500+ মহৎ লোকৰ বাণী
১)মৃত্যুৰ বিষয়ে অবাবতে চিন্তা-ভাৱনা কৰি সময় অপচয় নকৰিবা। কেৱল মাত্র কাম কৰি যােৱা। জীৱনটোক এনেদৰেই সহনীয় কৰি তােলা।
✍️ভল্টেয়াৰ।
২) যেতিয়া মই কেনেকৈ জীয়াই থাকিব লাগে সেই বিষয়ে শিকো, ঠিক তেনেকৈ মৃত্যুৰ বাবে কেনেকৈ সাজু হ'ব লাগে তাকো শিকি থাকো।
✍️লিঅ'নার্ড’ ডা ভিন্সি।
৩)মৃত্যু হল একমাত্র বস্তু য’ৰ পৰা আমি পলাব নােৱাৰাে, যাক অৱজ্ঞা কৰিব নােৱাৰে।
জন্মদিনৰ পৰাই আমি মৃত্যুৰ দ্বাৰাই দণ্ডিত হৈ আহিছোঁ
✍️জি. এম. গিলম’ৰ
৪) সকলাে জীৱনৰ সর্বশেষ লক্ষ্য মৃত্য
✍ফ্রয়েড
৫)যি গুণবােৰৰ ফলত আনন্দ লাভ হ'ব পাৰেসেইবােৰ মানুহৰ ধর্ম বিশ্বাসৰ লগত পৰম্পৰ বিপৰীতভাৱে হ্রাস বৃদ্ধি হয়।
✍️বাট্টাণ্ড ৰাছেল।
৬) প্রাণীসকলক অহিংসা কৰাতকৈ ধর্ম নাই।
✍️মহাভাৰত
৭)অহিংসা, সত্য, পৱিত্ৰতা, অদ্বেষ, অক্ৰুৰতা আৰু ক্ষমা এইবিলাক সকলােৰে ধর্ম। স্ব-ধৰ্মত স্বর্গ আৰু অনন্ত সুখ লাভ হয়। তাক অতিক্ৰম কৰিলে।মানুহৰ বৰ্ণসংকৰত্ব প্রাপ্ত হৈ উচন হয়।
✍️কৌটিল্য
৮) স্বধৰ্মৰ বাহিৰে আনৰ ধৰ্মক বেয়া বুলি ভবা বেয়া।নানা বাটেদি গৈয়াে ঈশ্বৰৰ ওচৰত প্ৰৱেশ কৰিব পাৰি।
✍️ ৰামকৃষ্ণ পৰমহংস।
৯)বিভিন্ন ধর্ম বিষয়ক অধ্যয়নৰ পৰা এটা কথাতমই বিশ্বাস কৰিছাে যে কোনেও কাকো মনে মনে উপাসনা নকৰে। কিন্তু নিজকহে উপাসনা কৰে।
✍️ আৰ, এফ বাটন।
১০)ৰাজনীতিৰ দৰে জুৱা খেল ক’তাে নাই।
✍️ডিজেৰলি।
১১)প্ৰতিটো যুগৰ প্ৰশাসনীয় ধ্যান-ধাৰণা শাসক গােষ্ঠীৰ ধ্যান-ধাৰণাৰেই প্রতিফলন মাত্র
✍️ কার্ল মার্ক্স
১২) ৰাজনীতি মচলা গুড়ি কৰা যন্ত্ৰৰ দৰে। ইয়াৰ কৱলত জ্ঞানী মূখ দুয়ােবিধ মানুহেই এক হৈ যায়।
✍️ ইবচেন।
১৩) ৰাজনীতিৰ বিষয়ে যিমান বেছিকৈ পঢ়িবা।
তেতিয়াই তুমি জানিবলৈ পাবা প্রতিটো দলতকৈ
ইটো দল কিমান নিকৃষ্ট।
✍️ উইল ৰজাৰছ।
১৪)সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে। কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে।
✍️ মহাত্মা গান্ধী।
১৫) সত্য কেতিয়াও কৃত্রিম হ’ব নােৱাৰে। ই এনে
বস্তু যাক ইচ্ছামতে তৈয়াৰ কৰিব নােৱাৰি।
✍️ডেকার্ট।
১৬)উপকাৰী অসত্যতকৈ অনিষ্টকাৰী সত্য বেছি
ভাল।
✍️ টি. ম্যান।
১৭)সত্য কেতিয়াবা নিষ্প্রভ হ'ব পাৰে, কিন্তু লুপ্ত
নহয়।
✍️লিভি।
১৮) সর্বশেষ বিচাৰত সকলাে মহান সত্য সৰল আৰু সহজে বােধগম্য। যদি সেইটো নহয়, তেন্তে
সি মহান সত্য নহয়।
✍️নেপােলিয়ন হিল।
১৯)সংসাৰত গাৰ বলেৰে বা শক্তিৰে সংগ্ৰহ কৰিব।নােৱৰা বস্তু হ'ল জ্ঞান। জ্ঞান আর্জিবলৈ একমাত্র লাগে অধ্যয়ন।
✍️জনচন।
২০)জ্ঞান পিপাসু আৰু সাধনাৰত লােকক কোনাে বাহ্যিক দুখ-কষ্ট বা অভাৱ-অনাটনৰ চিন্তাই বিচলিত কৰিব নােৱাৰে।
✍️লাল বাহাদুৰ শাস্ত্রী।
২১) যিসকলে অনুভৱ কৰে তেওঁৰ বাবে জীৱনটো ট্রেজেডি আৰু যিসকলে ভাৱে তেওঁলােকৰ বাবে কমেডী।
✍️ লা. ব্রুমেৰ।
২২) জীৱনটো পিয়াজৰ দৰে। এটা সময়ত তুমি ইয়াৰ এটা স্তৰ গুচাই দিবা আৰু কেতিয়াবা কান্দিবা।
✍️ কাল চেণ্ডবার্গ।
