চতুৰ সেৱক
এসময়ত মেহমুদ নামৰ এজন বাদছাহ আছিল। তেওঁৰ সেৱক এজনৰ
নাম আছিল স্বামিম। স্বামিমৰ লিখা-পঢ়া নাথাকিলেও চতুৰ আছিল। সেয়েহে
বাদছাহ মেহমুদে তেওঁক বৰ ভাল পাইছিল। প্রাসাদৰ কিছুমান দৰবাৰীয়ে সেই
কাৰণে স্বামিমক ঈর্ষা কৰিছিলে।
এদিন এজন দৰবাৰীয়ে বাদছাহক কলে- “হুজুৰ আপুনি স্বামিমক ইমান
বিশ্বাস কৰে, ৰাজকার্যতাে তাৰ মতামত লৈহে বিচাৰ কৰে। এই কর্ম মানুহৰ ভাল
নালাগে। সেৱক যি সেৱকেই। লাগে সি চতুৰ কিম্বা মুখই হওক।” বাদছাহে
তেখেতৰ কথাত কোনাে মন্তব্য নিদিলে।
এদিন প্রাসাদৰ ছাদত বিশ্রাম লওঁতে তেওঁ দেখিলে যে, এদল মানুহক'ৰবাৰ
পৰা আহি ৰৈছেহি। তেওঁ দৰবাৰীজনক ক'লে- ‘যােৱা সুধি আঁহা সৌ মানুহদল
ক’ৰপৰা আহিছে।” বাদঘাহে পুনৰ সুধিলে- “তেওঁলােক যাব ক'লৈ?” এইবাৰ
দৰবাৰীজন মনে মনে থাকিল। কাৰণ তেওঁ কেৱল সিমানেই সুধি আহিছিল। এইবাৰ
বাদছাহে স্বামিমক মাতিলে আৰু কলে- “সুধি আঁহা সৌ মানুহদল ক’ৰ পৰা
আহিছে?” স্বামিমে উভতি আহি উত্তৰ দিলে- “হুজুৰ মানুহল আজমীৰৰ পৰা
আহিছে আৰু তেওঁলােক মদিনালৈ যাব।” বাদছাহেসুধিলে-“মুঠ কেইজন মানুহ
আছে?”স্বামিমে কলে-“মুঠ ৩০৫ জন মানুহ আছে৷ এইবাৰ বাদছাহে স্বামিমক
পঠিয়াই দিলে আৰু বাৰীজনক ক'লে- “আপুনি দেখিলেনে? মই স্বামিমক
নহয়, তেখেতৰ চতুৰালিকহে বিশ্বাস তথা সন্মান কৰোঁ। দৰবাৰী হ'লেই কোনােবা
ডাঙৰ আৰু সেৱক হলেই কোনােবা সৰু হৈ নাযায়।” দৰবাৰীজন বৰ লজ্জিত
হল।
উচ্চপদে কোনাে মানুহক ডাঙৰ নকৰে। কর্মইহে মানুহক ডাঙৰ কৰে।
✍️বিপাশা চৌধুৰী
©All Right Reserved