নিসংগতা মোৰ পৰিচয়....

 যেতিয়া এটা দুখৰ অন্ত পৰি সুখে ধৰা দিয়ে, সেইদিনটো সঁচাকৈয়ে বৰ স্মৰণীয় হৈ পৰে। মােৰ জীৱনটোও সুখেই ভৰপূৰ আছিল।যেতিয়ালৈকে মই মােৰ প্রকৃত পৰিচয় জনা নাছিলাে, মােৰ টকা-পইচাৰ অভাৱ নাছিল,নাছিল খােৱা-পিন্ধাৰ অভাৱ। এটাই মাথাে অভাৱ, মই কোনাে দিন মােৰ প্রকৃত পিতৃ-মাতৃৰ মৰম নাপালাে।মই এখন সুন্দৰ ঘৰত ডাঙৰ-দীঘল হৈছিলোঁ। মােৰ দেউতা এই চহৰৰ এজন ভাল ব্যৱসায়ী আৰু মা এগৰাকী শিক্ষয়িত্রী। মই জন্ম হােৱাৰ বহু আগৰে পৰা আমাৰ ঘৰত এজনী।কামকৰা মানুহ থাকে। মাৰ মুখৰ পৰা শুনি শুনি ময়াে তেওঁক বাই বুলিয়েই মাতাে ৷ তেওঁ মােৰ মাৰ দৰেই আছিল। কাৰণ ঘৰত প্ৰায়ভাগ সময় মই তেওঁৰ লগতেই কটাইছিলোঁ।মােৰ খােৱা-পিন্ধা, স্কুলত থােৱা সকলাে কাম বায়েই কৰে। মােৰ মাৰ নাম প্রতিভা হাজৰিকা আৰু দেউতা ৰঞ্জিত হাজৰিকা আৰু মই এওঁলােকৰ একমাত্র সন্তান। ৰশ্মিতা হাজৰিকা। মায়ে মােক সৰুৰেপৰা পঢ়া-শুনা খেলাধূলা সকলাে দিশতে আগবঢ়াই নিছিল। মই সৰুৰে পৰা পুলিচ হ’বলৈ মন কৰিছিলোঁ আৰু মােৰ লক্ষ্যও স্থিৰ কৰি লৈছিলোঁ। এদিন ৰতনী বাইৰ লগত খেলি থাকোতে মােক হঠাতে ৰতনী বায়ে কৈ পেলাইছিল যে, মই এওঁলােকৰ প্রকৃত সন্তান নহয়। এওঁলােকৰ কোনাে সন্তান নথকাৰ বাবে মােক কিনি লৈছিল দহহাজাৰ টকাৰ বিনিময়ত মােৰ নিজ পিতৃৰ পৰা মাত্র ডেৰবছৰ বয়সত। প্ৰথমতে স্পষ্টকৈ সকলাে কথা জনা নাছিলোঁ যদিও পিছলৈ মই মােৰ প্রকৃত পৰিচয় নিজেই উদ্ধাৰ কৰিছিলোঁ। আজি পােন্ধৰ বছৰে যাক মই মােৰ পিতৃ-মাতৃ বুলি ভাবি আহিছিলোঁ। আচলতে তেওঁলােক মােৰ প্রকৃত পিতৃ-মাতৃ নাছিল। যদিও মই সকলাে জানিছিলোঁ। মা-দেউতাক মই দোষ দিয়া। নাছিলাে, কাৰণ নিজৰ সন্তান নহলেও এওঁলােকে মােক আজিলৈকে কোনাে দুখ দিয়া নাই, টানকৈও একো কোৱা নাই। আৰু এওঁলােকে মােক হেনাে জোৰকৈ অনা নাছিল। মােৰ নিজ পিতৃৰ অনুৰােধতহে মােক ৰাখিছিল। মােৰ পৰিচয় জনাৰ পিছৰে পৰা মই শান্তিত থাকিব পৰা নাছিলোঁ, খাবও পৰা নাছিলোঁ মােৰ মূৰত মাথাে এক প্রতিশােধৰ জুয়ে আগুৰি ধৰিছিল। মােৰ সৰুৰে পৰাই এগৰাকী সৎ আৰক্ষী বিষয়া হ’বলৈ মন আছিল। সেইদিনাৰ পৰা মই নিজকে দৃঢ় কৰি পুলিচ অফিচাৰ হােৱাৰ লক্ষ্য স্থিৰ কৰি লৈছিলোঁ। মােৰ প্রকৃত পৰিচয় জনাৰ কথা মই মােৰ মা-দেউতাক কোৱা নাছিলোঁ। এওঁলােকেওতাে মােক কেতিয়াও অনাদৰ কৰা নাই। এনেকৈয়ে মৰম কৰে যেনেকৈ নিজ সন্তানক মৰম কৰে। দিনকদিনে এক বুজাব নােৱাৰা অশান্তিত ভূগি গৈ থাকিলোঁ মই, তথাপিও নিজৰ লক্ষ্যৰ পৰা আঁতৰি যােৱা নাছিলোঁ। কঠোৰতকৈ কঠোৰতম বাট পাৰ কৰিছিলোঁ মই মােৰ জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ আৰু এদিন মই মােৰ লক্ষ্যত উপনীত হলাে বহু চেষ্টাৰ ফলত। অৱশ্যে মােৰ দেউতা ৰঞ্জন হাজৰিকাৰ বহু অনুৰােধৰ বিনিময়ত মই মােৰ পৰিচয় জনাৰ দিনাৰে পৰা মােৰ প্রকৃত মা-দেউতাক মনে মনে বিচাৰি ফুৰিছিলো। কিন্তু বিচাৰি পােৱা নাছিলোঁ।     