২৩)তােমাৰ জীৱনটো কিমান দীঘল সেয়া গুৰুত্বপূর্ণ নহয়। তােমাৰ জীৱনটোৰ গুণগত মানটোহে গুৰুত্বপূর্ণ। ✍️ৰজাৰ ওচন।
২৪)পৃথিৱীলৈ অহাৰ পথ মাত্র এটাহে। কিন্তু গুচি
যােৱাৰ পথ ভিন্ন।
✍️ ডনাল্ড হেৰিংটন।
২৫)জীৱনটো এটা শ্ৰেণীকোঠা, য'ত আমাক পৰীক্ষা লােৱা হয়, যত্ন কৰা হয় আৰু উত্তীর্ণ কৰা হয়।
✍️ ৰবাৰ্ট থিবডেও
২৬) এখন ভাল কিতাপ নষ্ট কৰা আৰু এজন ভাল মানুহক হত্যা কৰা একে কথা।
✍️মিলটন
২৭) এটা বেজিৰে এজন ৰােগীৰহে চিকিৎসা হয়।কিন্তু স্বাস্থ্যজ্ঞানৰ এখন গ্রন্থেৰে হাজাৰ ৰােগৰ প্রতিবিধান পায় ✍️ প্রবীণ সাহিত্যিক।
২৮) কিতাপ নথকা ঘৰ আৰু আত্মাহীন দেহা একেই।
✍️চিচেৰাে
২৯)এখন ভাল কিতাপ আজিৰ বাবে নহয়, চিৰদিনৰ বাবেই ভাল বন্ধু।
✍️ এম. এফ. টুপাৰ
৩০)সকলাে কিতাপক দুটা ভাগত ভাগ কৰিব পাৰি— এঘণ্টাৰ কিতাপ আৰু সকলাে সময়ৰ কিতাপ।
✍️জন ৰাস্কিন
৩১)এখন যুদ্ধতকৈও এখন কিতাপ বেছি মহান আৰু বিস্তৃত
✍️ বেঞ্জামিন ডিজেৰলি।
৩২)কিতাপৰ কোনাে ভাল বেয়া নাই, মাথাে ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ এই দুটা ভাগহে আছে।
✍️অস্কাৰ ৱাইল্ড।
৩৩)মানুহে বিশ্বাসৰ যােগেদিয়েই পর্বত বগাব পাৰে।
✍️মহাত্মা গান্ধী।
৩৪)মানুহৰ ওপৰত থকা বিশ্বাসতকৈ মই আন কাৰাে ওপৰত থকা বিশ্বাসৰ প্ৰয়ােজনীয়তা অনুভৱ নকৰাে।
✍️ পার্ল এছ বার্ক।
ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰন কৰাই শ্ৰেয় ।
= মহাত্মা গান্ধী।
প্ৰকৃত শিক্ষাই মানুহৰ মৰ্য্যদা বঢ়ায় তদুপৰি ই আত্ম সন্মানো বৃদ্ধি কৰে ।
= এ. পি. জে. আব্দুল কালাম।
সিদ্ধান্ত লব নোৱাৰা মানুহতকৈ দূৰ্ভগীয়া আন কোনো নাই ।
= উইলিয়াম জেমছ।
চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে ।
= সত্যনাথ বৰা।
উপদেশতকৈ আৰ্হি ভাল ।
= হজৰত মহম্মদ।
এই পৃথিৱীত মূৰ্খৰ বাহিৰে কোনেও চিন্তাহীন বাবে জীয়াই থাকিব নোৱাৰে ।
= এলবাৰ্ট হাৱাৰ্ড ।
এটা মাত্ৰ ফুলে বসন্তক আগমন ঘটাব নোৱাৰে ।
= আফগানী প্ৰবচন ।
অতীতৰ নিচিনাকৈ ভৱিষ্যতটোৱেও বৰ্তমানক প্ৰভাৱিত কৰে ।
= ফ্ৰিজেডৰিখ নীতসে ।
পাপেৰে কিছু লোকৰ উন্নতি হয় । আন বহুতৰ ভাল কামেৰেও পনত ঘটে ।
= শ্বেক্সপীয়েৰ ।
তুমি যেন জীৱনৰ প্ৰতিটো দিনেই পৰিপূৰ্ণভাৱে জীৱাই থকা , এয়ে মোৰ প্ৰাৰ্থনা ।
= জনাথন ছুইফট ।
জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে ; মুৰ্খই শিকে নিজৰ ভূলৰ পৰা ।
= এইচ . জি . ৰন ।
যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে আৰু জ্ঞানে পথ দেখুৱাই , সেইটোৱেই হ'ল ভাল জীৱন ।
= বাট্ৰাণ্ড ৰাছেল ।
সকলো বিজ্ঞানৰ আৰম্ভণী হয় দৰ্শন হিচাপে আৰু শেষ হৈ কলা হিচাপে ।
= উইল ডুৰাণ্ড ।
আন মানুহৰ বিষয়ে সঁচা কথা ক 'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী ।
= ফিলিপ গুৱেডেলা ।
শিক্ষাই জীৱন, জীৱনেই শিক্ষা৷
= লজ।
নিজক সদায় আনন্দত ৰাখিবা৷ আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন, দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়৷
= ওমাৰ্চন।
