আজিৰ পৰা প্ৰায় ৫৭০ বছৰ আগৰ অসমখন এনে এটা ধৰ্মীয়, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, তথা সাংস্কৃতিক বিশৃংখলতাৰ জটিল সন্ধিক্ষণত অৱস্থান কৰিছিল যে তাৰ পৰা সহজে পৰিত্রাণ পোৱাটো সাধাৰণ মানুহৰ বাবে অত্যন্ত দুৰূহ আছিল। নানা দেৱ-দেৱীৰ উপাসনা, দান-দক্ষিণা, বহু ভক্তিবাদ, বলি-বিধান, ভোজনী আদিৰ দৰে ক্রিয়াবাহুল্যতা তথা জাতি-অজাতি, উচ্চ-নীচৰ বিচাৰ, অস্পৃশ্যতাবাদ, বেজ-বেজালি, ডাইনী আদি অন্ধবিশ্বাসৰ কৰালগ্রাসত পৰি একপ্ৰকাৰে সেই সময়ৰ অসমৰ সাধাৰণ নিৰক্ষৰ, কৃষিজীৱী অসমীয়া লোকসকল প্রায় সকলো দিশৰ পৰা কোঙা হৈ গৈছিল। ঠিক তেনে এক জটিল ক্ষণতে এইখন পুণ্যভূমি অসমৰে নগাঁও জিলাৰ বৰদোৱাত বাৰভূঞাৰ বংশত আৱিৰ্ভাৱ হয় এটি সৰ্বগুণ সম্পন্ন মহাজ্যোতিষ্কৰ- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। কুসুম্বৰৰ ঔৰসত আৰু সত্যসন্ধ্যাৰ উদৰত জন্ম লৈ এইজন দেৱতা হেন শংকৰদেৱে সেই সময়ৰ অসমত বোৱাই আনিলে বৈকুন্ঠৰ অমৃতময় হৰিনামৰ নদী। য'ত স্নান কৰিলেই সৰ্বসাধাৰণৰ মুক্তিৰ পথ সুগম হয়। শংকৰদেৱৰ আৱিৰ্ভাৱে তেতিয়াৰ অসমত সূচনা কৰিছিল এক নৱ স্বণির্ল অধ্যায়ৰ। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গুৰুৰূপে তেৰাই অসমীয়া জাতিটোৰ অন্তর্ভাগত বৈকুণ্ঠৰ কল্পতৰু হেন এনে এজোপা বটবৃক্ষৰ অমৃতৰূপী বীজ ৰূপন কৰি থৈ গৈছে, যিজোপা বৃক্ষই পৰৱর্তি সময়ত ডালে-পাতে পৰিপূর্ণ হৈ অসমীয়া জাতিটোক যুগ-যুগান্তৰলৈকে মহীয়ান কৰি থৈ গ'ল। মানৱ জাতিৰ কল্যাণার্থে অজ্ঞানতাৰ তিমিৰ নাশি তেওঁ মুক্তি তথা পৰিত্রাণৰ সহজ-সুগম পথ প্ৰশস্ত কৰি তুলিছিল।
দ্বাপৰ যুগৰ দৈৱকী নন্দন
কলিত কুসুম্বৰ ঘৰে।
কৃষ্ণেসে শংকৰ স্বৰূপ ধৰিয়া
জগত উদ্ধাৰ কৰে।