এদিন আমি হঠাতে এখন ভিতৰুৱা ঠাইলৈ যাব লগা হ’ল। এজন মানুহক বিচাৰি। মই আৰু মােৰ দুজন সহপাঠী। আমাৰ চহৰৰ পৰা বহুদূৰৰ এখন পিছপৰা গাঁৱলৈ।। গাঁওখনৰ সৰহসংখ্যক ৰাষ্টাইহাবি, বন, গছ-লতাৰে আৱৰা। অলপ দূৰ গৈয়ে আমি এখন সৰু গাঁও পালোঁ। ভৰিত সামান্য দুখ। পােৱাৰ বাবেই মই এটা খেৰৰ ঘৰৰ সন্মুখত বহি পৰিছিলোঁ। তাৰ এগৰাকী মহিলাই মােক শুশ্রুষা কৰিছিল। বিনিময়ত মােৰ পৰা তেওঁ একো বিচৰা নাছিল। তেওঁৰ শুশ্রুষাত মই পাহৰিয়েই গৈছিলোঁ মই ক'ত আছে। তেওঁৰ সেই শুশ্রুষা মই কোনাে দিন কাৰােৰ পৰা পােৱা নাছিলোঁ। আনকি মােৰ সামান্য দুখ পালেও বায়ে মােক এনেকৈয়ে শুশ্রুষাকৰিছিল, যদিও আজি এই হাতৰ পৰশত বহুত পার্থক্য। হয়তাে আমাক দেখি তেওঁ অলপ ভয় কৰিছিল। আৰু সেই ভয় মই তেওঁৰ দুচকুত দেখা পাইছিলোঁ। পিছত ওচৰৰ এগৰাকী মহিলাই আমাক তেওঁৰ স্বামীৰ কথা কৈছিল। তেওঁৰ দুখবােৰৰ কথা কৈছিল। মানুহ এগৰাকীৰ কথাবােৰ শুনি মােৰ বুজিবলৈ বাকী নাথাকিল যে, এইগৰাকীয়ে সেই মানুহজনী যাক মই ইমানদিনে বিচাৰি ফুৰিছিলোঁ। মােৰ দেউতা, অর্থাৎ এই মহিলাগৰাকীৰ স্বামী। দেউতাৰ নাম বিমান তাঁতী। তেওঁ নিজৰ তিনিটি সন্তান আৰু ওচৰ চুবুৰীয়াৰাে চাৰি-পাঁচটা সন্তান মােক তুলি দিয়াৰ দৰেই তুলি দিছে। অকল এয়াই নহয়। তেওঁ সেই টকাৰবাৰে মদ, ভাং খাই, জুৱা খেলে আৰু ঘৰত আহি মাৰ-পিট, কাজিয়া কৰে। সেইদিনা আমি সেই মানুহজনকেই বিচাৰি গৈছিলো। সেইদিনা তেওঁক বিচাৰি নাপালোঁ যদিও তেওঁৰ বিষয়ে আমি অধিক তথ্য লাভ কৰিছিলোঁ। মাকো মােৰ পৰিচয় নিদিলোঁ। অন্য এদিন মই সাধাৰণ পােছাকত গৈ মােৰ মাক পৰিচয় দিছিলোঁ৷ সেইদিনা তেওঁ আনন্দত উজ্বলি উঠিছিল হেৰুৱা সন্তানক ঘূৰাই পায়। পিছত মাৰ গােপন খবৰ জৰিয়তে বিমান তাঁতীৰ সকলাে খবৰ জানিছিলোঁ। আমি ভাবিছিলোঁ, তেওঁৰ বিপক্ষে যিমানেই প্রমাণ। আৰু তথ্য লাভ কৰিম সিমানেই আমাৰ লক্ষ্যত সহজে উপনীত হ’ব পাৰিম। কিন্তু দুই- তিনিদিনমানৰ পিছতেই বিমান তাতীয়ে এই সকলােবােৰ কথা গম পাইছিল আৰু মােৰ মাক হত্যা কৰিছিল। পিছদিনা মই মােৰ পিতৃক গ্রেপ্তাৰ কৰিছিলোঁ নিজ পত্নীক হত্যা কৰা আৰু আগতে কৰি অহা বহু অপৰাধৰ বিনিময়ত। তাৰ আগমুহূর্তত মই মােৰ পৰিচয় তেওঁৰ আগত দিছিলোঁ। মই সেইজনী ছােৱালীয়েই। যাক ডেৰবছৰ বয়সতে কেইটামান টকাৰ বিনিময়ত ৰঞ্জিত হাজৰিকাৰ হাতত তুলি দিছিল। মােক তেওঁ সেইদিনা বহুত অনুৰােধ কৰিছিল যদিও তেওঁৰ প্ৰতি মােৰ দয়া বা ক্ষমা ওপজা নাছিল। মাথোঁ ইমানদিনে জ্বলি থকা ঘৃণা আৰু প্রতিশােধৰ জুইকুৰাহে দপকৈ জ্বলি উঠিছিল। সেইদিনাহে মই অলপ শান্তি পাইছিলোঁ। মনত অলপ দুখ আছিল যদিও সকলােৰে সন্মুখত এগৰাকী সৎ পুলিচ আৰক্ষী বিষয়া হােৱাৰ আশা পূৰণৰ বাবে মােৰ লগতে মােৰ মা-দেউতাৰ বাবেই আজি এই আশা পূৰণ হ’ল। তথাপি মােৰ নিজ মাক ভালপােৱা দিনটোৱে মােৰ দুচকু সেমেকাই তুলিছিল। 



                                                                                                          ✍গীতাশ্ৰী বৰা

©All Right Reserved
Next Post Previous Post
No Comment
Add Comment
comment url