অকণিৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক জ্যোতিষ্ক আছিল ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ সম্পর্কে
লিখিবলৈ লওঁতে মােৰ মনলৈ আহে কোনজন
জ্যোতিৰ বিষয়ে লিখিম ? গণশিল্পী, নাট্যকাৰ,
সংগীতজ্ঞ জ্যোতিৰ বিষয়ে লিখিম? চলচিত্র নির্মাতা,
সমাজ সংস্কাৰক, সুন্দৰৰ পূজাৰী, স্বদেশপ্রেমী,
সাংবাদিক, শিশু সাহিত্যিক জ্যোতিপ্ৰসাদৰ কথা ?
কিয়নাে এনে এগৰাকী মহান ব্যক্তিৰ বিষয়ে।
লিখিবলৈ ছপা মাধ্যমৰ এখিলা বা দুখিলা পাতত
আৱদ্ধ কৰিবলৈ যােৱাটো ধৃষ্টতা।
জন্ম : ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ
মদাৰখাত মৌজাৰ তামােলবাৰী চাহ বাগিচাত পিতৃ
পৰমানন্দ আগৰৱালাৰ ঔৰসত আৰু মাতৃ কিৰণময়ী
দেৱীৰ গৰ্ভত জন্মগ্রহণ কৰে। অকণমানি
জ্যোতিপ্রসাদ ঘূৰণীয়া মুখৰ এটা সুন্দৰ শিশু আছিল।
মাকে নিচুকনি গীত গাই জ্যোতিক কোলাত লয়।
গীতৰ মধুৰ সুৰত জ্যোতি টোপনি যায়। এইদৰে
একলা একলাকৈ জ্যোতি ডাঙৰ হ’ল ।
বিদ্যালয় জীৱনঃ পখিলাৰ দৰে দেওদি নাচি-
খেলি ফুৰােতেই জ্যোতি প্ৰসাদৰ ছটা বছৰ পাৰ হৈ
গ’ল। জ্যোতি প্ৰসাদ আগৰৱালাই তেজপুৰ আৰু
ডিব্ৰুগড় স্কুলীয়া শিক্ষা লাভ কৰি তেজপুৰ হাইস্কুলৰ
পৰা ১৯২১ চনত মেট্রিক বাছনি পৰীক্ষাত উত্তীর্ণ
হয়। বিদ্যালয়ৰ শিক্ষা সাং কৰি জ্যোতি প্রসাদ
আগৰৱালা কলিকতাৰ নেশ্যনেল কলেজত আই.
এ. মহলাত নাম লগায় আৰু দ্বিতীয় বার্ষিকলৈ তাতে
পঢ়ে। ১৯২৬ চনৰ চেপ্তেম্বৰ মাহত জ্যোতি প্রসাদ
উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায়। তাতে প্রথমে তেওঁ
এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা মেট্রিকুলেচন পৰীক্ষা
দিয়ে। প্রথম বছৰত জ্যোতিপ্রসাদ পৰীক্ষাত কৃতকার্য
হ’ব নােৱাৰিলে। কিন্তু দ্বিতীয় বছৰত তেওঁ চর্ত
সাপেক্ষে সংস্কৃতত এম. এ. পঢ়াৰ সুবিধা পায়। শিক্ষা
আধৰুৱাকৈ বিলাতৰ পৰা জ্যোতি প্রসাদ জার্মানীলৈ
চলচিত্র নির্মাণ সম্পর্কীয় শিক্ষাৰ বাবে যায়। ১৯৩০
চনত স্বদেশলৈ ঘূৰি আহি প্রথম অসমীয়া চলচিত্র
জয়মতীকে ধৰি কেইবাখনাে ছবি নির্মাণ কৰে।
জ্যোতি প্ৰসাদৰ সাহিত্য সৃষ্টি ও জ্যোতি
প্ৰসাদৰ আজন্ম সাধন সাহিত্য প্ৰতিভাৰ প্ৰতিফলন
ঘটিছিল মাথােন চৈধ্য বছৰ বয়সতে 'শােণিত কুঁৱৰী’