পৃথিৱীৰ বহুতো দাৰ্শনিক-পণ্ডিতে ধর্মৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে। আমাৰ ক্ষুদ্ৰ জ্ঞানৰে কওঁ যে ধর্ম সেইয়ে, য'ত মানুহ আছে, মানুহৰ এখন সমাজ, য'ত সকলোৱে ন্যায্যতা পায়। ক্রিয়াবাহুল্যতাৰ বিপৰীতে সহজ-সৰল ভক্তিমার্গ, ঈশ্বৰ প্রাপ্তিৰ য'ত সন্ধান আছে, য'ত জাতি-অজাতিৰ নামত কোনো প্রভেদ নাই। তাৰ পৰিৱৰ্তে কুকুৰ-শিয়াল প্রভৃতি অন্যান্য প্রাণীসমূহতো ঈশ্বৰ ব্যাপী আছে বুলি প্রণাম কৰা হয়, সেইয়াই প্রকৃততে ধর্ম। শংকৰদেৱে সেয়ে কৈছে-
কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্রণাম।।
(কীর্তন ঘোষা) সকলো প্রাণীৰে প্রতি সমদৃষ্টি প্রদান তথা মানৱীয় প্ৰমূল্যবোধেৰে এখন সর্বোপৰি মানৱ সমাজ গঠন কৰাৰ মানসেৰে শংকৰদেৱে বেদ-বেদান্ত, গীতা-ভাগৱতৰ অক্ষয় বাণীৰে পৰিপুষ্ট হৈ অসমভূমিত এক মহান ধর্মৰ প্রচলন কৰি থৈ গৈছে। আৰু সেই ধর্মৰ নামেই হৈছে 'নৱ বৈষ্ণৱ ধৰ্ম'। যাক একশৰণ হৰিনাম ধর্ম বা মহাপুৰুষীয়া ধৰ্ম নামেৰেও অভিহিত কৰা হয়। গুৰুজনাৰ মতাদর্শ তথা ৰচনাৰাজিত এই কথা পৰিস্ফুট যে মানৱতাৰ ফালৰ পৰা তেওঁৰেই প্ৰচাৰিত একশৰণ হৰিনাম ধর্ম কোনো গুণে ব্যতিক্ৰম নহয়। এইয়ে শুদ্ধ, সত্য, নিত্য, সনাতন ধৰ্ম। সকলো ধর্মৰে ৰজা। ইয়াতে অন্তর্নিহিত হৈ আছে মানৱৰ মুক্তিৰ সুগম পথৰ সন্ধান। এই ধর্মতে বিদ্যমান হৈ আছে এখন সুস্থ-সবল মানৱ সমাজ। য'ত কোনো উচ্চ-নীচৰ বিচাৰ নাই। বহু ভক্তিবাদৰ বিপৰীতে এক ঈশ্বৰ কৃষ্ণৰ সহজ-সৰল ভক্তি, যাৰ দ্বাৰা মানৱ জাতিয়ে জীৱনৰ চৰম সুখ মুক্তি লাভ কৰে। য'ত সমাজৰ হীন-নীচ, অল্পমতি, নিৰক্ষৰ, ধনী-দুখীয়া প্রভৃতি সকলোৱেই সম অধিকাৰ পায়।
শংকৰদেৱ আমাৰ বাবে অকল ধর্মগুৰুৱেই নাছিল। তেওঁ আছিল একেধাৰে সাহিত্যিক, কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, গায়ক, বাদক, সংসাৰী, বৈৰাগী, স্থিতপ্ৰজ্ঞ, দার্শনিক, সমাজ বিজ্ঞানী, পণ্ডিত, তার্কিক। মুঠতে তেওঁ আছিল এজন সকলো প্ৰকাৰৰ গুণেৰে বিভূষিত সর্বগুণাকৰ। গুৰু নানক, হজৰত মহম্মদ, যীচুখ্রীষ্ট, চৈতন্য, শংকৰাচার্য, ছক্রেটিছ আদিৰ দৰে আন আন মহাপুৰুষসকলো হয়তো এইজন শংকৰদেৱৰ সমপৰ্যায়ৰ হ'ব পৰা নাছিল।
