাে কষ্ট সহ্য কৰিব পৰা হৈছিল।গােলাঘাট চিনাতলী গাঁৱৰ কেদাৰ হাজৰিকা,পটিয়া পথাৰৰ আত্মাৰাম গগৈ, দেৰগাঁৱৰ জীৱেশ্বৰ হাজৰিকা আৰু পূর্ণদেৱ ঠাকুৰ, কমাৰবন্ধা বকটিয়াল গাঁৱৰ ঠগীৰাম বৰা আৰু ঠগীৰাম কাকতি বােকাখাতৰ কমল চন্দ্র শইকীয়া, মহুৰা মৌজাৰ কমাৰগাঁৱৰ লক্ষণ বৰঘৰীয়া আদি ব্যক্তিসকলে ১৯২১ চনৰ পৰাই মুক্তিযুঁজৰ বাবে বিভিন্ন কাৰ্যসূচীত যােগদান কৰি কাৰাবাস খাটিছিল। ৮ দেৰগাঁৱৰ কাথবাপু সত্ৰৰ কমলেশ্বৰ মহন্ত,মহুৰা বৰদিহিঙ্গীয়াৰ বেণুৰাম বৰুৱা, বৰপথাৰ গাৱৰ সাগৰ চন্দ্র দত্ত, ১নং শেনচোৱা গাঁৱৰ প্ৰেমধৰ পাত্র বৰা আৰু হলিৰাম পাত্র বৰা, বােকাখাতৰ কাজিৰঙা অঞ্চলৰ দেৱেশ্বৰ শইকীয়া, মৰঙীৰ সােণাৰাম বৰুৱা আদি ব্যক্তিসকলে স্বাধীনতা সংগ্রামৰ সৈনিক হিচাপে যােগদান কৰি সকলাে কাৰ্যসূচীতে অংশগ্রহণ কৰিছিল আৰু কেবাবাৰাে কাৰাবাস খাটিছিল। বৰকাঠনিৰ ওচৰৰ চেতিয়া-গাঁৱৰ কমল কলিতা, গণকপুখুৰীৰ পােবাল ঠাকুৰ, ধর্মেশ্বৰ ঠাকুৰ, খুমটাই পটিয়া পথাৰৰ হৰিচন্দ্র গগৈ, গোলাঘাটৰ শিং চন্দ্ৰ ভূঞা, খুমটাই বৰপথাৰৰ বিদ্যাধৰ গোঁহাই আদি ব্যক্তিসকলে স্বাধীনতা আন্দোলনে বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিছিল আৰু ৪২ৰ বিপ্লৱত আত্মগােপন কৰি বিপ্লবী কার্যসমূহত লিপ্ত হৈছিল। উল্লেখিত ব্যক্তিসকলৰ উপৰিও বিভিন্ন অঞ্চল আৰু বহু ব্যক্তিয়ে স্বাধীনতা আন্দোলন। অংশগ্রহণ কৰি অশেষ ত্যাগ আৰু নির্যাতন ভােগ কৰিছিল। জন্মসূত্রে অসমীয়া নােহােৱা কেবাজনাে বিশিষ্ট ব্যক্তিয়ে গোলাঘাট লৈ আহি স্বাধীনতা সংগ্রাম ৰ লগত জড়িত হৈ পৰিছিল। পণ্ডিতজী নামে জনাজাত বিহাৰৰ পৰা অহা ধ্যানদাস শর্মা ১৯৩৫ চনত গোলাঘাট লৈ আহি ৪২ বিপ্লব সময়ছােৱাত জয়প্রকাশ নাৰায়ণে সহযােগীসকলৰ সৈতে কৰি আ মুঝে নামেৰে উওৰা হিন্দী প্রচাৰপত্র গােপনে সংগ্রহ কৰি অসমীয়াত তর্জমা কৰি গাৱে গাৱে বিলাই ফুৰিছিল। মুচি সম্প্রদায়ৰ ৰামদাস ৰবিদাসে গোলাঘাটৰ চকবজাৰত তেখেতৰ জুতা চিলাই কৰা দোকান খন ৪২’ৰ বিপ্লৱৰ কালছােৱাত মুক্তিযােদ্ধাসকলৰ বিশেষকৈ বিপ্লবী সকলৰ গােপন যােগসূত্র চ্লা স্থান আছিল। জোতা চিলাই কৰাৰ ভাও জুৰি গােপন খবৰ দিয়া, চিঠি দিয়া, খবৰ সংগ্ৰহ কৰা আদি কামবােৰ ববিদাসে সম্পন্ন কৰিছিল। গোলাঘাটৰ মাৰোৱাৰী গজানন জালানে মুক্তিযুদ্ধ আগবহা আৰু ১৯৩৭ চনত অসম বিধান পৰিষদলৈ মনােনীত হৈছিল। বিশিষ্ট পুথি প্রকাশক ভগবতী প্রসাদ লডিয়ায় বিভিন্ন ধৰণে মুক্তি যুঁজত