যি মানুহৰ ধৈৰ্য শক্তি আছে, তেওঁৰ অসাধ্য একোৱে নাই৷
= বেঞ্জামিন ফ্ৰেংকলিন।
কোনোৱে তোমাক সহায় কৰিব নোৱাৰে৷ নিজেই নিজৰ সহায় লোৱা ৷
= বুদ্ধদেৱ।
এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভূলৰ পৰাই সদায়েই শিক্ষা লৈ আগবাঢ়ে।
= ডেল কাৰ্নেগী৷
কাহিনীতকৈ পাতনি দীঘল কৰাতো মুৰ্খামিৰ চিন
=অ 'ল্ড টেষ্টামেণ্ট ।
মই ইয়াত কতো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্র মানুহ ।
= গুৰুনানক।
অহিংসা পৰম ধৰ্ম ।
= মহাত্মা গান্ধী।
মৃত্যুতকৈ কষ্টেৰে জীয়াই থাকিবলৈ বেছি সাহসৰ প্ৰয়োজন
= নেপোলিয়ন।
এখন সমাজ সুচাৰুৰূপে পৰিচালিত হবলৈ লাগে - অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ।
=ৰাজা ৰামমোহন ৰায় ।
নজনাটো লাজৰ কথা নহয়, শিকিবলৈ যত্ন নকৰাটোহে লাজৰ কথা৷
= বেঞ্জামিন ফ্ৰেংকলিন৷
এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই৷-সচাঁকৈয়ে! তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ?
= এমাৰ্চন৷
নীৰৱতা হ'ল জীৱনৰ এক অমূল্য বস্তু, যাৰ ভিতৰত বহু বস্তুৱে জন্মলাভ কৰে ।
= থমাছ কাৰ্লাইল৷
মানুহৰ মন সদায় একে ঠাইতেই থাকে৷ কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে৷
= জন মিল্টন৷
নিজৰ কুকুৰটোৰ কাৰণে গৰাকীজন সদায়েই নেপোলিয়নৰ দৰে বীৰপূৰুষ । সেই গুণেই কুকুৰক সকলোৰে প্ৰিয় কৰি তোলে = হাক্সলী ।
উশাহ লৈ থকা মানেইতো জীয়াই থকা নহয়৷
= মেথিউ।
প্ৰেম হৈছে এনে এক জীৱনপুষ্প যি প্ৰস্ফুটিত হয় অভাৱনীয়, অপৰিকল্পিতভাৱে, কোনোৱে নজনাকৈয়ে, প্ৰকৃতিৰ সকলো নিয়ম উলংঘা কৰি৷
= ডি এইছ লৰেঞ্চ।
যি নিজস্বক হেৰুৱাই তেওঁ সকলো হেৰুৱাই ।
= মহাত্মা গান্ধী।
এজন অসৎ লোকৰ লগত ফুৰাতকৈ অকলে ফুৰাই ভাল ।
= হজৰত মহম্মদ।
অন্ন বস্ত্ৰ ইশ্বৰ প্ৰাপ্তিৰ বস্তু নহয় ভক্তিয়েই একমাত্র পথ ।
= শংকৰদেৱ।
বিৰহৰ এটোপাল চকুলো মিলনৰ হাজাৰ আনন্দতকৈ মহান ।
= হোমাৰ।
শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সমস্তই কৰিব পাৰে ।
= মহাত্মা গান্ধী।
যিমান পাৰা সিমান আগবাঢ়ি গৈ থাকা এয়েই ঈশ্বৰৰ বাণী ।
= ডঃ বানীকান্ত কাকতি।
পাপক ঘিণ কৰিবা পাপীক ঘিন নকৰিবা ।
= যীশুখৃীষ্ট।
জীৱনক সত্য সুন্দৰ আৰু মঙ্গলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য ।
= নীলমণি ফুকন।
পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে ।
= জৱাহৰলাল নেহৰু।
যি মূলা বাঢ়ে তাৰ দুপাততে চিন ।
= ডঃ বানীকান্ত কাকতি।
অভিজ্ঞতাই ডাঙৰ কিতাপ আৰু জীৱন হৈছে বিদ্যালয় ।
= হেম বৰুৱা।
যি জনে মানুহৰ চিন্তা কৰিব নাজানে তেওঁ জীয়াই থাকিব নাজানে ।
= ভল্টেয়াৰ।
জীৱনৰ অন্য নাম সংগ্ৰাম৷ সংগ্ৰাম অবিহনে জীৱন জীৱনেই হ'ব নোৱাৰে৷ সংগ্ৰাম বা সংঘাতৰ স'তে যুঁজি যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে৷
= নেপোলেয়ঁ বোনাপাৰ্ট।
প্ৰতিকূলতাই কোনো কোনো মানুহক প্ৰায় ভাঙি দিয়ে, আকৌ এচাম মানুহ আছে, যিসকলে প্ৰতিকূলতাই ভাঙি পেলোৱাটো জীৱনৰ প্ৰত্যাহ্বান বুলি গ্ৰহণ কৰে৷