খ্রীষ্টিয় চতুৰ্দশ-পঞ্চদশ শতিকাত সমগ্ৰ ভাৰতজুৰি হোৱা নৱবৈষ্ণৱ ভক্তি আন্দোলনে সেই সময়ৰ অসমতো বিস্তৃত প্রভাৱ পেলাইছিল। অসমত ইয়াৰ মূল হোতা অাছিল শংকৰদেৱ গুৰুজনা। তেওঁৰ লগতে সংগ দিয়েহি মাধৱদেৱে। ঘোৰ শাক্তপন্থী মাধৱে গুৰুজনাৰ ধর্ম গ্ৰহণ কৰি অসমীয়াৰ দ্বিতীয়জনা গুৰুৰূপে পৰিগণিত হৈছিল। এই দুই মহামানৱৰ মিলন অাছিল 'মণিকাঞ্চন সংযোগ'। শংকৰৰ লগত মাধৱৰ যিদিনাই মিলন হৈছিল, হয়তো সিদিনাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াই পূৰ্ণতা লাভ কৰিছিল। সূচনা হৈছিল এক নৱ দিগন্তৰ।শংকৰদেৱ আছিল সকলো প্ৰকাৰৰ প্রতিভাৰে বিভূষিত এটি জলন্ত দীপ্তিময় সূর্য। এই সূর্যৰ পোহৰ লাভ কৰিয়ে ঘোৰ শাক্ত মাধৱ চন্দ্রৰূপে উদ্দীপ্ত হৈ বৈষ্ণৱৰ বাবে গুৰুসেৱাৰ এক উজ্জ্বল নিদৰ্শন হৈ উঠিছিল। চিৰকৌমার্য মাধৱে গুৰু শংকৰৰ সেৱাতেই নিজকে নিয়োজিত ৰাখিছিল।
শংকৰদেৱে তেৰাৰ একান্ত প্রপন্ন শিষ্য মাধৱদেৱক লগত লৈ সেই সময়ৰ অসমত সূচনা কৰিছিল এক নৱ স্বর্ণিল অধ্যায়ৰ। শংকৰদেৱৰ বিষয়ে দুআষাৰ ক'বৰ সময়তে হওঁক বা লিখাৰ সময়তে হওঁক, মাধৱদেৱৰ নাম আপোনা আপুনি সাঙুৰ খাই পৰে। কিয়নো মাধৱদেৱক এৰাই চলি শংকৰদেৱে কোনো কাৰণত পৰিপূর্ণতা লাভ নকৰে। দুয়োজন আছিল অভিন্ন হৃদয়ৰ। বহু দেৱ-দেৱীৰ পৰিৱৰ্তে এক দেৱ 'একমেৱাদ্বিতীয়ম', বেদান্তৰ নির্গুণ-নিৰাকাৰ ব্ৰহ্ম, ব্যৱহাৰিক প্রয়োজনত ভাগৱতৰ সগুণ-সাকাৰ কৃষ্ণকে উপাস্য দেৱতা হিচাপে গ্ৰহণ কৰি শংকৰদেৱে প্রচাৰ কৰা একশৰণ ধর্মক মাধৱদেৱে প্রদান কৰিছিল এক অনন্য মাত্ৰা। দুয়োজনাৰ অনবদ্য অৱদান খোল-তাল, গায়ন-বায়ন, নাট-ভাওনা, বৰগীত, নাম-প্রসংগ আদিৰ সুললিত ধ্বনিৰে চৌদিশ গুঞ্জৰিত হৈ উঠিছিল। দুয়োজনাৰ অনুপম সৃষ্টিৰে উদ্ভাসিত হৈ উঠিছিল সেই সময়ৰ বৰ অসমখনি।