নাটকৰ মাজেদি। জ্যোতি প্ৰসাদৰ নাটক কেইখন।
হ’ল শােণিত কুঁৱৰী, কাৰেঙৰ লিগিৰি, ৰূপালীম,
লভিতা, নিমাতী কইনা। প্রকৃততে এই আটাইকেইখন
নাটকেই অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত
আলংকৰিক বৈচিত্র নতুনত্ব বিচাৰেৰে জিলিকি
আছে। জ্যোতি প্ৰসাদে শিল্প আৰু সুৰৰ ভেটিত
ঐক্য আৰু সংহতিৰ বীজ সিচি সপােন ৰচিছিল বৃহত্তৰ
অসমীয়া জাতি গঠনৰ। সেয়েহে কৈছিল-
“ময়েই খাছীয়া, ময়েই জয়ন্তীয়া
ডফলা, আবৰ, আঁকা
ময়েই চিংফৌ, ভৈয়ামৰ মিৰি
সােৱণশিৰিয়া ডেকা।”
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষা আছিল বৰ
সুন্দৰ আৰু কবিতা সুৰীয়া। জ্যোতিয়ে ভাৰতৰ চিৰ
সুন্দৰ মানৱীয় সংস্কৃতিৰ অসুন্দৰৰ কালিমানাশী বিশ্ব
দৰবাৰত প্রতিষ্ঠা কৰাৰ বাবে আহ্বান জনাইছিল।
সংস্কৃতিৰ সংজ্ঞা নিৰূপন কৰি জ্যোতিয়ে
লিখিছিল— ‘সংস্কৃতি মানৱ জীৱনৰ পােহৰ,
সৌন্দর্য আৰু আনন্দ। তেওঁ আছিল মাতৃভাষাৰ
পূজাৰী, সুন্দৰৰ পূজাৰী ৰূপান্তৰৰ ৰূপকাৰ। এই
গৰাকী মহান ‘জনতা শিল্পী’ বাগিচাৰ মালিক হৈয়াে
ভােগ বিলাসৰ প্রতি আসক্ত হােৱাৰ পৰিবর্তে
নিষ্পেষিত শ্রমিক বণুৱা কৃষকৰ পক্ষ লৈ অসমৰ
চুকে-কোণে, বােকাই-পানীয়ে বিচৰণ কৰিছিল।
ত্যাগৰ আদৰ্শৰে। জ্যোতিপ্ৰসাদ আগৰৱালা আজি
আমাৰ মাজতনাই। কিন্তু তেওঁৰ আত্মাই বিচৰণ কৰি
আছে প্রতিজন অসমীয়াৰ হৃদয়ত।
মৃত্যুঃ জ্যোতি প্ৰসাদৰ কেন্সাৰ হৈছিল।
শ্বিলঙত কেন্সাৰ ৰােগত চিকিৎসাধীন হৈ থকা
অৱস্থাত জ্যোতিৰ দেহটো অত্যন্ত ক্ষীণ হৈ মুখত
দাড়িয়ে ভৰি পৰিছিল।
মৃত্যুৰ পিছত সমাধিস্থলিত এখন টিঙৰ
ফলিত লিখিছিল এনেদৰে
“সুন্দৰ যে ফুলাৰ মন্ত্র
অহােৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্রভাতে প্রভাতে।”
১৯৫১ চনৰ ১৭ জানুৱাৰীৰ আবেলি ৪৮
বছৰ বয়সতে আজীৱন শিল্পী জ্যোতি মৃত্যুৰ
চিৰশান্তিৰ কোলাত চিৰদিনৰ কাৰণে টোপনি গ'ল।
জননীৰ থাপনাৰ চিৰজ্যোতিষ্মান বন্তি গছি নুমাই।
গ’ল। এই গৰাকী বহুমুখী প্রতিভাশালী ব্যক্তিয়ে
অসমীয়া জাতিক নতুন পােহৰ দি থৈ গ'ল।
শেষত জ্যোতি প্ৰসাদৰ কবিতাৰে
সামৰিছে—
হে নতুন নমস্কাৰ
যুগে যুগে আহ তই
দেশে দেশে হাঁহ তই
মােহাৰি বিদাৰি ফালি পুৰণি সংস্কাৰ
হে নতুন নমস্কাৰ।
✍️মনালিছা দত্ত
©All Right Reserved