= উইলিয়াম এডৱাৰ্ড৷
মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়৷ আত্ম-বিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন৷
হেনৰি ডেভিদ থৰো।
ভূল জনাতকৈ নজনাই ভাল ।
= শ্বেক্সপীয়েৰ।
জীৱনত কোনো সুযোগ - সুবিধা নাপালোঁ বুলি কোনো মহৎ লোকে আপত্তি কৰাৰ উদাহৰণ নাই
= আৰ . ডব্লিউ . এমাৰছন ।
জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই । এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে ।
= আইনষ্টাইন ।
তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ'ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয় ।
= চেইন্ট জে'ৰম ।
তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ'ল জীৱাই থকাৰ নিশ্চিত লক্ষণ ।
= এলবাৰ্ট হুবাৰ্ড ।
যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি ।
= প্লেটো।
ভাগ্য বুলি বেলেগ এটা বস্তু নাই ; মানুহৰ চৰিত্ৰই মানুহৰ নিয়তি ।
= হেৰাক্লিটাছ ।
ঈশ্বৰৰ প্ৰতি মোৰ জনাবলগীয়া মিনতিটো অতি সাধাৰণ আৰু সংক্ষিপ্ত । সেয়া হ'ল - হে ঈশ্বৰ , মোৰ শত্ৰুসকলক হাঁহিয়াতৰ প্ৰাত্ৰ কৰি তোলা ।
= ভলটেয়াৰ ।
পুতি থোৱা শস্য গজিব পাৰে , কিন্তু বিপথে যোৱা প্ৰতিভাৰ পুনৰ্জন্ম নহয় ।
= বেকেন ।
জীৱনটো কি বস্তু , সেই কথা বুজিবলৈ হ'লে আমি পাছলৈ ঘূৰি চাব লাগিব ; কিন্তু জীৱনটো ষাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ ।
= ছোৰেন কিয়েৰ্কগাৰ্ড ।
কঠোৰতম সত্যটোতকৈ সন্দেহ অতি নিষ্ঠুৰ ।
= মৰ্লিয়েৰ ।
মুৰ্খই আশ্চৰ্য প্ৰকাশ কৰে আৰু জ্ঞানীয়ে প্ৰশ্ন কৰে।
= বেন্জামিন ডিজৰেলি ।
সেইজনেই প্ৰকৃত সাহসী যিজনে নিজৰ ব্যৰ্থতাৰ কথা অকপটে স্বীকাৰ কৰিব পাৰে আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ পথত বাট বুলিব পাৰে৷
= অভিনয় শিল্পী মৰিচ চেভালিয়া৷
জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ৷
= এমাৰছন৷
মহত কাম শক্তিৰে নহয় , অধ্যৱসায়ৰে সম্পন্ন হয়। = ছেমুৱেল জনছন ।
যি পাৰ হৈ গ’ল সেই অতীতলৈ আৰু উভতি নাচাবা৷ কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া৷ তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ’ব পাৰিবা৷
= স্বামী বিবেকানন্দ৷
প্ৰেমৰ আনন্দ অতি ক্ষণস্থায়ী, চিৰস্থায়ী প্ৰেমৰ বেদনাহে৷
= ৰবীন্দ্ৰনাথ ঠাকুৰ৷
কৰো বুলি কোনেও প্ৰতিভাৰ সৃষ্টি কৰিব নোৱাৰে৷ ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি৷
= এইছ জি ৱেইলছ৷
কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে৷
= বেইলী।
যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভূল কৰা নাই ইয়াৰ অৰ্থ হ'ল যে তেওঁ শিকিবলৈ কোনো চেষ্টা কৰা নাই৷
= এৰিষ্ট'টল।
জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ।
= খলিল জিব্ৰান ।
পেটটোতকৈ নিখুঁত ঘড়ী আন একো নাই ।
= ফৰাচী প্ৰবচন ।
প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সচাঁই বৰ মধুৰ৷
= উইলিয়াম শ্বেইক্সপীয়েৰ