শংকৰদেৱে উপনিষদৰ ব্ৰহ্ম, গীতাৰ একশৰণ, ভাগৱতৰ সৎ সংগক আধাৰ হিচাপে লৈ কীর্তন, দশম আদিৰ ৰচনাৰে নামধৰ্ম প্রচাৰ কৰিলে। মাধৱদেৱে ঘোষা, ৰত্নাৱলীৰ ৰচনাৰে সেই ধর্মক সাৰ-পানী যোগাই মানুহৰ মাজলৈ লৈ গ'ল। মানুহেও গুৰু, দেৱ, নাম, ভকত সহিতে এই ধৰ্ম গ্ৰহণ কৰি একশৰণীয়া হ'ল। মুক্তিৰ সুগম পথ তথা ঈশ্বৰ প্রাপ্তিৰ সন্ধান পালে। মানুহৰ মাজত প্রেম, দয়া, মমতা, ক্ষমা, ভাতৃত্ববোধ, বিশ্বাস, সহানুভূতি, সমন্বয়, ঐক্য, সংহতি আদি সৎ গুণবোৰ নাথাকিলে এখন সুস্থ-সবল মানৱ সমাজ বর্ত্তি থকাটো সম্ভৱ নহয়। সেই কাৰণে গুৰু শংকৰদেৱে ভিন্নতাৰ মাজত একতা স্থাপন কৰি পাহাৰ-ভৈয়ামৰ মানুহৰ মাজত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্রভেদ নাৰাখি এখন শ্ৰেণীহীন জাত-পাতৰ উৰ্দ্ধত, সমধিকৰ, সম-মর্যাদা আদি মানৱীয় প্ৰমূল্যৰে ভৰা সমাজ প্রতিষ্ঠাৰ হেতু অহোপুৰুষাৰ্থ কৰিলে। শংকৰদেৱে মুছলমানৰ চান্দসাই, গাৰোৰ গোবিন্দ, মিচিঙৰ ৰমানন্দ, নগাৰ নৰোত্তমকে আদি কৰি সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, বর্ণ-গোষ্ঠীৰ মানুহক একত্ৰিত কৰি অসমীয়া জাতি গঠন কৰাৰ এক অনন্য পৰিৱেশৰ সূচনা কৰিলে। গুৰুজনাই বহুধাবিভক্ত বৈচিত্রময় অসমীয়া সমাজখনক কৃষ্ণ ভক্তিৰ অমিয়া ৰসেৰে উজ্জীৱিত হোৱাৰ আহ্বান জনালে।
কিৰাট কছাৰী খাচী গাৰো মিৰি
যৱন কংক গোৱাল।
অসম মুলুক ৰজক তুৰুক
কুৱাচ ম্লেচ চণ্ডাল।।
আনো পাপী নৰ কৃষ্ণৰ সেৱক
সংগত পৱিত্ৰ হয়।
ভকতি লভিয়া সংসাৰ তৰিয়া
বৈকুণ্ঠে সুখে চলয়।।
(ভাগৱত)
জাতি-কুলৰ বিচাৰক প্রশ্যয় নিদি দাতাজনক যেনে দৃষ্টি, চোৰতো তেনে দৃষ্টি নিক্ষেপ কৰিবলৈ শংকৰদেৱৰ ধর্মই নিৰ্দেশ দিছে।
ব্রাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল।।
(কীর্তন-ঘোষা)
গুৰু শংকৰে অদ্বৈতবাদী একেশ্বৰৰ অস্তিত্বক স্বীকাৰ কৰি সকলো প্রাণীকেই বিষ্ণু জ্ঞান কৰিবলৈ সিদ্ধান্ত দিছে।
সমস্ত ভূততে ব্যাপি আছোঁ মই হৰি।
সবাকো জানিবা বিষ্ণু বুদ্ধি কৰি।।
(কীর্তন-ঘোষা)
ভক্তিৰ মাজেৰেই জীৱন সাৰ্থক হয়। এক দেৱ কৃষ্ণৰ ভক্তিয়েই সর্ব ধর্মৰ শিৰোমণি। নির্মল-নিষ্কাম ভক্তিৰে পূজিলেই ঈশ্বৰ সন্তুষ্ট হয়। ভক্তি বিনে ঈশ্বৰ উপাসনাৰ অন্য শ্ৰেষ্ঠ উপায় নাই। শংকৰদেৱে একশৰণ হৰিনাম ধৰ্মৰ প্ৰচলনৰ যোগেদি ক্রিয়া বহুল নীতি-নিয়মক বৰ্জন কৰি কেৱল কৃষ্ণৰ ভক্তিকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিছে।