সহায় কৰিছিল। বৈকুণ্ঠ সিং হিন্দী প্রচাৰক হিচাপে আহি ৪২’ৰ বিপ্লৱত যােগদান কৰিছিল আৰু সৰুপথাৰ ব্যক্তিৰ উল্লেখযােগ্য ভূমিকা আছিল। গােলাঘাট জিলাৰ মিচিং সম্প্রদায়ৰ ব্যক্তিসকলে মুক্তি যুঁজত বিশেষ ভাৱে অংশগ্রহণ কৰিছিল। শ্বহীদ কমলা মিৰি উপৰিও চাৰুচন্দ্র পাইং, কার্তিক চন্দ্ৰ মৰাণ, বলাে পাইং, চেনীচন পাইং, শম্ভু মিৰি, প্রমিলা কামান, সুন্দৰ পেগু, মালীধৰ পেণ্ড, ঠগী নাম আ দিয়ে স্বাধীনতা ৰণৰ বিভিন্ন সময়ত অংশগ্রহণ কৰি যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল।
অসমীয়া চাহ মজদুৰসকলৰ ভিতৰত শ্বহীদ বিজু বৈষ্ণব উপবিও বহুতাে ব্যক্তিৰে স্বাধীনতা। সংগ্রামত উল্লেখযােগ্য বৰঙণি আছে।
গােলাঘাটৰ মহিলা সকলে মুক্তিযুদ্ধত বিভিন্ন কার্যসূচীত বিশেষ অৱদান আগবঢ়াইছিল। দুগৰাকী মহিলাই ৪২’ৰ একক সত্যাগ্রহত অসমত প্রথম কাৰাগাৰলৈ গৈছিল। এখেতসকল আছিল গােলাঘাটৰ স্বর্ণলতা বৰুৱা আৰু হৰিপ্রিয়া দত্ত। ৩২’ৰ আইন অমান্য আন্দোলনত গােলাঘাট জিলাৰ বহুতাে মহিলাই বিশেষ ভূমিকা গ্রহণ কৰিছিল। আনকি গোলাঘাট পংকা গাৱৰ আনন্দ দাস ওৰফে বৰুৱাৰ পত্নী দ্বাৰিী দাস এই আন্দোলনত শহীদ হােৱাৰ কথা উল্লেখ আছে। ১৯৩২ চনৰ ২ আৰু ৫ ফেব্ৰূৱাৰিত সৰ্ব মুঠ ১৭৬ জন মুক্তিযোদ্ধাৰ ভিতৰত ৫৯ গৰাকি মহিলা গ্রেপ্তাৰ হৈছিল।
১৯৪০ চনৰ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হােৱা সত্যাগ্রহ কার্যসূচী গোলাঘাটৰ মহিলা সকলে বিশেষ ভাৱে অংশ গ্ৰহণ কৰিছিল। ১৯৪০ চনৰ ১৯ ডিচেম্বৰ শংকৰ বৰুৱা সভাপতিত্ব ঢেকীয়ালত বহা এখন সভাত ভালেকেইগৰাকী মহিলাই সত্যাগ্রহী হিচাপে নাম ভর্তি কৰে। সত্যাগ্রহী সকলো বাবে ঢেকীয়ালত এটা প্রশিক্ষণ কেন্দ্রও মুকলি কৰা হৈছিল। ৪২ ৰ আন্দোলনত গোলাঘাটৰ অজস্র মহিলাই অশেষ নির্যাতন ভােগ কৰিছিল। মুক্তিযোদ্ধা শংকৰ বৰুৱাৰ পত্নী অন্নপ্ৰভা বৰুৱা নাম বিশেষভাবে উল্লেখযােগ্য।
সামৰণি : ভাৰতৰ সাধীনতা আন্দোলনত গোলাঘাট জিলাৰ মুক্তিযুর্জাৰু সকলৰ অৱদান অপৰিসীম। তেখেতসকলৰ ত্যাগ, দেশপ্ৰেম আৰু নির্যাতনৰ অলেখ কাহিনী ভাৰতৰ স্বাধীনতা সংগ্রামৰ এক সােণালী অধ্যায়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূলমন্ত্রকে সৰোগত কৰি প্রতিজন ভাৰতীয় অন্তৰত স্বাধীনতা লাভৰ যে স্পৃহা বাঢ়িছিল তাৰ ফলস্বৰূপে আন্দোলন চলাই ১৯৪৭ চনত স্বাধীনতা অর্জন কৰি ভাৰতে জগতবাসীক এক নতুন পথৰ সন্ধান দিবলৈ সক্ষম হৈছিল। (সহায় লৈ)
✍সুদৰ্শনা দত্ত