তুমি যদি প্ৰকৃততেই নিজৰ চৰিত্ৰ গঢ়ি জীৱনত সফলতা লাভ কৰিব বিচাৰিছা, তেন্তে দুটা কথাৰ বিচাৰ তুমি সদায়েই কৰিবা৷ সেয়া হ'ল কোনবোৰ কাম তোমাৰ সাধ্যৰ ভিতৰত আৰু কোনবোৰ তোমাৰ সাধ্যৰ অতীত৷
= ফ্ৰান্সিছ থমছন৷
বিখ্যাত হোৱাতকৈ বিশ্বাসী হোৱাতো শ্ৰেয়।
= টি . ৰুজভেল্ট ।
জীৱনটো ইমানেই চুটি যে বিৰক্ত বা অৱসাদগ্ৰস্ত হ'বলৈ জীৱনত কোনো সুৰুঙাই নাই ।
= নীতসে
খং য়েতিয়া উঠে , তেতিয়া সদায় ফলাফললৈ মনত ৰাখিব ।
= কনুফুচিয়াছ ।
স্বাধীনতা ভাল পোৱা মানে আনক ভাল পোৱা , ক্ষমতাক ভাল পোৱা মানে নিজক ভাল পোৱা ।
= উইলিয়াম হেজলিট ।
যৌৱনত মই সময় অপব্যয় কৰিছিলো । প্ৰতিদানত এতিয়া সময়ে মোক অপব্যয় কৰিছে ।
= শ্বেক্সপীয়েৰ ।
এজন মানুহক ওৰে জীৱন ধৰি প্ৰশ্ন কৰিবলৈ শিকোৱাতো হ'ল শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য ।
= বিছপ মেণ্ডেল ক্ৰিটন ।
সদায়ে মনত ৰাখিব - হাঁহিলে যিকেইটা দাঁত ওলায় , সেইকেইতা গালি পাৰিলেও ওলায় ।
= পশ্চিম আফ্ৰিকাৰ প্ৰবচন ।
বেয়া কামৰ স্বীকাৰৰোক্তিয়েই হ'ল ভাল কাৈমৰ আৰম্ভণী ।
= ছেইন্ট অগষ্টাইন ।
প্ৰথমে আনক সুখী কৰি নিজে সুখী হোৱাই হ'ল সুখী হোৱাৰ আটাইতকৈ সহজ উপায় ।
= ৰালফ ইন্গাৰছ'ল ।
পৃথিৱীৰ আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা ।
= ৰামকৃষ্ণ পৰমহংস।
এলেহুৱা মানুহৰ শৰীৰ পেলাই থোৱা চিবিৰ নিচিনা৷ ব্যৱহাৰ নকৰা চিবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰতো সেইদৰে ৰোগ হয়৷ ব্যৱহাৰ কৰা চাবি যেনে চকচকীয়, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া৷ তুমি যদি সৰহদিন জীয়াই থাকিবলৈ মন কৰা তেন্তে বহি সময় নষ্ট নকৰিবা৷
= ৰিচাৰ্ড
সময়েই ধন ৷
=বেঞ্জামিন ফ্ৰেঙ্কলিন৷
মুৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে ।
=বুদ্ধদেৱ
অহিংসা আৰু প্ৰেমৰ পথ অনুসৰন কৰিলেহে শান্তি আহিব ।
=মহাবীৰ
ডিউতি - কৰ্তব্য - এইটোৱেই হ'ল ইংৰাজী ভাষাত আটাইতকৈ সৰল শব্দ ।
= আৰ . ই . লী ।
যেতিয়াই খং উঠে চাৰিলৈকে গণক । বেছি খং উঠিলে শপত খাওক।
= মাৰ্ক টোৱেইন ।
পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য।
=লক্ষ্মীনাথ বেজবৰুৱা
নোৱাৰা শব্দটো মুৰ্খৰ ভঁৰালত থাকে ।
=আব্ৰাহাম লিংকন।
মনত ৰাখিব - আপোনাৰ জীৱনৰ প্ৰতিটো দিনেই আপোনাৰ ইতিহাসৰ একো পৃষ্ঠা।
= আৰৱিক প্ৰবচন ।
নতুন বন্ধুক আঁকোৱালি ল'ব নোৱাৰাজনেই জীৱাই থকাৰ কলা হেৰুৱাই পেলায় ।
= ৱেইৰ মিটছেল ।
উপদেশ দিয়া মানুহজনতকৈ উপদেশ বিচৰা মানুহজন প্ৰায়েই শ্ৰেষ্ঠতৰ বুলি প্ৰমাণিত হয় ।
= কাৰ্ল ফন নোবেল ।
অন্ধই যদি অন্ধক পথ দেখুৱাই , দুয়োজনেই খালত পৰে ।
= নিউ টেষ্টামেণ্ট ।
যি চাকি নিজেই নজ্বলে আনক জ্বলাব কেনেকৈ ।
=সৰ্ব্বপল্লী ৰাধাকৃষ্ণন।
মানুহ এদিন মৰিবই লাগিব, দোষ কৰি মৰাতকৈ বিনাদোষে মৰা বেছি ভাল।
=চক্ৰেটিছ।
দেশতকৈ মোমাই ডাঙৰ নহয়।
=লাচিত বৰফুকন।
আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজক সমালোচনা কৰা৷ নিজে শুদ্ধ আৰু পবিত্ৰ হ’ব পাৰিলেহে আনৰ বিষয়ে মতামত দিয়াৰ যোগ্যতা অৰ্জন কৰিব পাৰিবা।