ভকতিসে মাতা ভকতিসে পিতা
ভকতিসে বন্ধুজন।
ভকতি সুহৃদ সোদৰ বিধাতা
ভকতিসে মহাধন।।
ভকতিসে গতি ভকতিসে মতি
ভকতিসে দেৱ নিজ।
ভকতিসে চিত্ত ভকতিসে বিত্ত
ভকতি মোক্ষৰ বীজ।।
(আদি দশম)
মাধৱদেৱে জীৱনৰ চৰম সুখ মুক্তিকো আওকাণ কৰি কেৱল ৰসময় ভক্তিহে বিচাৰিছিল।
মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহোঁ ভকতি।
(নাম-ঘোষা)
শংকৰদেৱৰ উদাৰ মানৱতাবাদে অন্য ধর্ম এৰি এক শৰণ নাম ধর্ম গ্ৰহণ কৰিবলৈ কৈছে যদিও অন্যান্য ধর্ম সমূহৰ প্রতি হিংসাভাৱ পৰিহাৰ কৰিবলৈও উপদেশ দিছে।
পৰৰ ধর্মক নিহিংসিবা কদাচিত।
কৰিয়ো ভূতক দায়া সকৰুণ চিত।।
(কীর্তন-ঘোষা)
ঘৰতে থাকি গাৰ্হস্থ্য জীৱন বর্তাই ৰাখিও নীতি-নিয়ম সহিতে ভগৱন্তৰ ভক্তিত মজি থকাটোৱেই শ্ৰেষ্ঠ ধৰ্ম বুলি গুৰুজনাই সিদ্ধান্ত দিছে। ঈশ্বৰ তুষ্টিৰ বাবে গেৰুৱা বসন পৰিধান কৰি জটাধাৰী হৈ অ'ত ত'ত বৈৰাগী নাম লৈ ঘূৰি নুফুৰিললেও হয়। কামনা-ৰহিত হৈও কর্ম আচৰণ কৰি ঘৰতে ঈশ্বৰ তুষ্টিৰ হেতু ভক্তিত নিয়োজিত থকাজনেই প্রকৃত বৈৰাগী বা স্থিতপ্ৰজ্ঞ। শংকৰ গুৰুৱে গৃহ ধর্মৰ সমান শুদ্ধ ধর্ম নাই বুলি তাকে সুচাৰুৰূপে পালিবলৈ নির্দেশ দিছে।
গৃহস্থী ধর্ম সম আউৰ ধর্ম নাই।
নিয়মে সংযমে পালিবা সদায়।।
(কীর্তন-ঘোষা)
গুৰুজনাৰ ধর্মই পুৰুষ-মহিলা, বালক-বৃদ্ধ, জাতি-অজাতি সকলোৰে কৃষ্ণৰ ভক্তিত অধিকাৰ আছে বুলি মত দাঙি ধৰিছে।
স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ।
চণ্ডালকো নামে কৰে তেখনে উদ্ধাৰ।। (ভাগৱত)
নাহি ভকতিত জাতি অজাতি বিচাৰ।
কৃষ্ণৰ নামত সমস্তৰে অধিকাৰ।।
(কীর্তন-ঘোষা)
আসুৰিক স্বভাৱ ত্যাগ কৰি সকলো প্রাণীকেই ভগৱান বিষ্ণুৰূপে পূজিবলৈ উপদেশ দিছে।
হেন জানি অসুৰ স্বভাৱ এৰি।
সমস্ত প্রাণীক পূজা বিষ্ণু বুদ্ধি কৰি।।
(কীর্তন-ঘোষা)
