সহায়
শেৱালি আৰু জুৰি একেখন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্রী। দুয়ো পঢ়া-শুনাত বৰ চোকা। ষষ্ঠ শেণীৰ পৰা শেৱালিয়ে দ্বিতীয় স্থান আৰু জুৰিয়ে প্রথম স্থান পাই সপ্তম শ্রেণীলৈ উত্তীৰ্ণ হৈছে। জুৰিয়ে সকলো বস্তুৱেই পাইছিল দেউতাকৰ পৰা। দুখ-কষ্ট আদি কথাবিলাকৰ বিষয়ে বুজিয়েই পােৱা নাছিল।
শেৱালিয়ে কিন্তু পঢ়াৰ সামগ্ৰীটো বাদেই, পেট ভৰাই খাবলৈ এসাঁজ ভাতৰ বাবেও বহুত চিন্তা কৰিবলগীয়া হৈছিল। সেয়ে শেৱালিয়ে জুৰিহঁতৰ বাৰীৰ ৱালখনৰ ফালেও চাবলৈ সাহস কৰা নাছিল। জুৰিয়েও শ্রেণীৰ সময়ৰ বাদে শেৱালিক বাটে-পথে লগ পালেও মাতিবলৈ আপচোচ কৰিছিল। ফেব্ৰুৱাৰীৰ প্রথম সপ্তাহত জুৰিৰ মাক- দেউতাক কাজিৰঙাৰ হস্তী মহােৎসৱলৈ গৈছিল, লগত জুৰিকো লৈ গৈছিল। সিহঁতৰ গাড়ী কাজিৰঙা পােৱাৰ আগতে এটি দুর্ঘটনা হ’ল। দুর্ঘটনাত জুৰিৰ সো-ভৰিটোত দুখ পালে। বহু চিকিৎসা কৰাৰ পাছত তাইৰ বর্তমান ভাল হৈছে। মে’ মাহলৈকে তাই বিদ্যালয়লৈ যাব নােৱাৰিলে। আজি তাই বিদ্যালয়লৈ আহিছে। বিদ্যালয়লৈ নহা বাৰে জুৰিৰ বিদ্যালয়খনি অচিনাকি যেন লাগিল। তাই আজি শ্ৰেণীত শিক্ষকসকলে কোৱা কথাবিলাক একোৱেইবুজি নাপালে, কাৰণ পাঠবিলাক বহু আগবাঢ়ি গৈছিল। গােট পৰীক্ষা কাইলৈৰ পৰা। জুৰিৰ মনটো বৰ বেয়া লাগিল। কাৰণ তাই গােটৰ পৰীক্ষা দিব লাগিব একো নজনাকৈয়ে। কোনােদিনে কম নম্বৰ নােপােৱা তাই কেনেদৰে পৰীক্ষা দিব। ৰিক্রেচনত লাহে লাহে শেৱালি জুৰিৰ ওচৰলৈ আহিল। শেৱালিক দুর্ঘটনাৰ বিষয়ে সুধিবলৈ গৈ কিন্তু তাই ৰৈ দিলে। কি বুলিনাে আৰম্ভ কৰিব। কাৰণ তাই আগতে জুৰিৰ সৈতে কথা-বতৰা কম কৰিছিল। তেনেতে জুৰিয়ে শেৱালিক দেখি হু হু কৈ কান্দি দিলে। তাই শেৱালিক হাতত ধৰি ক'লে, ‘তুমি মােক অলপ সহায় কৰিবা? তুমি তােমাৰ বহীবিলাক মােক চাবলৈ দিবা? কি পঢ়াইছে মােক ক’বানে?’ দুয়াে বহু কথা হ’ল। শেৱালিয়ে মনতে ভাবিলে আজিলৈকে ইমান ডাঙৰ মানুহে তাইক এনেদৰে অনুৰােধ কৰা নাই। তাই আজি নিজেও
প্রস্তুত হ’ল জুৰিক সহায় কৰিবলৈ। জুৰিক আজি যিখিনি লাগে দেউতাকে তাইক বজাৰৰ পৰা সেইখিনি আনি দিব নােৱাৰে।

✍ আশাপূৰ্ণা শৰ্মা
©All Right Reserved