= চক্ৰেটিচ।
মৰমেহে মৰমক জন্ম দিয়ে ।
= চফ'কলছ ।
নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা ।
= স্বামী বিবেকানন্দ।
মানুহে যিমান কিতাপ পঢ়িবলৈ শিকে সিমানে ভাবিবলৈ শিকে ।
= জৱাহৰলাল নেহৰু।
আমি যি জানো সি অতি সামান্য৷ আমি যি নাজানো তাৰ সীমা নাই৷
= পাৰলেচ।
খং নকৰিবা নিজৰে সৰ্বনাশ হ'ব৷ অহংকাৰ নকৰিবা পতন হ'ব, কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা, ফাঁকি নিদিবা, ফাঁকত পৰিবা।
= স্বামী বিবেকানন্দ ৷
নিৰক্ষৰতা মানেই জ্ঞানহীন নহয়।
= ৰবীন্দ্ৰনাথ ঠাকুৰ।
শিক্ষা নথকা মানুহ এজন শুকান কাঠৰ দৰে ।
= হজৰত মহম্মদ।
শিক্ষিত হবলৈ হলে সকলো বিষয়তে জ্ঞান থাকিব লাগিব ।
= সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ।
বিদ্যা মানুহৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ ।
= ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ।
যাৰ দুই চকু নাই তেওঁ অন্ধ নহয়, যিজনে নিজৰ দোষ ঢাকি ৰাখি আনৰ দোষ খুচৰি ফুৰে তেওঁয়েই প্ৰকৃত অন্ধ ।
= মহাত্মা গান্ধী।
আজিৰ কাম কাইলৈ কৰিম বুলি থৈ নিদিবা, কাৰণ কাইলৈ তোমাৰ কি অৱস্থা হ'ব তুমি নাজানা৷ =হজৰত মহম্মদ ৷
পৰিস্থিতি যিমানেই ভয়লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত৷
= পিয়েৰ টেলহাৰ্ড।
ঘৃণাৰে নিজক ভাৰাক্ৰান্ত কৰি নল'বা । তুমি ভবাতকৈ ই অতি গধুৰ বোজা ।
= মেডাম দ্য চেভিন ।
ধন ব্যয় কৰাত ফুটি ওলায় মানুহৰ জীৱনবোধৰ পৰিচয় ।
= গ্যেটে ।
ধৰ্ম নামৰ দৈত্যটোক বধ কৰিব নোৱাৰালৈকে স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰি ।
= বাট্ৰাণ্ড ৰাছেল ।
দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত ।
= বুদ্ধদেৱ।
কুসংষ্কাৰ হল পৃথিৱীৰ সৱাতোকৈ ডাঙৰ বোজা ।
= সৰ্বপল্লী ৰাধাকৃষ্ণণ।
মানুহৰ হাতত অহিংসা শক্তিয়েই সৰ্বশ্ৰেষ্ঠ শক্তি ।
=মহাত্মা গান্ধী।
খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু।
= মহাত্মা গান্ধী ।
একমাত্ৰ সন্তানেহে মাতৃৰ সাহস আৰু দুখ বুজি পায় ।
= মুল্কৰাজ আনন্দ ।
জীৱনত দুটাই ট্ৰেজেডি-বিচৰাতো নোপোৱা আৰু পোৱাতো ।
= অস্কাৰ ৱাইল্ড ।
কাম কৰাৰ সময় এতিয়াই । কিবা এটা কৰাৰ সময় কেতিয়াওঁ শেষ হৈ নাযায় ।
= কাৰ্ল ছেণ্ডবাগ ।
ধাৰণাৰ যুদ্ধত প্ৰথমে মৃত্যু হয় মানুহৰ ।
= এছ . জে . লেক ।
সুন্দৰৰ আৰাধনা জীৱনৰ খেল ।
= চন্দ্ৰ কুমাৰ আগৰৱালা।
চুৰ কৰা মহাপাপ ।
= বুদ্ধদেৱ।
যাৰ ধৈৰ্য্য আছে তেওঁ বিচৰা বস্তু সকলো পাব পাৰে ।
= ফ্ৰেংকলিন।
মৰমে ভাঙিব নোহোৱা ব্যৱধান একো নাই ।
= মহাত্মা গান্ধী।
সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা, যদি তুমি সচাঁকৈয়ে সফল হ'ব বিচাৰিছা তেন্তে ক্ষন্তেক জিৰণি লোৱা আৰু ভাবা -তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা,দেখিবা এইবেলি সফলতাই তোমাক খেদি ফুৰিছে৷
=ডেভিদ ফ্ৰষ্ট ৷