পাহাৰ-ভৈয়ামৰ নানা জাতি-জনজাতিৰ মাজলৈ গৈ শংকৰদেৱে সমাজত মানৱীয় প্ৰমূল্য অটুট ৰাখিবলৈ যথেষ্ট ত্যাগ-কষ্ট স্বীকাৰ কৰি গ'ল। মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যাওঁতেই তেওঁ এচাম ধর্মভ্রষ্টৰ প্রৰোচনাত ৰাজৰোষতো পৰিব লগা হৈছিল। কিন্তু সকলো বাধা নেওঁচি তেৰাই জগতত প্ৰতিষ্ঠা কৰি গ'ল শুদ্ধ, সত্য, সনাতন, মানৱ ধর্ম।
ইদং মানুষং সর্বেষাং ভূতানাং মধু।
তস্য মনুষস্য সর্বানি ভূতানি মধু।।
অর্থাৎ মানুহেই সমস্ত ভূতৰ মধু, সমস্ত ভূতৰ মধু মানুহৰ কাষলৈ আহাঁ। ইয়াত মানুহৰ জাতি-কুলৰ কথা শাস্ত্ৰই কোৱা নাই। কেৱল মানুহৰ কাষলৈ আহিবলৈ কৈছে।
জগত গুৰু শংকৰদেৱেও অকল অসমীয়া জাতিলৈকে নহয়, সমগ্ৰ মানৱ জাতিলৈ একেই মানৱতাবাদী বাণী এক শৰণ হৰিনাম ধৰ্মৰ জৰিয়তে বিলাই থৈ গৈছে। উদাৰ মানৱতাবাদী দৃষ্টিৰে সমাজৰ প্রতিজনৰে প্রতি সৎভাৱ ৰখাটোৱেই মানুহৰ মানুষিক আচৰণ। আসুৰিক, তামসিক, জাতি-অজাতিৰ বিচাৰ, হিংসা, দ্বেষ, ঈৰ্ষা, কাম, ক্রোধ, লোভ, মোহ, দন্দ্ব-খৰিয়াল আদি মানুহৰ আচৰণ নহয়।
ন মনুষ্যৎ হি পৰম দেৱঃ।
অর্থাৎ মানুহতকৈ শ্ৰেষ্ঠ দেৱতা নাই। বিচাৰিলে মানুহৰ মাজতে ঈশ্বৰক পাব। আৰু গুৰুজনাইয়ো প্রকাৰান্তৰে তাকে প্রত্যয় নিয়াবলৈ চেষ্টা কৰি গ'ল। কিন্তু আউল লাগে তেওঁৰ বৈকুণ্ঠ প্রয়াণৰ পাছতহে। শংকৰদেৱে এক শৰণ হৰিনাম ধৰ্মৰ ভাৰখন তেওঁৰ প্রিয় শিষ্য মাধৱদেৱৰ হাততে অর্পণ কৰি থৈ যায়। এনে কার্যতে ক্ষুব্ধ হৈ শংকৰ গুৰুজনাৰ ব্রাহ্মণ শিষ্য দামোদৰদেৱে এক শৰণ ধর্মৰ পৰা ফালৰি কাটি আহি সৃষ্টি কৰে অন্য এক পন্থাৰ। যাক 'দামোদৰীয়া পন্থা' বুলি অভিহিত কৰা হয়। ইয়াৰ পৰাই অসমখন পুনৰ ছেদেলি ভেদেলি হৈ যোৱাৰ উপক্ৰম ঘটিল। মহাপুৰুষ গুৰুজনাৰ প্রয়াণৰ পাছতে অসমৰ বৈষ্ণৱ ধৰ্মত পুৰুষ, নিকা, কাল আৰু ব্রহ্ম এই চাৰি সংহতিৰ সৃষ্টিৰে বিভেদৰ প্রাচীৰ ঠিয় কৰোৱা হ'ল। সত্রৰ সত্ৰাধিকাৰে নিজকে নিজে গুৰু বুলি সমাজত জাহিৰ কৰিবলৈ ধৰিলে। এক শৰণ নাম ধর্মত শংকৰদেৱৰ মতৰ পৰিপন্থী হৈ সোমাই পৰিল