মাদাৰ টেৰেছা

 মাদাৰ টেৰেছা নামটো বিশ্বই পাহৰিব নােৱাৰা


এটি নাম। বিশ্ব বিখ্যাত মহিলা, মানৱসেৱী (চিৰ

কুমাৰী) মাদাৰ টেৰেছাৰ জন্ম হৈছিল ১৯১০ চনৰ

২৭ আগষ্ট তাৰিখে। জন্ম ঠাই আছিল ইউৰােপৰ

যুগােশ্লোভিয়াৰ স্কপেজ চহৰ। মাক-বাপেকে

ছােৱালীজনীৰ নাম থয় এগেনেছ। পিতাক

এলবেনিয়ান জাতিৰ মানুহ আছিল। তেওঁ

গেলামালৰ ব্যৱসায়ী আছিল। মাদাৰ টেৰেছাৰ মাক-

বাপেক দুয়াে ৰােমান কেথলিক গােটৰ খ্রীষ্টান

আছিল। মাক-বাপেক ধর্মপ্রাণ লােক হােৱা বাবেই

এগনেছৰ মনত ল'ৰালি কালৰ পৰাই ধর্মীয় কথাই

অনুপ্রাণিত কৰিছিল। ভগৱান, ধর্ম আৰু নৈতিকতাৰ

শিক্ষা এগনেছে মাকৰ পৰাই পাইছিল। সেয়েহে ১৮

বছৰ বয়সতে মঠ নিবাসী সন্যাসীনী “লৰেটো”নামৰ

খ্রীষ্টীয় সংস্থাত যােগ দিয়ে। আয়াৰলেণ্ডৰ ডাব্লিন।

আশ্ৰমৰ পৰাই “লৰেটো”সংগঠনৰ জৰিয়তে ১৯২৮

চনত ভাৰতলৈ আহে। এগনেছ সন্যাসীনী হােৱাৰ

বাবে মাকে প্রথম বাধা দিছিল যদিও শেষত মাকে

ঈশ্বৰেই তােমাৰ পথ প্রদর্শক আৰু স্বামীহওক বুলি।

আশীর্বাদ দিছিল।

মাদাৰ টেৰেছা এগৰাকী আদর্শ শিক্ষয়িত্রী।

আছিল। দার্জিলিঙৰ এখন বিদ্যালয়ত প্রথমে শিক্ষাদান কৰিছিল। ইয়াৰ পৰা তেওঁক কলিকতাৰ

এন্টালিত থকা ছেন্ট মেৰীজ কনভেন্ট বিদ্যালয়লৈ

পঠিওৱা হয়। এই বিদ্যালয়ত মাদাৰ টেৰেছা প্রায়।

২০ বছৰ শিক্ষয়িত্ৰী হৈ আছিল। মাদাৰ টেৰেছাই

আমাৰ দেশ স্বাধীন হােৱাৰ এবছৰৰ পাছতে ভাৰতীয়

নাগৰিকত্ব গ্রহণ কৰে।

মাদাৰ টেৰেছাই কঠোৰ অনুশাসন মানি

চলিছিল। দৰিদ্ৰজনক সেৱা কৰিবলৈ যাওঁতে তেওঁ

দৰিদ্ৰতাৰব্ৰত গ্ৰহণ কৰিলে। তেওঁ বিলাসিতা সমূলি

ভাল নাপাইছিল। এসময়ত “কনভেন্ট”ৰ পােছাক

পৰিহাৰ কৰি তেওঁ নীলা পাৰিৰ বগা কপাহী শাৰী

পৰিধান কৰিছিল। শাৰী মাথােন দুখনহে। তাকে ধুই-

পখালি পৰিপাটিকৈ পিন্ধি মাদাৰ টেৰেছা এগৰাকী

সাধাৰণ ভাৰতীয় নাৰীৰ দৰে হৈ পৰিল। এই পােছাক

গ্রহণ কৰি তেওঁ ১৯৫০ চনত “মিছনেৰী অৱ

শ্যেৰিটি”সংস্থা (দানশীলতাৰ প্ৰচাৰক সংস্থা) স্থাপন।

কৰে।

ফৰাচী দেশৰ এগৰাকী সন্ন্যাসীনী “পূণ্যাত্মা

টেৰেছাৰ আদৰ্শৰ প্রতি এগনেছ খুউৱ অনুপ্রাণিত

হৈ টেৰেছা নাম গ্রহণ কৰে।

এই নাম লােৱাৰে পৰা এগনেছ “মাদাৰ

টেৰেছা” নামেৰে জনাজাত হ’ল। মাদাৰ টেৰেছাই

গােটেই জীৱন মানুহৰ দুখ কষ্ট আৰু বেমাৰ-আজাৰ

দূৰ কৰিবৰ বাবেই সেৱা আগবঢ়াই গ'ল। এইবিলাক

কৰিবলৈ যাওঁতে তেওঁ দুখকষ্ট আৰু ভাগৰ অনুভৱ

কৰা নাছিল। ইয়াৰ বাবে তেওঁ মিছনেৰীজ অৱ

শ্যেৰিটি, নির্মল শিশু ভৱন আৰু নির্মল হৃদয়ৰ

নামকৰণেৰে কেইবাটাও অনুষ্ঠান গঢ়ি তুলিলে।

কলিকতাত কুষ্ঠৰােগীসকলৰ সেৱাৰ বাবেও অনুষ্ঠান

স্থাপন কৰিছিল। মাদাৰ টেৰেছাৰ কৰ্মৰাজীৰ বাবে

আমাৰ দেশে তথা বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে সম্মান

আৰু পুৰস্কাৰ আগবঢ়াইছিল। তেওঁ শান্তিৰ বাবে

১৯৭৯ চনত নােবেল পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ

পাছতে তেওঁক ভাৰতৰ সর্বোচ্চ সম্মান ভাৰত ৰত্ন

উপাধিৰে সন্মানিত কৰা হৈছিল। পুৰস্কাৰ পােৱাটো

""""

মাদাৰ টেৰেছাই বৰ ডাঙৰ কথা বুলি ভবা নাছিল।

প্রার্থনা মহত্বৰ বাবে মাদাৰ টেৰেছাই খুব গুৰুত্ব

দিছিল। তেওঁ কৈছে যে, আমাৰ মনলৈ প্ৰেমৰ ভাৱ

আনিবলৈ আমি সামূহিক ভাৱে প্রার্থনা কৰিব লাগে।

প্রার্থনাৰ মূল কথা হৈছে। ঈশ্বৰৰ ওচৰত আত্মসমর্পণ।

সকলােৰে আদৰৰ মাদাৰ টেৰেছাই ১৯৯৬ চনৰ ৬

চেপ্তেম্বৰ তাৰিখে কলিকতাত মৃত্যুবৰণ কৰে। মৃত্যুৰ

সময়ত তেওঁৰ বয়স ৮৭ বছৰ হৈছিল।

“অনুকৰণ কৰি কোনাে মানুহেই মহৎ হ'ব

নােৱাৰে

- চেমুৱেল


  ✍কল্পিতা শইকীয়া

©All Right Reserved
Next Post Previous Post
No Comment
Add Comment
comment url