ধৈৰ্য্যৰ স্বাদ অতি তিতা কিন্তু তাৰ ফল অতি সুমিষ্ট।
= ৰুছো।
জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই ।
= যীশুখৃীষ্ট।
শিক্ষা হৈছে সঞ্জীৱনী অমৃত ।
= জাকিৰ হুচেইন।
সত্যৰ সদায় জয় ।
= মহাত্মা গান্ধী।
কাৰো অন্যায় নকৰিবা, মিছা কথা নকবা, হিংসা নকৰিবা ।
= বুদ্ধদেৱ।
এজন অবিশ্বাসী বন্ধুতকৈ এজন বিশ্বাসী শত্ৰুই ভাল ।
= নেপলিয়ন।
হিংসা এনে পাপ যি পাপৰ প্ৰায়চিত্ত নাই ।
= হজৰত মহম্মদ।
চৰিত্ৰ মানুহৰ আচল সম্পত্তি।
= মাইলচ।
নিজক জ্ঞানী বুলি ভবা জনেই হল আচল মুৰ্খ ।
= ভল্টেয়াৰ।
সুখ কাৰো চিৰকলীয়া নহয় ।
= কমলাকান্ত ভট্টাচাৰ্য্য।
জীৱনত যি জনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নলবা ।
= শ্বেক্সপীয়েৰ।
জাৱৰ সাৰিলে ঠাই যি দৰে পৰিস্কাৰ হয় তেনেকৈ নিজৰ ভুল স্বীকাৰ কৰিলে মন শুদ্ধ হয় ।
= হেম বৰুৱা।
শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে ।
= চক্ৰেটিছ।
আনক কোৱাতকৈ নিজে কৰাটো ভাল ।
= ব্ৰাউন্ড ৰাছেল।
দায়বন্ধতা হ'ল মহানতাৰ মূল্য ।
= চাৰ্লিচ ।
কামতো হৈ যোৱাৰ পাছত মুৰ্খও জ্ঞানী হৈ পৰে ।
= হোমাৰ ।
মহৎ লেখকৰ প্ৰধান লক্ষণ হ'ল ভাষাৰ সৰলতা আৰু স্পষ্টতা ।
= ফ্ৰেডেৰিক আমিয়েল ।
নিজৰ ইচ্ছাক অনুসৰণ কৰাজনেই সম্ৰাট ।
= আইৰিছ প্ৰবচন ।
টেঙৰালিক লুকুৱাই ৰাখিব জনাটোৱেই হ'ল আটাইতকৈ ডাঙৰ টেঙৰালি ।
= ফৰাচী পটন্তৰ ।
অপেক্ষা আৰু আশা - এই শব্দ দুটাতেই মানৱ বুদ্ধিমত্তাৰ সকোখিনি নিহিত হৈ আছে ।
= আলেকজেণ্ডাৰ ডুমা ।
মজলীয়া প্ৰতিভা বা বুদ্ধিবৃত্তিৰ মানুহে আটাইতকৈ বেছি জ্ঞান আহৰণ কৰিব পাৰে ।
= ক্লড বানাৰ্ড ।
মাতৃৰ কিঞ্চিত স্নেহ হাজাৰজন ধৰ্মগুৰুৰ শিক্ষাতকৈ বহু ঊধবৰ্ত।
= স্পেনিছ প্ৰবচন ।
ধৰ্মৰ মাজৰ মজ্জাখিনি উলিয়াই ল'ব লাগে ; হাড়খিনি কেলেই?
= জালানুদ্দিন ৰুমী ।
বুদ্ধিমান হোৱাৰ বাবে আমি বহু মূল্য ভৰিবলগীয়া হয় । জ্ঞানে যন্ত্ৰণা দিয়ে ।
= ইউৰিপিডিছ ।
মহত কাৰ্য সিদ্ধিৰ বাবে অকল কাম কৰাই নহয় , স্বপ্নও দেখিব লাগিব ।
= আনাতোঁলা ফ্ৰা ।
আপুনি বস্তুবোৰৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী সলনি কৰক, আৰু আপুনি চোৱা বস্তুবোৰ সলনি হ’ব"
– ৱেইন ডায়াৰ
"গতি বজাই ৰখাৰ এটা উপায় হ'ল নিৰন্তৰ অধিক লক্ষ্য ৰখা।"
– মাইকেল কোৰ্ডা
"আপুনি আপোনাৰ সপোনবোৰ ৰখাটো কিয় অব্যাহত ৰাখিব লাগে ? কিয়নো আপুনি কৰিব নোৱাৰে বুলি কোৱা লোকসকলৰ মুখবোৰৰ চেহেৰা অবৰ্ণনীয় হ'ব।"
– কেভিন এনজিঅ'
"নিৰাশাবাদীজনে প্ৰতিটো সুযোগতে অসুবিধা দেখে। আশাবাদীসকলে প্ৰতিটো অসুবিধাত সুযোগটো দেখে।"
– উইনষ্টন চাৰ্চিল
"জীৱন এটা দুঃসাহসিক অভিযান, ই এটা পেকেজ ভ্ৰমণ নহয়।"
– একহাৰ্ট টলে
"এজন বিজয়ী কেৱল এজন পৰাজিত ব্যক্তি যিয়ে আৰু এবাৰ চেষ্টা কৰিছিল।"
– লিওনাৰ্ডো ডিকেপ্ৰিঅ'
"কালিৰ দিনটোক আজিৰ দিনটোৰ ততোধিক সময় ল'বলৈ নিদিব।"
– উইল ৰডৰ্ছ
"প্ৰয়োজনীয় কাম আৰম্ভ কৰক, তাৰ পিছত যি সম্ভৱ সেয়া কৰক, তাৰ পিছত হঠাতে আপুনি অসম্ভৱ টো কৰি পেলাব।"
– এচিছৰ ফ্ৰান্সিছ