দান-দক্ষিণা, ভোজনী, হোম, দহা, পিণ্ডদান আদিৰ দৰে কৰ্মকাণ্ড। গুৰুবাণীৰ বিকৃত ব্যাখ্যা আগবঢ়োৱা হ'ল। মহাপুৰুষীয়া আৰু দামোদৰীয়া, এই দুই ভাগেৰে অসমৰ বৈষ্ণৱ সমাজখন বিভক্ত হৈ পৰিল। পুৰোহিত শ্ৰেণীৰ একাংশই শংকৰী ধর্মক হেয় প্ৰতিপন্ন কৰিবলৈ মানুহৰ মাজত অপপ্ৰচাৰ চলাবলৈ ধৰিলে। এই বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীত পোৱা যায়- " শ্ৰীমন্ত শংকৰদেৱ স্বৰ্গগামী হোৱাৰ পাছতহে দামোদৰদেৱে বামুণীয়া ভাঁজ সোমোৱালে। তেনে হোৱাত মাধৱদেৱ বিৰক্ত হৈ দামোদৰদেৱৰ সৈতে সম্পৰ্ক পৰিত্যাগ কৰে। ব্রহ্ম সংহতিত ব্ৰাহ্মণ্য আচাৰ-নীতিত গুৰুত্ব দিয়া হয়। দামোদৰীয়া সত্রকেইখনত শংকৰ-মাধৱক ইমানেই হেয় জ্ঞান কৰিবলৈ ধৰিলে যে মাজুলীৰ এখন সত্রৰ সত্ৰাধিকাৰ জনে ভকতক হালৰ গৰুহালৰ নামো শংকৰ-মাধৱ ৰাখিবলৈ উৎসাহিত কৰিছিল। কোনো কোনো দামোদৰীয়া সত্রৰ সত্ৰাধিকাৰে শংকৰদেৱক 'দেৱ' বোলাটো উচিত নহয়, আতাহে বুলিব লাগে বুলি যুক্তি দর্শাইছিল। কাৰণ বামুণৰ বাদে আনে দেৱ লিখিব নোৱাৰে। "
এচাম ভ্ৰষ্টাচাৰীয়ে কীর্তন-ভাগৱতৰো অপব্যাখ্যা আগবঢ়ালে। সত্র-নামঘৰ সমূহত পুনৰ সোমাই পৰিল জাতি-অজাতি, উচ্চ-নীচৰ বিচাৰ। ক্রিয়াবহুল নীতি-নিয়মেৰে সাধাৰণ শ্ৰেণীৰ মানুহক ঠগ-প্ৰৱঞ্চনা কৰিবলৈ ধৰিলে নিজকে উচ্চ শ্ৰেণীৰ বুলি জাহিৰ কৰি ফুৰা এচাম পুৰোহিতে। সহজ-সৰল মানুহবোৰে পূৰ্ব পুৰুষৰ পৰম্পৰা এৰিব নাপায় বুলিয়ে ঈশ্বৰ প্রাপ্তিৰ সুগম পথৰ পৰা ভ্রষ্ট হ'ব লগা হ'ল। সমগ্ৰ অসমীয়া জাতিটোৱেই সোমাই পৰিল পুনৰ এক অত্যন্ত দুৰ্ভেদ্য বেহুৰ মাজত। গোৱৰৰ শান্তি পানী পান কৰি হয়তো অসমীয়াই হেৰুৱালে নিজ বিচাৰ-বিবেচনাৰ জ্ঞান। আজিৰ দিনত অলিয়ে গলিয়ে ধনৰ অপব্যয়েৰে নানা দেৱ-দেৱীৰ পূজা অনুষ্ঠিত হয়। পিছে সমাজখন কিমান অপৰাধ মুক্ত হ'ল? বছৰী নানান পূজা-পাতল অনুষ্ঠিত কৰাৰ পাছতো দেখোঁন তাহানিৰ গৌৰৱোজ্বল অসমীয়া সভ্যতাক কিছুমান অসভ্যতাৰ কলুষ-কালিমাই আৱৰি ধৰিছে! এইবোৰ কোনোবাই বিশ্লেষণ কৰি চাইছেনে?
শংকৰদেৱে নিজ বিচক্ষণতাৰে নানা কলা-কৃষ্টিৰ সৃষ্টিৰে ধর্ম প্রচাৰ কৰি গ'ল। বৈজ্ঞানিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিলে দেখা যাব যে তেৰাই প্রৱর্তন কৰা ধর্মৰ সমান আন এটা পৰম পৱিত্ৰ ধর্ম নাই। আচাৰ্য বিনোৱা ভাৱে কৈছিল যে- " মই বহুতো ধর্মৰ বিষয়ে অধ্যয়ন কৰিছোঁ। কিন্তু শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ নিচিনা উদাৰ ধর্ম এই পৰ্য্যন্ত ক'তো পোৱা নাই। " মহাত্মা গান্ধীয়েও কৈছিল- " যি ধর্মৰ অৱলম্বন কৰি মই ৰাম ৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈ সুন্দৰ আৰ্হি শ্ৰীমন্ত শংকৰদেৱে ৫৹৹ বছৰ পূৰ্বেই অসমবাসীক দি থৈ গৈছে। "
শংকৰদেৱে শাস্ত্ৰৰ তত্বক মর্মে মর্মে উপলব্ধি কৰি ধর্ম প্রচাৰ কৰি গ'ল। কিন্তু এচাম দিগভ্রান্ত অসমীয়া নৱপ্ৰজন্মৰ কাণ্ড কাৰখানা দেখিলে আচৰিত হ'ব লাগে। আনক গুৰু বুলি ভক্তিত গদগদ হৈ এইচামে শংকৰদেৱৰ মতাদর্শক তাচ্ছিল্য কৰাও দেখা যায়। এইখিনিতে মাধৱদেৱৰ এজোকা ঘোষা প্ৰণিধানযোগ্য।
শংকৰে সংশয় ছেদি শাস্ত্রৰ তত্বক ভেদি
প্রচাৰিল কৃষ্ণৰ ভকতি।
তাংক এৰি কি কাৰণে আনক বোলয় গুৰু
কিনো লোক মহা মূঢ়মতি।।
(নাম-ঘোষা)
পণ্ডিত গিৰিধৰ শৰ্মাই কৈছিল-" মহাপুৰুষ শংকৰদেৱে অসমত সাৰ্বজনীন উদাৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিলে। সর্বজন প্ৰিয় সমাজ সংস্কাৰ আৰম্ভ কৰিলে। তেওঁৰ প্রতিষ্ঠিত ধর্মত তথা সমাজ সংস্কাৰত কোনো সংকীর্ণতাৰ স্থান নাই। ইয়াত উচ্চ-নীচ, জাতি-বর্ণ ,ধনী-দুখীয়াৰ কোনো ভেদাভেদ নাই। সকলো সমান, সকলো জীৱতেই বিষ্ণু বৰ্তমান। তেওঁৰ প্রতিষ্ঠিত ধর্ম আৰু সমাজ সংস্কাৰে হিন্দু-মুছলমান, মিৰি-মিকিৰ, গাৰো-নগা সকলোৰে সংহতি স্থাপন কৰি সকলোকে আকোঁৱালি ল'লে। জাতীয় সংহতিৰ উৎকৃষ্ট পটন্তৰ ইয়াতকৈ আৰু কি হ'ব পাৰে? " এইজনা জগত গুৰু শংকৰদেৱৰ বিশাল সূৰ্যসম সৃষ্টিৰাজিক বিশ্ব দৰবাৰত শুদ্ধ আৰু সঠিক ৰূপত প্ৰতিষ্ঠা কৰাত আমি সফল হৈছো জানো? এয়া বিচাৰ-বিশ্লেষণ কৰি চোৱাৰ প্রয়োজন নিতান্তই আছে। সাম্প্ৰতিক সময়ত গুৰুজনাৰ ধর্ম-সংস্কৃতিক জনমানসত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে তেওঁৰ নামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰো জন্ম হৈছে। কিন্তু সকলোৱে যদি ঐক্যমতত উপনীত হৈ সময়োপযোগী পদক্ষেপৰে আগবাঢ়ি যাব নোৱাৰে, তেন্তে গুৰুজনাৰ সৃষ্টিৰাজিয়ে বিশ্ব সভ্যতাত কেতিয়াও নিজৰ শ্ৰেষ্ঠত্বক প্ৰতিষ্ঠা কৰিব নোৱাৰে, সেয়া ধুৰূপ।
✍ অবিনাশ বৰা
দেৰগাঁও, গোলাঘাট
ফোনঃ ৮৮২২৩১৩০১৯
©All Right Reserved