"আপুনি আপোনাৰ জীৱনৰ কিবা এটা বনাব পাৰে। এইটো কেৱল আপোনাৰ ড্ৰাইভৰ ওপৰত নিৰ্ভৰ কৰে।" – এমিনেম
"জীৱন এখন চলচ্চিত্ৰৰ দৰে। আপোনাৰ নিজৰ সমাপ্তি লিখক। বিশ্বাস কৰি থাকক, ভাও ধৰি থাকক।" – জিম হেনছেন
"এটা ধাৰণা লওক। সেই এটা ধাৰণাই আপোনাৰ জীৱন তৈয়াৰ কৰক। ইয়াৰ বিষয়ে চিন্তা কৰক, ইয়াৰ সপোন দেখক, সেই ধাৰণাটোৰ ওপৰত জীয়াই থাকক। মগজু, পেশী, স্নায়ু, আপোনাৰ শৰীৰৰ প্ৰতিটো অংশ, সেই ধাৰণাৰে পৰিপূৰ্ণ হ'বলৈ দিয়ক, আৰু কেৱল আন সকলো ধাৰণা ঘৰত এৰি দিয়ক। এয়াই হৈছে সফলতাৰ পথ।"
– স্বামী বিবেকানন্দ
সফল ব্যক্তি নহ'বলৈ চেষ্টা কৰক, বৰঞ্চ মূল্যৱান ব্যক্তি হ'বলৈ চেষ্টা কৰক।"
– এলবাৰ্ট আইনষ্টাইন
'বিফলতা হৈছে মছলা যি সফলতা প্ৰদান কৰে ই সোৱাদ।'
– ট্ৰুমেন কেপোট
"এইটো কিমান আশ্চৰ্যজনক যে পৃথিৱীখন উন্নত কৰিবলৈ আৰম্ভ কৰাৰ আগতে কাকো এক মুহূৰ্তৰ বাবে অপেক্ষা কৰাৰ প্ৰয়োজন নাই।" – এন ফ্ৰেংক
"সকলো প্ৰগতি আৰামদায়ক ক্ষেত্ৰৰ বাহিৰত হয়।"
– মাইকেল জন ববাক
"আমি পৰৱৰ্তী শতিকালৈ আগবাঢ়ি যাওঁতে, যি আনক শক্তিশালী কৰে তেওলোক নেতা হ’ব।"
– বিল গেটছ
"একো impossible নহয়, শব্দটোৱে নিজেই কয় "Im possible!"
- অড্ৰে হেপবাৰ্ণ
"যেতিয়া সুখৰ এটা দুৱাৰ বন্ধ হয়, আনটো খোলে, কিন্তু প্ৰায়ে আমি বন্ধ দুৱাৰখনলৈ ইমান দীঘলীয়া কৈ চাওঁ যে আমি আমাৰ বাবে মুকলি হোৱা দুৱাৰখন দেখা নাপাওঁ।"
– হেলেন কেলাৰ
"আমি আভ্যন্তৰীণভাৱে যি পাও, সেয়াই বাহিৰৰ বাস্তৱতা সলনি কৰে।"
– প্লুটাৰ্ক
"আপুনি আজি কি কৰে তাৰ ওপৰত ভৱিষ্যত নিৰ্ভৰ কৰে’’
– মহাত্মা গান্ধী
"আপুনি কোৱা কথাবোৰ মানুহে পাহৰি যাব। আপুনি যি কৰিছিল সেয়া মানুহে পাহৰি যাব, কিন্তু আপুনি তেওঁলোকক কেনে অনুভৱ কৰাইছিল তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে।"
– মায়া এঞ্জেলু
"প্ৰতিটো দিনক এক উৎকৃষ্ট কৃতি হিচাপে তৈয়াৰ কৰক।"
– জন উডেন
"প্ৰতিটো নেতিবাচক হৈছে এক ইতিবাচক, মোৰ সৈতে ঘটি থকা বেয়া ঘটনাবোৰ, মই কেনেবাকৈ ভাল কৰো। ইয়াৰ অৰ্থ হৈছে আপুনি মোক আঘাত কৰিবলৈ একো কৰিব নোৱাৰে।"
"আপুনি যি কৰিব লাগিব সেয়া কৰক, যেতিয়ালৈকে আপুনি যি কৰিব বিচাৰে, সেয়া কৰিব নোৱাৰে।"
– ডেনজেল ৱাশ্বিংটন
"মই শিকিছোঁ যে প্ৰতিটো পৰাজয়ৰ পৰা গঠনমূলক কিবা এটা আহে,"
– টম লেণ্ড্ৰী
"যদি মই পৰি যাওঁ তেন্তে কি হ'ব? ওহ, কিন্তু মোৰ প্ৰিয়, যদি আপুনি উৰি যায় তেন্তে কি হ'ব?
– এৰিন হেনচন
"যেতিয়া লোকসকলক আৰ্থিকভাৱে বিনিয়োগ কৰা হয়, তেওঁলোকে ঘূৰাই বিচাৰে। যেতিয়া লোকসকলক আৱেগিকভাৱে বিনিয়োগ কৰা হয়, তেওঁলোকে অৱদান আগবঢ়াব বিচাৰে।"
– চাইমন চাইনেক
"যদি আপুনি আন কাৰোবাৰ বাবে চাকি জ্বলায়, ই আপোনাৰ পথো উজ্জ্বল কৰিব।"
– বুদ্ধ
"যি উপযোগী সেয়া অৱশোষণ কৰক, ইয়াৰ অপ্ৰয়োজনীয় বস্তুবোৰ বৰ্জন কৰক আৰু আপোনাৰ সেয়া নিজৰ সৈতে যোগ দিয়ক।"
– ব্ৰুছ লী
"আমি সীমিত হতাশা স্বীকাৰ কৰিব লাগিব, কিন্তু কেতিয়াও অসীম আশা হেৰুৱাব নালাগে।"
– মাৰ্টিন লুথাৰ কিং
সংগ্ৰহ